ashomiyapatrika.com

অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পানী পৰীক্ষাগাৰ কৰ্মচাৰী সকলোৰ সমস্যা সমাধানৰ দাবীত ক’লা বেজ পৰিধান কৰি প্ৰতিবাদী কাৰ্য্যসূচী

0 109

বকোঃ ৰাজ্য চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অন্তৰ্গত বিশুদ্ধ খোৱা পানী পৰীক্ষাগাৰ কৰ্মচাৰী সকলোৰ চৰকাৰী দা দায়িত্ব পালন কৰাৰ ক্ষেত্ৰত ভিন্ন সমস্যা হোৱা গুৰুতৰ অভিযোগ উত্থাপন কৰে সদৌ অসম পানী পৰীক্ষাগাৰ কৰ্মচাৰী সন্থাই। লগতে পানী পৰীক্ষাগাৰ কৰ্মচাৰী সন্থাৰ মুখ্য দাবী সমুহ অতি শীঘ্ৰে সমাধান কৰিবলৈ দাবী উত্থাপন কৰি আজিৰ পৰা ছয় দিনীয়া প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰে। সুদীৰ্ঘ দিন ধৰি চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক বহু আবেদন নিবেদন কৰিও সুফল নপোৱাত চৰকাৰে কৰা বঞ্চনা আৰু প্ৰতাৰণাৰ বাবে ক্ষোভিত হৈ যোৱা ১ জুলাইৰ পৰা ৬ জুলাই লৈ ক’লা বেজ পৰিধান কৰি ছয় দিনীয়া প্ৰতিবাদী কাৰ্য্যসূচী

ৰূপায়ণ কৰে বুলি জানিব দিয়ে সদৌ অসম পানী পৰীক্ষাগাৰ কৰ্মচাৰী সন্থাৰ সভাপতি হিতেশ তালুকদাৰ, সাধাৰণ সম্পাদক ইন্দ্ৰজীৎ দাসে। চৰকাৰৰ পানী পৰীক্ষাগাৰ কৰ্মচাৰী সন্থাৰ সভাপতি/ সম্পাদকে জনোৱা মতে জনস্বাস্থ্য কাৰিকৰী বিভাগত পানী পৰীক্ষাগাৰ কৰ্মচাৰী হিচাপে নিযুক্তি পোৱা প্ৰায় তিনি শ কৰ্মচাৰীৰ চাকৰিৰ দায়িত্ব পালনৰ ক্ষেত্ৰত হোৱা সমস্যা সমুহ সমাধান কৰাৰ ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষ নিচ্ছুপ। চৰকাৰৰ মন্ত্ৰী বিধায়ক তথা বিভাগে কেৱল প্ৰতাৰণা আৰু বঞ্চনা কৰি আহিছে। চৰকাৰে যাতে আৰু অধিক দিন পানী পৰীক্ষাগাৰ কৰ্মচাৰী সকলোক বঞ্চিত কৰিব নোৱাৰে তাৰ বাবে এক প্ৰতিবাদী কাৰ্য্যসূচী ঘোষণা

কৰিছে। ইফালে চৰকাৰৰ পানী পৰীক্ষাগাৰ কৰ্মচাৰী সন্থাৰ মুখ্য দাবী সমুহ হ’ল ক্ৰমে – চাকৰিৰ সুৰক্ষা তথা চাকৰি নিয়মীয়াকৰণ কৰা, চাকৰি নিয়মীয়াকৰণ নোহোৱা পৰ্য্যন্ত অন্য বিভাগত কৰ্মৰত ঠিকা ভিত্তিক কৰ্মচাৰী সকলোৰ নিচিনা ROP মতে দৰমহা প্ৰদান কৰা, কৰ্মচাৰী সকলোৰ আন্তঃগাঁথনি উন্নত কৰাৰ উপৰিও কৰ্মক্ষেত্ৰত বিপদ তথা দূৰ্ঘটনাত পতিত হোৱা পৰীক্ষাগাৰ কৰ্মচাৰী সকলোৰ ক্ষতিপুৰণৰ ব্যৱস্থা গ্ৰহণ কৰা, স্বাস্থ্য বীমা তথা নিয়মীয়া স্বাস্থ্য পৰীক্ষা প্ৰদান কৰা আৰু বেংকৰ ঋণ পোৱাৰ সুবিধা প্ৰদান কৰাৰ লগতে কেৱাটাও দাবী উত্থাপন কৰে। ইফালে এই দাবী সমুহ অতি শীঘ্ৰে সমাধান কৰিবলৈ আহ্বান জনাইছে সন্থাটোৱে। লগতে

দীৰ্ঘদিনে চৰকাৰে বিষয়টো গুৰুত্ব প্ৰদান নকৰাৰ প্ৰতিবাদত যোৱা ১ জুলাইৰ পৰা ৬ জুলাইলৈ সকলো জিলা সমিতি আৰু কৰ্মচাৰী সকলোক নিজৰ নিজৰ কাৰ্য্যালয়ত উপস্থিত থাকি ক’লা বেজ পৰিধান কৰি প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰিবলৈ আহ্বান জনাইছে। বকোতো জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্য্যালয়ত ৰূপায়ণ কৰা হয় প্ৰতিবাদী কাৰ্য্যসূচী।

Leave A Reply

Your email address will not be published.