ashomiyapatrika.com

চানমাৰি সাহিত্য সভাৰ বৈঠক

0 54

গুৱাহাটীঃ চানমাৰি সাহিত্য সভাৰ বৈঠক খন আজি পূৱ শৰনীয়াৰ নিবাসী ধনীৰাম তালুকদাৰৰ বাসভৱনত অনুষ্ঠিত হয়। সভাপতিৰ আসন শুৱনি কৰে কানন বৰদলৈয়ে। বিশিষ্ট অতিথিৰ আসন শুৱনি কৰে পূৰ্বৰ সভাপতি ধনীৰাম তালুকদাৰে। চিৰ চেনেহী মোৰ ভাষা জননী গীত পৰিৱেশন কৰে চানমাৰি সাহিত্য সভাৰ সদস্য সকলে। সভাৰ উদ্দেশ্য ব্যাখ্যা আৰু  পূৰ্বৰ বিৱৰণ পাঠ কৰে সম্পাদক দিলীপ বৰুৱাই। অসমৰ কেইবাজনো বিশিষ্ট সাহিত্যিকৰ পৰলোক প্ৰাপ্তি হোৱাত তেখেত সকলৰ আত্মাৰ শান্তিৰ বাবে এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰা হয়। সাহিত্য পাঠ অনুষ্ঠানত কবিতা প্ৰৱন্ধ গীত পৰিৱেশন কৰা হয়৷ সমালোচনা আগবঢ়োৱাই হিৰণ্য মমী বৰুৱাই৷ শলাগৰ শৰাই আগবঢ়াই সম্পাদক দিলীপ বৰুৱাই৷

Leave A Reply

Your email address will not be published.