বকোত বড়ো ছাত্ৰ সন্থাৰ দক্ষিণ কামৰূপ জিলা সমিতিৰ উদ্যোগত জোৰ সমদলঃ দূধনৈৰ হিৰণময় খাখলাৰীৰ পৰিয়ালক ন্যায় প্ৰদানৰ দাবী
বকোঃ গোৱালপাৰা জিলাৰ দূধনৈৰ হিৰণময় খাখলাৰী নামৰ যুৱক এগৰাকীক যোৱা ৫ মে’ৰ দিনা একাংশ আততায়ীয়ে হত্যা কৰে। উল্লেখ্য যে এক বৰ্বৰ ধৰ্ষণৰ ঘটনাৰ পাকচক্ৰত জড়িত কৰি হিৰণয়ম খাখলাৰীক বৰ্বৰ ভাৱে হত্যা কৰা হয়। এই দূৰ্ভাগ্যজনক ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে নিখিল বড়ো ছাত্ৰ সন্থাই। নিখিল বড়ো ছাত্ৰ সন্থাই উক্ত ঘটনাৰ লগত জড়িত অপৰাধিক উচিত শাস্তিৰ দাবীত আন্দোলন অব্যাহত ৰাখিছে। আজি কামৰূপ জিলাৰ বকোত দক্ষিণ কামৰূপ জিলা বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত দূধনৈৰ হিৰণময় খাখলাৰীক বৰ্বৰ ভাৱে হত্যা কৰা হত্যাকাৰীক ফাঁচীৰ দাবীত জোৰ সমদল
উলিয়ায়। দক্ষিণ কামৰূপ জিলা বড়ো ছাত্ৰ সন্থাৰ সভাপতি চানচুৰাং বসুমতাৰী আৰু সম্পাদক জীতেন বড়োই জনোৱা মতে অতি শীঘ্ৰে দূধনৈৰ ঘটনাৰ পৰিয়ালক চৰকাৰে ন্যায় প্ৰদান কৰিব লাগে আৰু হত্যাকাৰীক ফাঁচী দিব লাগে লগতে ভূক্তভোগী পৰিয়ালটোক ২০ লাখ টকা আৰু ধৰ্ষিতা কিশোৰী দুগৰাকীক ৫ লাখকৈ টকা এক কালিন সাহাৰ্য্য প্ৰদান কৰিব লাগে বুলি দাবী জনায়।