বকোৰ জিলমিল ডান্স এণ্ড এক্টিং ফ্লোৰৰ উদ্যোগত আৰু কলেজ অব এডুকেশ্বন বকোৰ সহযোগত দহ দিনীয়া নৃত্য কৰ্মশালাৰ শুভাৰম্ভ
বকোঃ কামৰূপ জিলাৰ বকোত জিলমিল ডান্স এণ্ড এক্টিং ফ্লোৰৰ উদ্যোগত আৰু কলেজ অব এডুকেশ্বন বকোৰ সহযোগত যোৱা ১ জুলাইৰ পৰা দহ দিনীয়া নৃত্য কৰ্মশালাৰ শুভাৰম্ভনি হৈছে। উল্লেখ্য যে বকোত নৃত্য কৰ্মশালা শুভাৰম্ভণী অনুস্থানত উপস্থিত থাকে অসমৰ জনপ্ৰিয় নৃত্য পৰিচালক অসীম বৈশ্য, অভিনেত্ৰী প্ৰতিমা চৌধুৰী, কলেজ অব এডুকেশ্বনৰ সচিব ড° গণেশ্বৰ চহৰীয়া, অধ্যক্ষ ড° মধুসুধন অধিকাৰীৰ লগতে নৃত্য প্ৰশিক্ষক ক্ৰীচ দাস। ইফালে ৭০ গৰাকী ছাত্ৰ ছাত্ৰীয়ে
অংশগ্ৰহণ কৰে নৃত্য প্ৰশিক্ষণ কৰ্মশালাত। কৰ্মশালা খনি পৰিচালনা কৰে জিলমিল ডান্স এণ্ড এক্টিং ফ্লোৰৰ অধ্যক্ষ তথা নৃত্য পৰিচালক মনোজ মনে। কৰ্মশালাৰ পৰিচালকে জনোৱা মতে ৰাষ্ট্রীয় পৰ্য্যায়ৰ নৃত্য শিল্পী ক্ৰীচ দাস আৰু সঞ্জীব মল্লীকে এই দহ দিনৰ নৃত্য প্ৰশিক্ষণ দিব বুলি জানিব দিয়ে আৰু প্ৰশিক্ষণৰ অন্তত ছাত্ৰ ছাত্ৰীক প্ৰমান পত্ৰ প্ৰদান কৰিব বুলি কৰ্মশালাৰ সহ সম্পাদক লতিফ আলীয়ে জানিবলৈ দিয়ে।