ashomiyapatrika.com

বঙাইগাঁৱত নামনি অসমৰ ছখন জিলাৰ বাণিজ্য আৰু ব্যৱসায়ী সন্থাৰে মন্ত্ৰী অশোক সিংহল আৰু বিত্তমন্ত্ৰী অজন্তা নেওগৰ বৈঠক

0 23

বঙাইগাঁওঃ যোৱা ১৯ জুনত অনুষ্ঠিত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকৰ সিদ্ধান্ত কাৰ্যকৰীকৰণৰ অৰ্থে গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহল আৰু বিত্তমন্ত্ৰী অজন্তা নেওগে আজি বঙাইগাঁৱৰ অসম আৰক্ষী অভিৱৰ্তন কেন্দ্ৰত সামগ্ৰী আৰু সেৱা কৰ (জিএছটি) বিষয়ত নামনি অসমৰ ছখন জিলাৰ বাণিজ্য আৰু ব্যৱসায়িক সংস্থাসমূহৰ সৈতে এক বাৰ্তালাপত অংশগ্ৰহণ কৰে। ৰাজ্যৰ কেইবাটাও স্থানত অনুষ্ঠিত হ’বলগীয়া আঞ্চলিক পৰামৰ্শমূলক আলোচনাৰ এয়া আছিল দ্বিতীয়খন বৈঠক৷ অনুষ্ঠানত জিএছটিৰ অধীনত প্ৰদান কৰা জাননী সন্দৰ্ভত ব্যৱসায়ীসকলৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ প্ৰদান কৰা হয়। নিজৰ বক্তব্যত মন্ত্ৰী সিংহলে কয়

যে দেশৰ ব্যৱসায়ী সমাজৰ লাভালাভৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত জিএছটি প্ৰৱৰ্তন কৰা হৈছিল। অসমক দেশৰ শীৰ্ষ পাঁচখন ৰাজ্যৰ এখন হিচাপে গঢ় দিবলৈ হ’লে ব্যৱসায়ীসকলক লগত লৈ আগবাঢ়িবই লাগিব বুলি মন্তব্য কৰি তেওঁ কয় যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ তৎপৰতাত তৃণমূল স্তৰলৈ গৈ ব্যৱসায়-বাণিজ্য সংস্থাসমূহৰ সৈতে কেবিনেট পৰ্যায়ৰ আলোচনাৰ পদক্ষেপ গ্ৰহণ কৰা অসমেই হৈছে দেশৰ প্ৰথমখন ৰাজ্য। আমাৰ পৰোক্ষ কৰ প্ৰণালীক অধিক সুশৃংখল কৰাৰ ক্ষেত্ৰত ব্যৱসায়ী সমাজৰ পৰামৰ্শ আৰু মতামত অতিকৈ গুৰুত্বপূৰ্ণ বুলি মন্তব্য কৰি তেওঁ ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত আগবঢ়োৱা অমূল্য অৱদানৰ বাবে

অংশগ্ৰহণকাৰী জিলাকেইখনৰ ব্যৱসায়ী সমাজৰ অৰিহণাৰ শলাগ লয়। উল্লেখযোগ্য যে জিএছটিৰ অধীনত প্ৰদান কৰা জাননী সন্দৰ্ভত ব্যৱসায়ীসকলৰ আশংকা দূৰ কৰিবলৈ তিনিচুকীয়া, শিৱসাগৰ, যোৰহাট, তেজপুৰ আৰু শিলচৰত পৰৱৰ্তী আলোচনা অনুষ্ঠিত কৰি এমাহৰ ভিতৰত মন্ত্ৰীদ্বয়ে প্রতিবেদন দাখিল কৰিব। আজিৰ বৈঠকত ৰাজ্যিক মুখ্য কৰ আয়ুক্ত পল্লৱ গোপাল ঝা, বিশেষ কৰ আয়ুক্ত মহম্মদ শাকিল ছাদুল্লাৰ লগতে নামনি অসমৰ ছখন জিলা ক্ৰমে নলবাৰী, বৰপেটা, বঙাইগাঁও, কোকৰাঝাৰ, গোৱালপাৰা আৰু ধুবুৰীৰ বাণিজ্য আৰু ব্যৱসায়িক সংস্থাসমূহৰ প্ৰতিনিধিবৰ্গই অংশগ্ৰহণ কৰে।

Leave A Reply

Your email address will not be published.