ashomiyapatrika.com

গ্রীষ্মবন্ধত শিক্ষকক বিভাগীয় দায়িত্ব অর্পণৰ বিৰোধিতা সদৌ অসম প্রাথমিক টেট উত্তীর্ণ শিক্ষক সমাজৰ

0 30

সমগ্ৰ শিক্ষাৰ মিছন সঞ্চালকৰ জৰিয়তে বিদ্যালয় শিক্ষা বিভাগৰ সচিবলৈ স্মাৰকপত্র প্রদান কেন্দ্ৰীয় সমিতিৰ

গুৱাহাটীঃ গ্রীষ্ম বন্ধৰ সময়ছোৱাত শিক্ষকসকলক গ্রীষ্মকালীন শিবিৰ, শৈক্ষিক তথা অনা- শৈক্ষিক প্রশিক্ষণ আদি কার্যত নিয়োজিত কৰাৰ পৰা বিৰত থাকিবলৈ আজি সদৌ অসম প্রাথমিক টেট উত্তীর্ণ শিক্ষক সমাজে ৰাজ্যৰ প্ৰতিটো শিক্ষাখণ্ড, জিলা মিছন সমন্বয়কৰ কাৰ্যালয় আৰু সমগ্র শিক্ষাৰ মিছন সঞ্চালকক স্মাৰক পত্ৰ প্ৰদান কৰে। এক বিবৃতি যোগে সংগঠনটোৰ সভাপতি ত্রৈলোক্য ডেকাই কয় যে আজি কেইবছৰমানৰ পৰা শিক্ষা বিভাগে শিক্ষকসকলক গ্রীষ্মবন্ধৰ সময়ত বিভিন্ন বিভাগীয় কামৰ দায়িত্ব অর্পণ কৰি তেওঁলোকে গৰমৰ বন্ধ স্বৰূপে লাভ কৰা অৱসৰৰ সময় কমোৱাৰ এক প্রক্রিয়া চলি আছে, যিটো একপ্ৰকাৰ অন্যায়। ডেকাই লগতে কয়

যে ৰাজ্যৰ আন কৰ্মচাৰী সকলে বছৰত ১২ দিনৰ নৈমিত্তিক ছুটী, ৩০ দিনৰ আৰ্জিত ছুটী, ১০ দিনৰ কমিউটেড লীভ তথা। দ্বিতীয় আৰু চতুর্থ শনিবাৰৰ বন্ধৰ বাবদ ২৪ দিন; সৰ্বমুঠ ৭৬ দিনৰ ছুটী লাভ কৰে। তাৰ বিপৰীতে শিক্ষকসকলে নৈমিত্তিক ছুটীৰ বাবদ ১২ দিন, আৰ্জিত ছুটীৰ বাবদ ১০ দিন আৰু গৰমৰ বন্ধৰ বাবদ ৩০ দিনৰ ছুটী; মুঠ ৫২ দিনৰ ছুটী লাভ কৰি আহিছে। অর্থাৎ শিক্ষক সকলে আন চৰকাৰী কৰ্মচাৰীৰ তুলনাত ২৪ দিনৰ ছুটী এনেই কমকৈ লাভ কৰি আছে। বিবৃতিটোত সংগঠনটোৰ সম্পাদকদ্বয় পার্থ প্রতীম গগৈ আৰু কুলজিৎ ঠাকুৰীয়াই এই বুলি মত ব্যক্ত কৰে যে এনে বহুসংখ্যক শিক্ষক আছে, যিসকলে ঘৰৰপৰা আঁতৰত বহিঃজিলাত

দূৰ দূৰণিত কাম কৰি আছে। তেওঁলোকে এই গৰমৰ বন্ধৰ সময়ছোৱাতে ব্যক্তিগত কাম-কাজ তথা অৱসৰৰ সময় অতিবাহিত কৰাৰ বাবে বিভিন্ন পৰিকল্পনা প্রস্তুত কৰে। তেনেস্থলত শিক্ষকসকলক গ্রীষ্মবন্ধৰ সময়ছোৱাত বিভিন্ন বিভাগীয় দায়িত্ব অর্পণৰ জৰিয়তে তেওঁলোকৰ প্ৰাপ্য ছুটীৰ পৰিমাণ হ্রাস কৰাটো কোনো কাৰণতে যুক্তিসংগত নহয়। বৰঞ্চ এই কাৰ্যৰ জৰিয়তে শিক্ষকসকলক একপ্ৰকাৰ অন্যায়হে কৰি থকা হৈছে। যদি শিক্ষা বিভাগে এইদৰে অন্যায়মূলকভাবে শিক্ষকৰ অৱসৰৰ মূহুৰ্ত কৰ্তনৰ ব্যৱস্থা কৰি থাকে তেন্তে শিক্ষক সমাজে অনাগত সময়ত ইয়াৰ বিৰুদ্ধে তীব্র গণতান্ত্রিক প্রতিবাদ গঢ়ি তুলিবলৈ বাধ্য হ’ব।

Leave A Reply

Your email address will not be published.