দুৰাপাৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক পূৰ্ণ চন্দ্ৰ বড়োৰ অৱসৰী বিদায়ী সভাঃ অশ্ৰুসিক্ত পৰিবেশেৰে জনালে আনুষ্ঠানিক বিদায়
বকোঃ মানৱ সম্পদ গঢ়া কমাৰশালাৰ দায়িত্ব সামৰি চৰকাৰী নীতিগত কাৰণত অৱসৰ গ্ৰহণ কৰিলে দুৰাপাৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক পূৰ্ণ চন্দ্ৰ বড়োই। উল্লেখ্য যে কামৰূপ জিলাৰ বকো শিক্ষা খণ্ডৰ অন্তৰ্গত দুৰাপাৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক পূৰ্ণ চন্দ্ৰ বড়োক আজি আনুষ্ঠানিক ভাৱে জনোৱা হয় অৱসৰী বিদায়। প্ৰাথমিক বিদ্যালয় খনৰ পৰিচালনা সমিতি আৰু মাতৃ গোটৰ সহযোগত ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱক অভিভাৱিকাৰ উপস্থিতিত আয়োজন কৰা হয় বিদায়ী সম্ভাষণ সভা খন। গাওঁ খনৰ সৰবৰহী ব্যক্তি চন্দ্ৰ প্ৰসাদ ৰাভাৰ সঞ্চালনাত আয়োজন কৰা বিদায়ী সভাৰ আত ধৰে বিদ্যালয় খনৰ পৰিচালনা সমিতিৰ সভাপতি তথা
যুৱ সমাজ কৰ্মী একালব্য ৰাভাই। বিদায়ী সভাত দুৰাপাৰা গঞা ৰাইজৰ লগতে যুৱক সংঘৰ উপৰিও আই মাতৃ সমাজে সহযোগ আগবঢ়াই। শিক্ষক গৰাকীক পৰিচালনা সমিতিৰ তৰফৰ পৰা মানপত্ৰ, জাপি, শৰাই, কিতাপৰ টোপোলা, ফুলৰ থোপা, কলম, ছাটি আদিকে ধৰি বহু সা সামগ্ৰী প্ৰদান কৰা হয়। বিদায়ী সম্ভাষণ সভাত শিক্ষক গৰাকীৰ দায়িত্ব পালন কৰা সময়ত নিষ্ঠা আৰু সততাৰে সেৱা আগবঢ়োৱা কৰ্মৰাজীৰ ওপৰত আলোকপাত কৰা হয়। ইফালে ছাত্ৰ ছাত্ৰীৰ আদৰৰ শিক্ষক গৰাকীক বিদায় জনাৱলৈ পাই সকলোৱেই চকুলো টোকে।