ashomiyapatrika.com

ধাৰাপুৰত জুবিনৰ সংগীতানুষ্ঠানত আৰক্ষীৰ চক্ৰবেহুঃ ন্যায়ালয়ৰ নিৰ্দেশ পালন আৰক্ষী প্ৰশাসনৰ

0 47

গুৱাহাটীঃ বহু জল্পনা কল্পনাৰ অন্তত কালি নিশা ধাৰাপুৰ স্কুল খেলপথাৰত নৱ প্ৰজন্মৰ হাৰ্টথ্ৰ’ব জুবিন গাৰ্গে সংগীত পৰিৱেশন কৰি হেজাৰ- হেজাৰ জুবিন অনুৰাগীক মোহাচ্ছন্ন কৰি তোলে৷ উল্লেখনীয় যে ধাৰাপুৰ আঞ্চলিক ৰঙালী বিহু সন্মিলনীয়ে ৰঙালী বিহুৰ সাংস্কৃতিক অনুষ্ঠানৰ লগত সংগতি ৰাখি বিগত ২৭ এপ্ৰিলত সংগীত পৰিৱেশন কৰাৰ বাবে ধাৰাপুৰ স্কুল খেলপথাৰলৈ আমন্ত্ৰণ জনাইছিল নৱ প্ৰজন্মৰ হাৰ্টথ্ৰ’ব জুবিন গাৰ্গক । কিন্তু প্ৰাকৃতিক দুৰ্যোগৰ বাবে উক্ত নিশা জুবিন গাৰ্গে সংগীত পৰিৱেশন কৰিবলৈ নোৱাৰিলে যদিও সেই নিশাই এক অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ভৱ হয় । ধুমুহা-বতাহে বিহুতলীৰ ৰভা-মঞ্চ ক্ষণিক সময়ৰ ভিতৰতে ভাঙি-চিঙি

তচনচ কৰি পেলোৱাৰ সুযোগ লৈ সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰিবলৈ অহা দৰ্শক ৰাইজক ঘৰলৈ উভতি যোৱাৰ সময়তে দুৰ্বৃত্তৰ এটা দলে বাধা আৰোপ কৰাৰ লগতে সুৰক্ষাজনিত বিষয়ত ইতিমধ্যে নিয়োজিত হৈ থকা আৰক্ষীৰ লোকক শিলগুটি নিক্ষেপ কৰে । শিলগুটিৰ আক্ৰমণত আৰক্ষীৰ কেবাগৰাকী লোক কম-বেছি পৰিমাণে আঘাতপ্ৰাপ্ত হয় । কৰ্তব্যত নিয়োজিত হৈ থকা আৰক্ষীৰ গালৈ শিলগুটি নিক্ষেপ কৰা ঘটনাটোক অধিক গুৰুত্ব সহকাৰে লৈ মহানগৰ আৰক্ষীয়ে ধাৰাপুৰ অঞ্চলৰ ২১ জন দুৰ্বৃত্তক আটক কৰি আজাৰা থানালৈ লৈ যায় । আজাৰা আৰক্ষীয়ে ঘটনাটোৰ সৈতে প্ৰত্যক্ষ ভাবে জড়িত আঠজন দুৰ্বৃত্তক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ

কৰাৰ বিপৰীতে অইন ১৩ দুৰ্বৃত্তক মুকলি কৰি দিয়ে৷ ইপিনে ২৭ এপ্ৰিলৰ নিশা সাংস্কৃতিক অনুষ্ঠান বাতিল হোৱাৰ পৰিপ্ৰেক্ষিতত ধাৰাপুৰ আঞ্চলিক ৰঙালী বিহু সন্মিলনীয়ে কালি নিশা আয়োজন কৰে জুবিন গাৰ্গ সাংস্কৃতিক অনুষ্ঠান । কিন্তু অতি আশ্চৰ্যজনক কথা এই যে ধাৰাপুৰ আঞ্চলিক ৰঙালী বিহু সন্মিলনীয়ে ইতিমধ্যে মহানগৰ আৰক্ষী প্ৰশাসনৰ পৰা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰাৰ বাবে অনুমতি লৈ থোৱা আছিল যদিও ২৩ মে’ত গুৱাহাটী আৰক্ষী পশ্চিম জিলাৰ উপ-আৰক্ষী আয়ুক্ত গৰাকীয়ে সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত বিগত ২৭ এপ্ৰিলৰ নিশাৰ দৰে পৰিস্থিতি অধিক ভয়াৱহ হ’ব পাৰে বুলি গণ্য কৰি এক নিৰ্দেশনা যোগে

জুবিন গাৰ্গৰ অনুষ্ঠান বাতিলৰ নিৰ্দেশ দিয়ে ধাৰাপুৰ আঞ্চলিক ৰঙালী বিহু সন্মিলনীক৷ ধাৰাপুৰ আঞ্চলিক ৰঙালী বিহু সন্মিলনীয়ে আৰক্ষী প্ৰশাসনৰ নিৰ্দেশনাটোক প্ৰত্যাহ্বান হিচাপে লৈ ২৪ মে’ত গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন লেখ আবেদন দাখিল কৰে । লেখ আবেদনৰ ভিত্তিত গুৱাহাটী উচ্চ ন্যায়ালয়ে ধাৰাপুৰ স্কুল খেলপথাৰত আয়োজন কৰা জুবিন গাৰ্গ সাংস্কৃতিক অনুষ্ঠানত পৰ্যাপ্ত সংখ্যক নিৰাপত্তাৰক্ষীৰ লোক মোতায়েন কৰি জুবিন গাৰ্গ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ মহানগৰ আৰক্ষীক নিৰ্দেশ প্ৰদান কৰে । গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনাক সন্মান জনাই ধাৰাপুৰ আঞ্চলিক ৰঙালী বিহু সন্মিলনীয়ে কালি নিশা

ধাৰাপুৰ স্কুল খেলপথাৰত আয়োজন কৰে জুবিন গাৰ্গ সাংস্কৃতিক অনুষ্ঠান । লক্ষণীয় যে কালি সন্ধিয়াৰ পৰা পুৱতি নিশালৈ ধাৰাপুৰ স্কুল খেলপথাৰ চৌহদত নিৰাপত্তা বাহিনীৰ অগণন লোক গিজগিজাই থাকে । উল্লেখনীয় যে কালি নিশা বিৰ-দি-বাট নোপোৱা পৰিৱেশ এটাৰ মাজেৰে নৱ প্ৰজন্মৰ হাৰ্টথ্ৰ’ব জুবিন গাৰ্গে জুবিন অনুৰাগী সকলৰ মাজত প্ৰাণঢালি গীত পৰিৱেশন কৰি মোহাচ্ছন্ন কৰি ৰাখে । গীতৰ মাজতে সংগীত শিল্পী জুবিন গাৰ্গে কয় যে-“আজিৰ এই অনুষ্ঠানটোক কেন্দ্ৰ কৰি বিহু উদযাপন সমিতি ন্যায়ালয়লৈ যাবলগীয়া হোৱা বুলি জানিব পাৰিছো । উচ্চ ন্যায়ালয়ক আৰু বিহু উদযাপন সমিতিৰ কৰ্মকৰ্তাক ধন্যবাদ জ্ঞাপন কৰিছো৷’ উল্লেখ্য যে কালি

নিশা অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানৰ মঞ্চ আনুষ্ঠানিক ভাৱে মুকলি কৰে ধাৰাপুৰ তালুক কমিটিৰ সভাপতি তথা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা সত্য ভৰালীয়ে আৰু বন্তি প্ৰজ্বলন কৰে ধাৰাপুৰ তালুক কমিটি আৰু ধাৰাপুৰ আঞ্চলিক ৰঙালী বিহু সন্মিলনীৰ প্ৰাক্তন সভাপতি ধনেশ্বৰ কলিতাই । ইয়াৰ পিছত সাগৰিকা দাসৰ দলীয় বিহু নৃত্য পৰিৱেশন কৰাৰ লগতে অসম আইডল চন্দন দাস আৰু যুৱ শিল্পী পলাশ মেধিয়ে সংগীত পৰিৱেশন কৰি হেজাৰ হেজাৰ দৰ্শক-শ্রোতাক আপ্লুত কৰি তোলে। ইপিনে ধাৰাপুৰ আঞ্চলিক ৰঙালী বিহু সন্মিলনীয়ে জুবিন গাৰ্গৰ সংগীতানুষ্ঠান অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত আগবঢ়োৱা সহযোগিতাক ধন্যবাদ জ্ঞাপন কৰে।

Leave A Reply

Your email address will not be published.