দীপাংকৰ গগৈৰ মৃত্যুৰ বাবে দায়ী আৰক্ষী বিষয়াক শাস্তি দিয়কঃ চিপিআই(এম-এল)
গুৱাহাটীঃ ২০২৩ চনৰ ১৪ ডিচেম্বৰত যোৰহাটত সংঘটিত গ্ৰেণেড বিস্ফোৰণৰ ঘটনাৰ যোৱা কালি প্ৰকাশ পোৱা এন আই এৰ অভিযোগনামাত আৰক্ষীৰ ডায়েৰীত অন্যতম মুল অভিযুক্ত হিচাপে চিহ্নিত আৰক্ষীৰ নিৰ্যাতনত আত্মহত্যা কৰিবলৈ বাধ্য হোৱা দীপাংকৰ গগৈৰ নাম উল্লেখ নথকা ঘটনাটোৱে আৰক্ষী বিভাগৰো দায়িত্বত থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জংঘল ৰাজৰ নৃশংস চৰিত্ৰক পুনৰ উন্মোচিত কৰিলে বুলি মন্তব্য কৰিছে চিপিআই (এম-এল)ৰ অসম ৰাজ্যিক সমিতিৰ সম্পাদক বিবেক দাসে। আজি এক প্ৰেছ বিজ্ঞপ্তি যোগে সম্পাদক গৰাকীয়ে আৰু কয় যে প্ৰায় এবছৰ আগতে ডিচেম্বৰ মাহত গ্ৰেনেড বিস্ফোৰণৰ এক ঘটনাত অভিযুক্ত কৰি
যোৰহাটৰ তিতাবৰৰ বিৰিণাচায়েক গাড়ীকুৰি গাৱৰ ২২ বছৰীয়া যুৱক দীপাংকৰ গগৈক আৰক্ষীয়ে আটক কৰি পাশৱিক অত্যাচাৰ চলাইছিল আৰু মূৰত পিষ্টল থৈ গ্ৰেনেড বিস্ফোৰণৰ ঘটনাত তেওঁ জড়িত বুলি স্বীকাৰ কৰিবলৈ হেঁচা দিছিল। পিছত দীপাংকৰে কোনো স্বীকাৰোক্তি নিদিয়াত যোৰহাটৰ তদানীন্তন আৰক্ষী অধীক্ষক মোহন লাল মিনাৰ নেতৃত্বত তিতাবৰ মহকুমা আৰক্ষী বিষয়া কাকলি পাটগিৰি আৰু তিতাবৰৰ তদানীন্তন ভাৰপ্ৰাপ্ত বিষয়া লক্ষ্মণ কুমাৰ দাসে প্ৰতি দিনাই পুৱাই দীপাংকৰক ঘৰৰ পৰা উঠাই আনি থানাত নিৰ্যাতন চলাইছিল৷ আৰক্ষীৰ বৰ্বৰ অত্যাচাৰৰ পৰা ৰক্ষা পৰিবলৈ সেই চনৰে ২৫ ডিচেম্বৰ তাৰিখে দীপাংকৰে
আত্মহত্যাৰ পথ বাছি লয়। দীপাংকৰৰ পৰিয়ালে ২৭ ডিচেম্বৰত তিতাবৰ থানাত যোৰহাটৰ আৰক্ষী অধীক্ষক, মহকুমা আৰক্ষী বিষয়া আৰু তিতাবৰ থানাৰ অ চিৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে আৰু এজাহাৰৰ ভিত্তিত ১৩২/২৩ নম্বৰ যোগে গোচৰ ৰুজু হয়। ৰাইজৰ প্ৰবল প্ৰতিবাদৰ মুখত পৰি ৰাজ্য চৰকাৰে অতিৰিক্ত মুখ্য সচিব কে চি ছামাৰিয়াক তদন্তৰ দায়িত্ব দিয়ে যদিও আজি পৰ্যন্ত তদন্তৰ কোনো প্ৰতিবেদন প্ৰকাশ নাপালে। এইক্ষেত্ৰত আন এক উল্লেখযোগ্য কথা যে আৰক্ষী অধীক্ষকে দীপাংকৰক আলফা সজাই অবৈধ মাৰাণাস্ত্ৰ সৰবৰাহকাৰী বুলি দাঙি ধৰিবলৈ চেষ্টা কৰিছিল। এতিয়া এন আই এ দাখিল কৰা গ্ৰেনেড বিস্ফোৰণৰ
অভিযোগনামাত দীপাংকৰৰ নাম উল্লেখ নথকাই দীপংকৰৰ নিৰ্দোষিতাক প্ৰমাণ কৰিলে। চিপিআই (এম-এল) য়ে দীপাংকৰ গগৈৰ হত্যাৰ লগত জড়িত যোৰহাটৰ তদানীন্তন আৰক্ষী অধীক্ষক, মহকুমা আৰক্ষী বিষয়া আৰু তিতাবৰ থানাৰ অ চিৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰিবলৈ আৰু দীপাংকৰৰ পৰিয়ালক এক কোটি টকাৰ ক্ষতি পূৰণ দিবলৈ দাবী জনাইছে। বিবৃতিত কয় যে দক্ষ বুলি বহুলভাবে চৰ্চিত আৰু এজন আটাইতকৈ ব্যৰ্থ বুলি পৰিগণিত অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে আচলতে পদত্যাগ কৰা উচিত।