বকোত জগন্নাথ মহাপ্ৰভূৰ ৰথ যাত্ৰাৰ আয়োজনঃ যাৱতীয় কাম-কাজৰ প্ৰস্তুতি
বকোঃ সনাতনী হিন্দু ধৰ্মৰ মহাপ্ৰভূ জয় শ্ৰী শ্ৰী জগন্নাথৰ ৰথ যাত্ৰা বিগত বছৰবোৰৰ দৰে এই বৰ্ষও কামৰূপ জিলাৰ বকোত আয়োজন কৰা হৈছে। বকোৰ শ্ৰী শ্ৰী তাৰকব্ৰহ্ম হৰিনাম মহাযজ্ঞ প্ৰাঙ্গনত শুভাৰম্ভ হ’ব লগা ৰথযাত্ৰা অহা ৬ জুলাইৰ পৰা শুভাৰম্ভ হ’ব। বকোত জগন্নাথ মহাপ্ৰভূৰ ৰথযাত্ৰা উদযাপন সমিতিৰ সভানেত্ৰী কল্যাণী সাহা আৰু সম্পাদিকা স্বৰ্ণলতা ৰয়ে জনোৱা মতে অহা ২১ আহাৰ অৰ্থাৎ ৬ জুলাইৰ সন্ধিয়া শ্ৰী মদ ভাগৱত পাঠ। ২২ আহাৰ অৰ্থাৎ ৭ জুলাইত জগন্নাথ মহাপ্ৰভূৰ পূজা আৰম্ভ। আবেলি পৰত বকো চহৰৰ মাজমজিয়াত ৰথযাত্ৰা। আনহাতে ৩০ আহাৰ অৰ্থাৎ ১৬ জুলাইত উল্টোৰথ পূৰ্ণযাত্ৰা অনুষ্ঠিত কৰা হ’ব। ইফালে ৰথযাত্ৰাৰ বাবে যাৱতীয় কাম-কাজৰ প্ৰস্তূতি পূৰ্ণ গতিত চলিছে বুলি জানিব দিয়ে আয়োজক সমিতিৰ বিষয় ববীয়া সকলে।