বিশ্ব ৰক্তদাতা দিৱসত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত, অভিনেতা কপিল বৰাৰ অংশগ্ৰহণ
গুৱাহাটীঃ আৰ্তজনৰ জীৱন ৰক্ষাৰ বাবে নিয়মীয়াকৈ স্বেচ্ছামূলক ৰক্তদান কৰিবলৈ ৰাইজৰ প্ৰতি মুকলি আহ্বান জনাইছে ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী কেশৱ মহন্তই। গুৱাহাটীৰ শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰত আজি অসম ৰাজ্যিক ৰক্ত সংৰচন পৰিষদৰ উদ্যোগত আয়োজিত বিশ্ব ৰক্তদাতা দিৱস ২০২৪ৰ ৰাজ্যিক অনুষ্ঠানত মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে এই আহ্বান জনায়। স্বেচ্ছামূলক ৰক্তদানে বিশ্বজুৰি বছৰি কোটিৰো অধিক লোকৰ জীৱন ৰক্ষা পৰাটো সম্ভৱ কৰি আহিছে বুলি দোহাৰি বিভাগীয় মন্ত্ৰী মহন্তই কয়, ‘ৰক্তদানৰ দৰে মহৎ মানৱীয় সেৱা আৰু একো নাই। আমি ৰক্তদানৰ জৰিয়তে আনৰ জীৱন ৰক্ষা
পৰাত সহায় কৰিব পাৰো। সেয়ে, পূণ্য অৰ্জনৰ এক উত্তম পথ হৈছে ৰক্তদান।’ তিনিমাহৰ ব্যৱধানত নিয়মীয়া ৰক্তদানে ৰক্তদাতাৰ শৰীৰত উপকাৰহে সাধে বুলিও তেওঁ উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে কয়, ‘ৰক্তদানৰ পাছত ৰক্তদাতাগৰাকী সম্পূৰ্ণ সুস্থই হৈ থাকে। দৰাচলতে, এগৰাকী সুস্থ ব্যক্তিয়ে তিনিমাহৰ মূৰে মূৰে ৰক্তদান কৰিলেও তেওঁৰ শৰীৰত কোনো ক্ষতি নহয়। বৰঞ্চ নিয়মীয়া ৰক্তদানে তেওঁৰ শৰীৰত তেজৰ পৰিশুদ্ধিত সহায়হে কৰে। সেয়ে, আমাৰ ৰাজ্যখনৰো প্ৰতিগৰাকী সুস্থ লোককে স্বেচ্ছামূলক ৰক্তদানেৰে পূণ্য অৰ্জনৰ বাবে আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছো।’ এ, বি, এবি আৰু অ’ গ্ৰুপত তেজৰ শ্ৰেণীকৰণৰ আধুনিক পদ্ধতিৰ
উদ্ভাৱক তথা ন’বেল বঁটা বিজয়ী মহান চিকিৎসা বিজ্ঞানী কাৰ্ল লেণ্ডষ্টেইনাৰলৈ সন্মান জনাই তেওঁৰ জন্মদিনটোত পালন কৰা বিশ্ব ৰক্তদাতা দিৱসৰ তাৎপৰ্যৰ বিষয়েও সদৰি কৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে। অনুষ্ঠানত মন্ত্ৰী মহন্তই উল্লেখ কৰে, ‘বিশ্বজুৰি জৰুৰী চিকিৎসাৰ বাবে প্ৰয়োজন হোৱা তেজৰ উপলব্ধতা সুনিশ্চিত কৰাত স্বেচ্ছামূলক ৰক্তদানৰ পদ্ধতিয়ে অতি মহত্বপূৰ্ণ ভূমিকা লৈ আহিছে। সেয়ে, সুৰক্ষিত আৰু স্বেচ্ছামূলক ৰক্তদানৰ মহত্ব আৰু জৰুৰী প্ৰয়োজনীয়তাৰড়বিষয়ে জনসজাগতা বৃদ্ধিৰ সমান্তৰালকৈ জীৱনদায়িনী ৰৰক্তদানৰ মানৱীয় পদক্ষেপৰ বাবে বিশ্বৰ স্বেচ্ছামূলক ৰক্তদাতাসকলক ৰাজহুৱা ভাৱে কৃতজ্ঞতা জনাবলৈকে বিশ্ব স্বাস্থ্য সংস্থাৰ
সিদ্ধান্ত অনুসৰি প্ৰতি বছৰে ১৪ জুনত বিশ্ব ৰক্তদাতা দিৱস সমগ্ৰ বিশ্বতে উদযাপন কৰা হয়।’ অসমৰ স্বেচ্ছামূলক ৰক্তদাতাসকলে ৰাজ্যখনৰ স্বাস্থ্যখণ্ডলৈ উল্লেখনীয় বৰঙণি যোগাই আহিছে বুলি দোহাৰি বিভাগীয় মন্ত্ৰীগৰাকীয়ে তেওঁলোকৰ শলাগ লোৱাৰ লগতে ৰক্তদাতাসকললৈ কৃতজ্ঞতা জ্ঞাপন কৰে। ৰাজ্যখনৰ চৰকাৰী আৰু ব্যক্তিগত চিকিৎসালয়সমূহত ৰোগীৰ বাবে জৰুৰী ভাৱে প্ৰয়োজন হোৱা তেজৰ উপলব্ধতা সুনিশ্চিত কৰিবলৈ স্বাস্থ্য বিভাগে ইতিমধ্যে বিশেষ কাৰ্যব্যৱস্থা গ্ৰহণ কৰা বুলি দোহাৰি স্বাস্থ্যমন্ত্ৰী মহন্তই প্ৰকাশ কৰে যে চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়সমূহৰ লগতে বিভিন্ন জিলাত থকা ব্লাডবেংক তথা ব্লাডচেণ্টাৰসমূহ অত্যাধুনিক
কৰি তুলিবলৈ ৰাজ্যিক ৰক্ত সংৰচন পৰিষদৰ জৰিয়তে ব্যৱস্থা লোৱা হৈছে। আজিৰ ৰাজ্যিক স্তৰীয় অনুষ্ঠানত জনপ্ৰিয় চলচ্চিত্ৰ অভিনেতা কপিল বৰাই বিশেষ অতিথি হিচাপে উপস্থিত থাকি ৰক্তদাতাসকলৰ মানৱপ্ৰেম আৰু নিঃস্বাৰ্থ সেৱাৰ উচ্চ প্ৰশংসা কৰে। ৰাজ্য চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ আয়ুক্ত সচিব ডাঃ পি অশোক বাবু, স্বাস্থ্যসেৱা সঞ্চালক ডাঃ উমেশ ফাংচু, স্বাস্থ্যসেৱা সঞ্চালক (পৰিয়াল কল্যাণ) কমলজিৎ তালুকদাৰ, ৰাজ্যিক আয়ুষ সঞ্চালক তথা ৰাজ্যিক ৰক্ত সংৰচন পৰিষদৰ সঞ্চালক ড° ইন্দ্ৰানুসী দাস, বেলতলাস্থিত সেনা বাহিনীৰ ১৫১ বেছ হাস্পতালৰ অধীক্ষক লেফটেনেণ্ট কৰ্ণেল ডাঃ নীতীন তানেজা,
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়ৰ ব্লাডবেংকৰ তত্বাৱধায়ক ডাঃ দীপাংকৰ বৰুৱায়ো এই অনুষ্ঠানত অংশগ্ৰহণ কৰে। অনুষ্ঠানত ৰাজ্যৰ প্ৰতিখন জিলাৰ শ্ৰেষ্ঠ স্বেচ্ছামূলক ৰক্তদাতাসকলৰ লগতে প্ৰতিৰক্ষা বাহিনী আৰু কেন্দ্ৰীয় সুৰক্ষা বাহিনীসমূহৰ শ্ৰেষ্ঠ ৰক্তদাতাসকলক মানপত্ৰৰে সম্বৰ্ধনা জনোৱা হয়। ইফালে, আজিৰ এই অনুষ্ঠানৰ আৰম্ভণিতে স্বাস্থ্যমন্ত্ৰী মহন্তই বিশ্ব ৰক্তদাতা দিৱস উপলক্ষে আয়োজন কৰা এক স্বেচ্ছামূলক ৰক্তদান শিবিৰ আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে। এই শিবিৰত ভাৰতীয় সেনা, বিমান বাহিনী আৰু একাধিক কেন্দ্ৰীয় সুৰক্ষা বাহিনীৰ ভালে সংখ্যক বিষয়া-জোৱানৰ লগতে সাধাৰণ নাগৰিকেও স্বেচ্ছামূলক ৰক্তদান কৰে।