ashomiyapatrika.com

বকোত নিলীমা ৰাভাৰ বস্ত্ৰশিল্পই আকৰ্ষণ কৰিছে গ্ৰাহককঃ পাট-মূগাৰ ভিন্ন প্ৰকাৰৰ কাপোৰ উভৈনদী বিপনীত

0 36

বকোঃ কামৰূপ জিলাৰ বকোত এগৰাকী সাধাৰণ মহিলাই দৃষ্টি আকৰ্ষন কৰিছে সকলোৰে। ৰাজ্যৰ লগতে বহি: ৰাজ্যতো চৰ্চা মহিলা গৰাকীৰ শিল্পকৰ্মৰ। উল্লেখ্য যে হস্ততাঁত বস্ত্ৰশিল্পত চহকী মহিলা গৰাকীৰ নাম নীলিমা ৰাভা। জিলা খনৰ বকো ৰাজহ চক্ৰৰ অন্তৰ্গত পয়ৰাঙ্গা গাঁওৰ মহিলা শিপিনী নিলীমা ৰাভাই থলুৱা বস্ত্ৰ প্ৰস্তূত কৰি নিজৰ লগতে আন দহ ঘৰ পৰিয়ালক দিছে অন্ন। নিলীমা ৰাভাই আজি সাংবাদিকক জনোৱা মতে শৈশৱত ঘৰতে শিকা ক’লাৰ বৰ্তমান কৰিছে প্ৰসাৰ আৰু বিস্তাৰ। ঘৰতে হস্ততাঁতৰ কাম আৰম্ভ কৰি বৰ্তেমানে ৭ ৰ পৰা ১০ টা পৰিয়ালক দি আছে উপাৰ্জনৰ পথ। গাওঁ অঞ্চলৰ পৰা

ৰাজ্যলৈ, ৰাজ্যৰ পৰা বহি: ৰাজ্যলৈ বৰ্তমানে চৰ্চা লাভ কৰিছে নিলীমা ৰাভাই । নিলীমা ৰাভাই হস্ততাতৰ বিপনীৰ জঢ়িয়তে বিশেষ সমাদৰ লাভ কৰিছে । ইফালে বকো উন্নয়ণ খণ্ডৰ কাৰ্য্যালয় প্ৰাংগণত আৰম্ভ কৰিছে ঘৰুৱা তথা থলুৱা পাট-মূগাৰ ভিন্ন প্ৰকাৰৰ কাপোৰ বিক্ৰী কেন্দ্ৰ। জানিব পৰা মতে বকো উন্নয়ণ খণ্ডৰ অন্তৰ্গত চাৰিটা চি এল এফ গোটৰ সহযোগত আৰু নিলীমা উইভিং চেন্টাৰৰ উদ্যোগত থলুৱা হস্ততাত তথা হেণ্ডলুম বিপনী মুকলি কৰা হৈছে। বিপনী খনত গ্ৰাহকৰ ভিৰ পৰিলক্ষিত হৈছে।

Leave A Reply

Your email address will not be published.