ashomiyapatrika.com

শিক্ষা-সেতু শিক্ষক সমাজৰ বাবে অপমানজনকঃ চিপিআই (এম-এল)

0 30

গুৱাহাটীঃ চিপিআই (এম-এল) ৰ অসম ৰাজ্যিক সমিতিয়ে সমাজৰ শিক্ষিত অংশৰ প্ৰতিনিধি শিক্ষক সমাজক মুখ্যমন্ত্ৰীয়ে সামন্তপ্ৰভুৰ দৰে দীৰ্ঘ সময় ধৰি অপমান কৰি অহা কাৰ্যক ধিক্কাৰ জনাইছে। শেহতীয়াকৈ শিক্ষানুষ্ঠান সমূহত শিক্ষা সেতু এপচ ব্যৱহাৰ কৰাৰ ফলত উদ্ভৱ হোৱা সমস্যা সম্পৰ্কত সচেতন লোকসকলৰ মাজত যি প্ৰতিক্ৰিয়া হৈছে তাৰ উত্তৰ দিবলৈ গৈ নিৰ্বাচনত বিজেপিক ভোট নিদিয়া বুলি শিক্ষাসেতু এপচ্ ৰ সমালোচক শিক্ষক সকলৰ প্ৰতি কৰা মন্তব্য চৰম উদ্বেগজনকবুলি মন্তব্য কৰিছে সম্পাদক বিবেক দাসে। তেঁও কয়, মুখ্যমন্ত্ৰীৰ দায়িত্ব আছিল শিক্ষাসেতু এপচ ব্যৱহাৰ কৰাৰ ফলত উদ্ভৱ হোৱা সমস্যা সমুহ শুনা আৰু

সমাধান কৰাৰ ব্যৱস্থা কৰা। কিন্ত তাকে নকৰি শিক্ষক সকলৰ ভোট নেলাগে আদি অপ্ৰাসঙ্গিক আৰু অগণতান্ত্ৰিক মন্তব্য কৰা কাৰ্য শিক্ষাজগতৰ বাবে ক্ষতিকাৰক ।শিক্ষক সকলে কাক ভোট দিব বা নিদিব সেইটো তেওঁলোকৰ স্বতন্ত্ৰ গণতান্ত্ৰিক অধিকাৰ। প্ৰেছ বিজ্ঞপ্তিত সম্পাদক গৰাকীয়ে কয় যে হিমন্ত বিশ্ব শৰ্মা শিক্ষা মন্ত্ৰী থকা দিনৰ পৰা শিক্ষক সকল বিভিন্ন সমস্যাত জৰ্জৰিত হৈ আহিছে আৰু এই সমস্যাসমূহ সমাধান কৰাৰ পৰিবৰ্তে তেওঁ সদায়ে নতুন নতুন নিয়ম জাপি নিৰ্যাতন চলাইছে আৰু মৌলিক সমস্যাসমুহ যথা-অপৰ্যাপ্ত শিক্ষক,অপৰ্যাপ্ত আন্তৰ্গাঠনি, অপৰ্যাপ্ত আৰু অনিয়মীয়া বিদ্যুৎ যোগান আদি ঢাকি ৰাখিবলৈ

বাৰে বাৰে শিক্ষকসকলক আক্ৰমণ আৰু অপমানৰ লক্ষ্য কৰি লৈছে। প্ৰেছ বিজ্ঞপ্তিটোত সম্পাদক গৰাকীয়ে কয় টেট শিক্ষকৰ চাকৰি নিয়মায়ীকৰণৰ নামত বেতন কৰ্তন, প্রাদেশীকৰণৰ দাবী কৰি থকা শিক্ষকক পুলিচৰ জৰিয়তে অত্যাচাৰ, প্রাথমিক বিদ্যালয়সমূহত স্থায়ী প্রধান শিক্ষক নিযুক্তি নিদিয়া, ১১০০০ বিদ্যালয় বন্ধ কৰি দিয়া আদিয়ে হৈছে হিমন্ত বিশ্ব চৰকাৰৰ শৈক্ষিক বৈশিষ্ট্য। শেহতীয়াকৈ সমৰ্থ এপচ্ ৰ জৰিয়তে স্নাতক আৰু স্নাতকোত্তৰ শ্ৰেণীত নামভৰ্তি কৰাৰ নামত লাখ লাখ শিক্ষাৰ্থীৰ চৰম অনিশ্চয়তালৈ ঠেলি দিছে আৰু এনে কাৰ্য চৰকাৰৰ এক বহুৱালিত পৰিণত হৈছে।ছাত্ৰ-ছাত্ৰীসকলে জনাইছে যে এই এপচ্ ৰ ফলত

পুৱা ৯ বজাত নামভৰ্তিৰ তালিকা প্ৰকাশ হয় আৰু সেইদিনাই পুৱা ১০ বজাত নামভৰ্তি আৰম্ভ হয়। তেনে ক্ষেত্ৰত গুৱাহাটীৰ বাহিৰৰ ছাত্ৰ ছাত্ৰীৰ বাবে নামভৰ্তি অসম্ভৱ। আনকি একেটা বিভাগত একেটা নাম দুবাৰকৈ অহা বুলিও অভিযোগ উত্থাপিত হৈছে। প্ৰেছ বিজ্ঞপ্তিটোত উল্লেখ কৰা হয় যে কেৱল শিক্ষক সকলক অপমান কৰাতে ক্ষান্ত নাথাকি শিক্ষা সেতু এপ্চে শিক্ষক সকলক কৰা হাৰাশাস্তি তথা শিক্ষক সকলৰ মনৰ ক্ষোভ প্ৰকাশ কৰা বাতৰি পৰিবেশন কৰাৰ বাবে অসমীয়া প্ৰতিদিন কাকতৰ নাম উচ্চাৰণ কৰি তাচ্ছিল্যসুচক মন্তব্য কৰিছে। চিপিআই (এম-এল)য়ে শিক্ষক সমাজৰ প্ৰতি কৰি অহা নিৰ্যাতন আৰু অপমান বন্ধ কৰিবলৈ দাবী জনাইছে।

Leave A Reply

Your email address will not be published.