ashomiyapatrika.com

বকোত ‘দীক্ষিতা’ৰ উদ্যোগত চৰকাৰী বাছ আস্থান আৰু শিক্ষা প্ৰতিষ্ঠানৰ চৌহদত গছ পুলি ৰোপন

0 25

জলবায়ুৰ তাৰতম্যৰ ওপৰত সজাগতা সভা

বকোঃ পৰিবেশ সংৰক্ষণ কৰক, জীৱন আৰু ভৱিষ্যত ৰক্ষা কৰক শ্ৰোগানেৰে কামৰূপ জিলাৰ বকোত বিশ্ব পৰিবেশ দিৱস উদযাপন কৰে সমাজ সংগঠক জনাৰ্দ্দন বড়োই। আজি সমগ্ৰ বিশ্বই পালন কৰে সু স্বাস্থ্যৰ বাবে বিশ্ব পৰিবেশ দিৱস। এই উপলক্ষে বকোতো সুষ্ঠ তথা উন্নত ব্যৱসায়িক প্ৰতিষ্ঠান দীক্ষিতা বকোৰ উদ্যোগত বকো মজলীয়া বিদ্যালয় আৰু অসম ৰাজ্যিক পৰিবহণ নিগমৰ বকো আস্থানৰ সহযোগত আয়োজন কৰে বিশ্ব পৰিবেশ দিৱসৰ মনোজ্ঞ কাৰ্য্যসুচী। উল্লেখ্য যে সেউজীয়া বকো খনক সেউজীয়াকৈ ৰখাটো আমাৰ প্ৰত্যেকৰে দায়িত্ব – শীৰ্ষক বাণীৰে মানৱ দৰদী তথা সমাজ সেৱক ‘দীক্ষিতা’ বকোৰ স্বত্বাধিকাৰী জনাৰ্দ্দন বড়োই আৰম্ভ

কৰিছে সুষ্ঠ বাতাবৰণ আৰু সুষ্ঠ পৰিবেশ তথা সুষ্ঠ জলবায়ু সংৰক্ষণ কৰাৰ আন্দোলন। মূল্যবান আৰু সু-কাঠি গছ পুলি বিতৰণী কাৰ্য্যসুচীৰ লগত সংগতি ৰাখি বকোস্থিত অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছ আস্থানৰ চৌহদৰ উপৰিও বকো মজলীয়া বিদ্যালয়ৰ চৌহদত শতাধিক মূল্যবান গছ পুলি ৰোপন কৰে। পুৱাৰে পৰা বকোস্থিত অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছ আস্থানৰ চৌহদত গছ পুলি ৰোপন কৰে বকো সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষ নগেন কলিতা, ভোগদাবাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক স্বাধীন বড়ো, বকো বজাৰ সমিতিৰ সভাপতি খগেন ঠাকুৰীয়া, বাছ আস্থান পৰিচালক মঃ আব্দুল লটিফ আহমেদ, বকোৰ জ্যেষ্ঠ্য

সমাজ কৰ্মী ৰমেশ চন্দ্ৰ ডেকাই। আনহাতে বকো মজলীয়া বিদ্যালয় চৌহদত গছ পুলি ৰোপন কৰি বিশ্ব পৰিবেশ দিৱস পালন কৰে বিদ্যালয় খনৰ প্ৰধান শিক্ষক বলেন চন্দ্ৰ দাস, বকো জৱাহৰলাল নেহৰু মহাবিদ্যালয়ৰ অধ্যক্ষ ড° তপন দত্ত, বি এড কলেজৰ সচিৱ তথা শিক্ষাবিদ ড° গণেশ্বৰ চহৰীয়া, বকো সাহিত্য সভাৰ উপদেষ্টা সুৰেণ কলিতা আৰু বকো সাহিত্য সভাৰ সভানেত্ৰী বিজয়া ডেকাই। ইফালে উদ্যোক্তা জনাৰ্দ্দন বড়োই জনোৱা মতে গ্ৰীষ্ম প্ৰৱাহ আৰু সুষ্ঠ জলবায়ুৰ প্ৰভাৱৰ ওপৰত সজাগতা বৃদ্ধি কৰিবলৈ আৰু ভৱিষ্যত প্ৰজন্মৰ সুৰক্ষিত বাতাবৰণ বিষয়ৰ ওপৰত বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক, সমালোচক আৰু বৌদ্ধিক মহলক লৈ এক সজাগতা সভা

অনুস্থিত কৰা হয়। বকো মজলীয়া বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক বলেন চন্দ্ৰ দাসৰ সঞ্চালনাত আয়োজন কৰা হয় সজাগতা সভা খন। সজাগতা সভাত সমল ব্যক্তি হিচাবে উপষ্ঠিত থাকে জৱাহৰলাল নেহৰু মহাবিদ্যালয় বকোৰ উপাধ্যক্ষ ড° প্ৰাণেশ্বৰ নাথৰ উপৰিও বহু সংখ্যক বিশিষ্ট অতিথি।

Leave A Reply

Your email address will not be published.