বানপানীৰ সমস্যাৰ বাবে উদ্বিগ্ন অগপঃ বানপীড়িতক সহায়ৰ হাত আগবঢ়াবলৈ দলীয় কৰ্মীক আহ্বান অগপৰ সভাপতি-কাৰ্যকৰী সভাপতিৰ
গুৱাহাটীঃ ৰাজ্যত এতিয়া বানৰ সমস্যাই জৰ্জৰিত কৰিছে সাধাৰণ জনতাক। এই সমস্যাৰ বাবে উদ্বিগ্নতা প্ৰকাশ কৰিছে অসম গণ পৰিষদ দলে। দলৰ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তই বানপানীৰ সমস্যাই দেখা দিয়া প্ৰতিটো স্থানতে দলীয় কৰ্মীসকলক প্ৰতিটো মুহুৰ্ততে সষ্টম হৈ থাকিবলৈ আহ্বান জনাইছে। দলৰ সভাপতি অতুল বৰাই কৰ্মীসকলক বানপানীৰ সমস্যাত ভুগি থকা লোকসকলক সহায়ৰ হাত আগবঢ়াবৰ বাবে অনুৰোধ জনায়। আনহাতে, কাৰ্যকৰী সভাপতি কেশৱ মহন্তই বানপানীৰ সময়ত বিপদত পৰা লোক সকলক পাৰ্যমানে শাৰিৰীক, আৰ্থিক আৰু মানসিকভাৱে সাহাৰ্য আগবঢ়াবৰ বাবে দলৰ সতীৰ্থসকলক আহ্বান জনায়।