ashomiyapatrika.com

বকোত পৰিবেশৰ বাবে জীৱনশৈলী শীৰ্ষক সাত দিনীয়া কাৰ্য্যসূচী সমাপন

0 78

বকোঃ ‘মিছন লাইফ’ পৰিৱেশৰ বাবে জীৱনশৈলী শীৰ্ষক অৰ্থ LiFE মানে Lifestyle for Environment ৰ শ্লোগান – দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২২ চনৰ ২০ অক্টোবৰত গুজৰাটৰ কেভাদিয়াত আৰম্ভ কৰিছিল। উল্লেখ্য যে ইয়াৰ জৰিয়তে সহজ -সৰল কামৰ মাজৰে ব্যক্তিৰ আচৰণ পৰিৱৰ্তন আনিবলৈ গুৰুত্ব আৰোপ কৰা হৈছে । ২০২২-২৮ চনৰ সময়ছোৱাত পৰিৱেশ সুৰক্ষা আৰু সংৰক্ষণৰ বাবে ব্যক্তিগত আৰু সামূহিক ব্যৱস্থা গ্ৰহণৰ বাবে কমেও এক বিলিয়ন ভাৰতীয় আৰু অন্যান্য বিশ্ব নাগৰিকক সংগঠিত কৰাই ইয়াৰ উদ্দেশ্যে । পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়, ভাৰত চৰকাৰ আৰু নিটি আয়োগৰ যৌথ পৰিচালনাৰ এই মিছন



মূল ৭ টা বিষয়বস্তুৰে দেশৰ বিভিন্ন প্ৰান্তত বিভিন্ন কাৰ্যসূচীৰে ৰূপায়ন হৈ আছে । ইয়াৰ লগত সংগতি ৰাখি অসম চৰকাৰৰ শিক্ষা বিভাগে সমগ্ৰ শিক্ষা , অসমৰ দ্বাৰা ‘মিছন জীৱনৰ বাবে ইকো ক্লাব’ শীৰ্ষক ৭ দিনীয়া গ্ৰীষ্মকালীন শিবিৰ আয়োজন কৰাৰ মূল বিষয়বস্তুসমূহ হ’ল সুস্থ জীৱনশৈলী গ্ৰহণ কৰা, বহনক্ষম খাদ্য ব্যৱস্থা গ্ৰহণ কৰা, ই-আৱৰ্জনা হ্ৰাস কৰা, আৱৰ্জনা হ্ৰাস কৰা, শক্তি ৰাহি কৰা, পানী ৰাহি কৰা আৰু একক ব্যৱহাৰৰ প্লাষ্টিকক না কওঁ। কামৰূপ জিলাৰ বকো প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত আন্ধেৰিটাৰী বালিকা প্ৰাথমিক বিদ্যালয়ো এই শিবিৰৰ আয়োজন কৰে ৫ জুনৰ পৰা ১২ জুনলৈ। বিদ্যালয়খনৰ প্ৰধান শিক্ষক পৱিত্ৰ কৈৱৰ্ত্ত জনোৱা মতে


প্ৰথম দিনাখন ‘গছ থাকিলেহে জীৱ থাকিব’, ‘পৰিৱেশ ভালে মানুহৰ ভাল’ আদি বিভিন্ন শ্লোগানেৰে ছাত্ৰ- ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী সমন্বিতে এটি সজাগতামূলক শোভাযাত্ৰা উলিওৱা হয় আৰু পৰিৱেশ সুৰক্ষাৰ শপত গ্ৰহণ কৰি বিদ্যালয় চৌহদত বৃক্ষৰোপণ কৰা হয়। ঠিক তেনেদৰে, দ্বিতীয় দিনাখন বহনক্ষম খাদ্য ব্যৱস্থাৰ বাবে বিদ্যালয়ৰ শাকনি বাগিচাৰ চাফাই কৰি নতুন পাচলি লগোৱা, তৃতীয় দিনাখন ই-আৱৰ্জনা হ্ৰাসৰ বাবে কাৰ্যব্যৱস্থা গ্ৰহণ, চতুৰ্থ দিনাখন বিদ্যালয় চৌহদত সংগৃহীত আৱৰ্জনাসমূহৰ পৰা প্লাষ্টিক জাতীয়খিনি পৃথক কৰি গছৰ পাত, কাগজ আদিৰ দ্বাৰা পচন সাৰ প্ৰস্তুত কৰা আৰু পিছলৈ শাকনি বাগিচাৰ ব্যৱহাৰ কৰা হয়


যাতে, পঞ্চম দিনাখন শক্তি ৰাহি বিশেষকৈ ছাত্ৰ-ছাত্ৰী বা অন্যান্য ব্যক্তিয়েও অবাবত বিজুলী পাংখা, লাইট আদিৰ ব্যৱহাৰ বন্ধ ৰখাৰ লগতে সৌৰ শক্তিৰ ব্যৱহাৰৰ ওপৰত গুৰুত্ব দিবলৈ অভিভাৱক কৰিবলৈ জ্ঞাত কৰিবলৈ এক সজাগতা সভাৰ আয়োজন কৰা হয় য’ত বাকাৰাটাৰী প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক সত্য মালীও অকস্মাত কিছু সময়ৰ উপস্থিত থকাত তেৱোঁ বক্তব্য আগবঢ়ায় আৰু ইংৰাজী হাতৰ আখৰ লিখনৰ এটি পাঠ লয় ছাত্ৰ-ছাত্ৰীসকলৰ বাবে। ষষ্ঠ দিনাখন পানী সংৰক্ষণৰ সজাগতাৰ বাবে এটি শোভাযাত্ৰা উলিওৱা হয় ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক – শিক্ষয়িত্ৰীসকলৰ দ্বাৰা। শেষৰ দিনাখন ‘একক ব্যৱহাৰৰ প্লাষ্টিকক না কওঁ আহক’ শীৰ্ষক


এখনি আলোচনা চক্ৰৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত অমৃত প্ৰভা ৰেঞ্জাৰ টীমৰ ৰেঞ্জাৰ লীডাৰ তথা জৱাহৰলাল নেহৰু মহাবিদ্যালয়, বকোৰ অৱসৰী উপাধ্যক্ষা বিজয়া ডেকা বাইদেউৰ লগতে দুগৰাকী ৰেঞ্জাৰ ক্ৰমে সোণালী ৰাভা আৰু প্ৰীতিস্মিতা কলিতাই অংশগ্ৰহণ কৰি এটি পৰিৱেশ সজাগতামূলক, প্লাষ্টিক বৰ্জনৰ সজাগতা কবিতা ছাত্ৰ – ছাত্ৰী সমন্বিতে পাঠ কৰি সজাগতা আনিবলৈ চেষ্টা কৰে আৰু এবাৰ ব্যৱহাৰ প্লাষ্টিকৰ সলনি কাপোৰ বেগেৰে বজাৰ কৰিবলৈ মাক-দেউতাকক ক’বলৈ সজাগতা আনিবলৈ প্ৰয়াস কৰা হয়। আটাই কেইদিনৰ কাৰ্যসূচীসমূহত শিক্ষয়িত্ৰীবৃন্দৰ লগতে ৰান্ধনী কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰীবৃন্দৰ সক্ৰিয় অংশগ্ৰহণক বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি আজিত আলী, সচিব পৱিত্ৰ কৈৱৰ্ত্ত‌ই পৰিচালনা সমিতিৰ হৈ শলাগ লয়।

Leave A Reply

Your email address will not be published.