ashomiyapatrika.com

আজমলৰ পতনৰ পিছত এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ পতন হ’ব– ৰাইজৰ দল

0 60

আজমলৰ পৰাজয়ত শংকিত হিমন্ত বিশ্ব শর্মা

গুৱাহাটীঃ সংবাদমেল সম্বোধন কৰি সাম্প্ৰদায়িক মন্তব্য দিয়া মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক গৰিহণা দিয়ে ৰাইজৰ দলৰ সাধাৰণ সম্পাদক ৰাছেল হুছেইনে৷ মহানগৰীৰ মঠঘৰীয়াৰ ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত আজি অনুষ্ঠিত কৰা সংবাদ মেল যোগে ৰাইজৰ দলৰ সাধাৰণ সম্পাদক ৰাছেল হুছেইনে কয় ৰকিবুল হুছেইন ধুবুৰীৰ পৰা বৃহৎ ব্যৱধানত জয় হোৱাটো অসমৰ বাবে অশানি সংকেত নহয় এ আই ইউ ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমল পৰাজয়ে বিজেপিৰ অশনি সংকেত কঢ়িয়াই আনিছে।সংবাদ মেলত অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাক তীব্র কটাক্ষ কৰি হুছেইনে কয় যে, ‘যি জন মানুহে ইমানদিনে আজমলৰ ভয় দেখুৱাই দেখুৱাই অসমীয়া মানুহৰ ভোট

লৈ আছিল আৰু যি জন মানুহে কেবল আজমলকে অসম আৰু অসমীয়া মানুহৰ বিভিষীকা বুলি কৈ আহিছিল সেইজন মানুহে এতিয়া আজমল হৰাৰ আনন্দ নকৰি ৰকিবুল হুছেইনৰ বৃহৎ বিজয় অসমীয়াৰ বাবে অশনি সংকেত বুলি কৈছে’৷ অর্থাৎ অসমত মৌলবাদী ৰাজনীতিৰ বীজ ৰূপণ কৰা বদৰুদ্দিন আজমলৰ বৃহৎ পৰাজয়ে তেওঁক মনোকষ্ট যে দিছে সেইটো তেওঁৰ কথাই প্রমাণ কৰিছে। মুখ্যমন্ত্রীজনে যোৱা এটা দশক ধৰি অসমত যি বিভাজনৰ ৰাজনীতি কৰি আহিছে সেইয়া যে আজমলৰ পৰাজয়ৰ লগে লগে অন্ত পৰিল সেইটো স্পষ্ট হৈছে। মুখ্যমন্ত্রীজনে কৈছে যে নগাঁও আৰু ধুবুৰীৰ জয় অসমৰ বাবে অশনি সংকেত। আচলতে আজমলৰ পতন

বিজেপিৰ বাবে যে অশনি সংকেত হৈছে সেইটো এতিয়া স্পষ্ট হৈ পৰিছে আৰু সেইবাবে মুখ্যমন্ত্রীজনে এতিয়া প্রলাপ বকিবলৈ আৰাম্ভ কৰিছে। কাৰণ এতিয়া বিজেপিয়ে আজমলৰ ভয় দেখুৱাই অসমীয়া মানুহৰ ভোট আদায় কৰিব নোৱাৰে। অসমৰ মুখ্যমন্ত্ৰীজনে ধৰ্মৰ ৰাজনীতিৰ বাহিৰে আন কোনো কথা বুজি নাপায়। কোনোধৰণৰ ধনাত্মক কামৰ জৰিয়তে তেওঁ ভোট বিচাৰিব নোৱাৰে কাৰণ বিগত সময়চোৱাত তেওঁ আৰু তেওঁৰ কেইজনমান বিশেষ সংগীয়ে অসমত মুক্ত লুণ্ঠন চলোৱাৰ বাহিৰে একো কাম কৰা নাই। সেইকাৰনে তেওঁ বাৰে বাৰে ধৰ্মৰ প্ৰসংগটো ৰাজনীতিৰ ক্ষেত্ৰখনলৈ টানি আনি আহিছে। তেওঁ যোৱা ৪ জুনৰ নিশা সংবাদ মাধ্যমত

দিয়া বক্তব্যত নাগালেণ্ড, মণিপুৰ আৰু মেঘালয়ত এটা বিশেষ ধৰ্মৰ কাৰণে বিজেপি দলে জয়লাভ নকৰিলে বুলি বক্তব্য ৰাখিছিল। পিছে মুখ্যমন্ত্রী জনৰ কিয় সৎ সাহস নহ’ল সেই বিশেষ ধৰ্মটোৰ নাম উল্লেখ কৰিবলৈ! মণিপুৰত মেইতেই হিন্দু সকলে বিজেপিৰ বিৰুদ্ধে ভোট দিছিল তাৰ বাবে কংগ্রেছে দুয়োখন আসনত জয়লাভ কৰিবলৈ সক্ষম হৈছিল। এই কথাৰ পৰা আমি ধৰি ল’ব পাৰো নেকি যে তেওঁ মণিপুৰত মেইতেই হিন্দুসকলে বিজেপিৰ বিৰোধিতা কৰাৰ কথাকেই বুজাইছে। মুখ্যমন্ত্ৰীৰ দৰে এটা সাংবিধানিক পদবীত থাকি যেতিয়া এটা বিশেষ ধৰ্মক লক্ষ্ম কৰি লৈ বক্তব্য ৰাখে তেতিয়া তেওঁ ৰাইজক মুকলিকৈ কথাবোৰ কোৱাৰ সৎ সাহসো থাকিব

লাগে। এইবাৰ যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত শিৱসাগৰ, চৰাইদেউ, মাজুলী আৰু যোৰহাট জিলাৰ অসমীয়া হিন্দু মানুহে ব্যাপক হাৰত বিৰোধী ঐক্যৰ প্ৰাৰ্থী গৌৰৱ গগৈক ভোট দিছে। ফলত যোৰহাটকে ধৰি ডিব্ৰুগড় আৰু কাজিৰঙাৰ বহুকেইটা বিধান সভা সমষ্টিত উজনিৰ খিলঞ্জীয়া ৰাইজে বিৰোধী ঐক্যৰ প্ৰাৰ্থীক ভোট দি প্রবল প্রত্যাহ্বানৰ সৃষ্টি কৰাৰ ফলত অসমৰ মুখ্যমন্ত্রী জনে সংকিত হৈ অতি সংকীর্ণ মানসিকতাৰ পৰিচয় দি গৌৰৱ গগৈৰ তেজৰ বৰণক লৈয়ো আক্রমন কৰা আমাৰ পৰিলক্ষিত হৈছে। এনেকুৱা এটা প্রেক্ষাপটত কংগ্ৰেছ দলটো কেবল মুছলমানৰ দল বুলি কৈ মুখ্যমন্ত্রী জনে উজনি অসমৰ ভোটাৰ ৰাইজক অপমান কৰাৰ লগতে

এই জয়ত সক্রিয়ভাৱে অৰিহণা আগবঢ়োৱা আঞ্চলিক দল সমূহকো অপমান কৰিলে। যোৱা সময়চোৱাত মৃনাল শইকীয়া, ৰাজেন গোঁহাই, অশোক শৰ্মাৰ দৰে পুৰণি বিজেপি নেতাৰ বক্তব্যত এটা কথা স্পষ্ট হৈছে যে এই মুখ্যমন্ত্রী জনে নিজৰ দলটোকে সূচাৰূপে চলাব পৰা নাই। তেনে পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰীজনে অসমৰ দৰে এখন জটিল জনগাঁঠনিৰ ৰাজ্য কেনেকৈ পৰিচালনা কৰিব সেইটো আজিৰ দিনত অসমবাসীৰ বাবে লাখ টকীয়া প্রশ্ন! সেইকাৰনে আমি ৰাইজৰ দলৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী জনক আহ্বান জনাইছোঁ যে তেওঁ বিজেপি দলটোক ভালকৈ পৰিচালনা কৰক যাতে অসমৰ উন্নয়ণৰ স্বাৰ্থত প্রশাসনিক বিশৃংখলতাৰ সৃষ্টি নহয়। অসমৰ

মুখ্যমন্ত্ৰী গৰাকীক আমি ৰাইজৰ দলে পুনৰবাৰ আহ্বান জনাইছোঁ যে, যদি তেওঁ ছদ্মবেশী খিলঞ্জীয়া নহয় তেতিয়া হ’লে এখন শুদ্ধ এন.আৰ.চি প্ৰয়োগ কৰাৰ ক্ষেত্ৰত তৎপৰতা দেখুওৱাক, ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ কৰক, অসম চুক্তিৰ ছয় নং দফাক প্রয়োগ কৰি বিশেষ সাংবিধানিক ৰক্ষা কবচ প্ৰদানৰ জৰিয়তে অসমীয়াৰ ৰাজনৈতিক, অর্থনৈতিক, ভাষিক সুৰক্ষাৰ বাবে তৎকালীনভাৱে পদক্ষেপ গ্রহণ কৰক। অসমৰ মুখ্যমন্ত্ৰীজনে ধৰ্ম, ভাষাৰ নামত বিভাজনৰ ৰাজনীতি ত্যাগ কৰি সকলোকে সমদৃষ্টি প্রদান কৰি ৰাজধৰ্ম পালন কৰক।

Leave A Reply

Your email address will not be published.