তীব্ৰ বেগেৰে অহা ‘ৰেমালে’ তছনছ কৰিলে বকোৰ কণিষ্ঠ মহাবিদ্যালয় আৰু দক্ষিণ কামৰূপৰ বিস্তীৰ্ণ অঞ্চল
বকোঃ ৰুস্ত প্ৰকৃতিয়ে যেন ৰুদ্ৰ মূৰ্তি ধাৰণ কৰিছে। যোৱা সোমবাৰে নিশাৰ ভাগত অহা তীব্ৰ বেগী ধূমুহা ৰেমালে তছনছ কৰি বিস্তৰ ক্ষতি কৰে কামৰূপ জিলাৰ বকোৰ বিস্তীৰ্ণ অঞ্চল। ৰুস্ত ৰেমালে অতি বেছি ক্ষতি কৰিছে বকোত কণিষ্ঠ মহাবিদ্যালয়ৰ। নিশা তীব্ৰ বেগেৰে অহা ৰেমালে কণিষ্ঠ মহাবিদ্যালয় খনৰ অধ্যক্ষৰ কোঠাৰ বৃহৎ পকি বেৰৰ ওপৰ ভাগ ভাঙি পেলাই আৰু অধ্যক্ষৰ কাৰ্য্যালয় কোঠাৰ ডেক্স বেঞ্চ ; ফেন লাইট ; কিতাপৰ আলমাৰিৰ লগতে বহু মূল্যৱান সা সামগ্ৰী ক্ষতি সাধন কৰে। ঘটনা সন্দৰ্ভত অধ্যক্ষ পংকজ কলিতা ; প্ৰতিস্থাপক সচিৱ ড: গণেশ্বৰ চহৰীয়া ; পৰিচালনা সমিতিৰ সভাপতি তথা প্ৰাক্তন বিধায়ক জ্যোতিপ্ৰসাদ দাস আৰু অধ্যাপক
ৰঞ্জন ৰাভাই জনোৱা মতে ধূমুহা ৰেমালে মহাবিদ্যালয় খনৰ প্ৰায় পাছ লাখতকৈ অধিক মূল্যৰ সা সামগ্ৰী ক্ষতি কৰে। ইফালে বকোৰ বহু অঞ্চলৰ লগতে কালিয়াবড়ী গাওঁৰ বহু পৰিয়ালৰ ক্ষতি সাধন কৰে। প্ৰত্যক্ষ কৰা অনুসৰি বকো ৰাজহ চক্ৰৰ অন্তৰ্গত কালিয়াবড়ী ; বৰপাৰা ; ডাকুৱাপাৰা ; লাংকোণা ; টুৰুকপাৰা ; দিলিংগা ; লামপাৰা ; বামুণী গাওঁ ; ছাটাবাৰীকে ধৰি বহু গাওঁত ধূমুহা ৰেমালে বিস্তৰ ক্ষতি কৰে। ইয়াৰোপৰি বিদ্যুৎ সংযোগ বিচ্ছিন্ন হোৱাত জন জীৱনৰ আহুকাল হৈছে।