বকোৰ কালিয়াবড়ীত পিতৃ সম্পত্তিৰ পৰা বঞ্চিত কৰা অভিযোগ কণিষ্ঠ ভাতৃৰঃ গোপনে জমি বন্ধকত থৈ জ্যেষ্ঠ্য ভাতৃয়ে ল’লে গৃহ লোণ
বকোঃ কামৰূপ জিলাৰ বকোৰ কালিয়াবড়ীত এক দুখজনক ঘটনা সংঘটিত কৰা খৱৰ পোহৰ হৈছে। পৰিয়ালৰ ভাই ভনীক বঞ্চিত কৰি জ্যেষ্ঠ্য ভাতৃয়ে পিতৃ সম্পত্তিৰ উত্তৰাধিকাৰী হৈছে। আজি কণিষ্ঠ ভাতৃ চফিউল হুছেইনে সাংবাদিকক অৱগত কৰে যে প্ৰয়াত পিতৃ ইব্ৰাহিম আলীৰ স্থাৱৰ অস্থাৱৰ সম্পত্তিৰ পৰা মোক আৰু বাইদেউক বঞ্চিত কৰি উত্তৰাধিকাৰী হৈছে জ্যেষ্ঠ ভাতৃ ইমৰাণ হুছেইন। ইফালে ইব্ৰাহিম আলীৰ কণিষ্ঠ পুত্ৰ ছফিউল হুছেইনে জনোৱা মতে তেওঁলোকৰ জমি ৩৫০ নং পাট্টাৰ ৭৭২ নং দাগৰ মাটি বন্ধকত থৈ ইমৰাণে গৃহ লোণ লৈছে। এই লৈ সংকিত হৈ পৰিছে ভাতৃ ছফিউল হুছেইন আৰু পৰিয়াল বৰ্গই। এই ঘটনাক লৈ বকো
আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। ইফালে ছফিউল হুছেইন আৰু বায়েকে অভিযোগ উত্থাপিত কৰে যে আমাৰ অজ্ঞাতে ডাঙৰ ভাই ইমৰান হুছেইনে বকো ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয়ত ২৮ এপ্ৰিল ২০২২ ত আপোচ বাটোৱাৰা কেছ নং কে এ এম / বি এ কে / ২১/২২.ৰ ১০২৬২৫ / এফ পাৰ্ট ৰ হুকুম মৰ্মে মাটিৰ পাট্টা কৰা হয়। ইয়াৰ পিছতে ১১ জানুৱাৰী/ ২০২৩ ৰ ১৪৬১২৪ ৰ হুকুম মৰ্মে ইব্ৰাহিম আলীৰ স্থানত ইমৰাণ আলীৰ নামত নামজাৰি কৰা হয়। এই ক্ষেত্ৰত চৰকাৰী বিষয়া কৰ্মচাৰী সকলোৰ ভূমিকা ৰহস্যজনক বুলি গুৰুতৰ অভিযোগ উত্থাপিত কৰে।