ashomiyapatrika.com

তীব্ৰ গৰম, বিশুদ্ধ পানী যোগান ধৰাৰ বাবে উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ ব্যাপক তৎপৰতা আৰম্ভ

0 44

গুৱাহাটীঃ বিগত কিছুদিন ধৰি হৈ থকা তীব্ৰ গৰমে দেশৰ আন বহু ৰাজ্যৰ লগতে অসমতো স্বাভাবিক জনজীৱন ব্যাহত কৰি তোলা পৰিলক্ষিত হৈছে। ইফালে এই তীব্ৰ গৰমত ৰেলযাত্ৰীৰ স্বাস্থ্যজনিত দিশটোৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ পূব সীমান্ত ৰেলৱে কৰ্তৃপক্ষই অধিক যাত্ৰী সমাগম হোৱা কেবাটাও ৰেলৱে ষ্টেচন আৰু চলন্ত ৰেলত ৰেলযাত্ৰাৰ সময়ত যাত্ৰী সকলক বিশুদ্ধ খোৱাপানী যোগানৰ বাবে বিশেষ তৎপৰতা আৰম্ভ কৰিছে। উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া সব্যসাচী দেই জানিবলৈ দিয়া মতে কেইবাটাও ৰেল ষ্টেচন চৌহদত আৰু অনব’ৰ্ড ৰেলত বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ বাবে প্ৰচেষ্টা তীব্ৰতৰ কৰি তুলিছে। কেইবাটাও মুখ্য ৰেল

ষ্টেচনত ৱাটাৰ ভেণ্ডিং মেচিন (ডব্লিউভিএম), ব্রাটাৰ কুলাৰ আৰু ৱাটাৰ টেপৰ উপলব্ধতা নিশ্চিত কৰিছে। তদুপৰি মনোনীত ষ্টেচনসমূহত নিয়মীয়া ব্যৱধানত বা প্রযোজন অনুসৰি কুইক ৱাটাৰিং চিষ্টেম পদ্ধতি ব্যৱহাৰ কৰি সকলো দীর্ঘ দূৰত্বৰ ৰেলত পানী পুনৰ ভৰোৱা কাৰ্য নিশ্চিতকৰণ কৰা হৈ আছে। কেইবাটাও মুখ্য ষ্টেচনৰ প্লেটফর্মত ১০০টা তকৈ অধিক ৱাটাৰ ভেন্ডিং মেচিনৰ সেৱা আগবঢ়াই আছে৷ স্থাপন কৰা ৱাটাৰ ভেণ্ডি মেচিনসমূহে বটলত আৰু বহনযোগ্য পাত্ৰত ভৰোৱাৰ বাবে বিশুদ্ধ আৰু স্বাস্থ্যসম্মত পানী প্ৰদান কৰে। এই মেচিনসমূহৰ জৰিয়তে যাত্রীসকলে উচিত মূল্যত খোৱা পানী ক্ৰয় কৰিব পাৰিব। এই সুবিধাটো ২৪ ঘণ্টাই ষ্টেচনত

উপলব্ধ থাকিব। যাত্রীসকলে ৰিফিলিংৰ বাবে মাত্র ৫ টকা আৰু এক লিটাৰৰ কঢ়িয়াই নিব পৰা কন্টেইনাৰ বটলৰ বাবে ৮ টকাত পৰিষ্কাৰ আৰু বিশুদ্ধ খোৱাপানী লাভ কৰিব। একেদৰে, ৫ লিটাৰ পানীৰ ক্ষমতাসম্পন্ন বটলসমূহৰ ৰিফিলৰ বাবে ২০ টকা আৰু কঢ়িয়াই নিয়া পাত্রসহ পানীৰ ব্যয় মাত্ৰ ২৫টকা আদায় দিব লাগিব৷ ষ্টেচন আৰু ৰেলত যাত্রীসকলক খোৱা পানী যোগান ধৰাৰ এই সমন্বিত প্রচেষ্টাই হাইড্ৰেচন বৃদ্ধি কৰাৰ উপৰিও যাত্ৰীসকলৰ বাবে সামগ্রিক ভ্ৰমণৰ অভিজ্ঞতা বৃদ্ধি কৰিব। উত্তৰ পূব সীমান্ত ৰেলৱেই প্রতিকূল বতৰৰ পৰিস্থিতিতো সদায়ে যাত্ৰীৰ কল্যাণ আৰু আৰামক অগ্ৰাধিকাৰ দিয়া হে কাম কৰি আছে বুলি জনসম্পৰ্কৰক্ষী বিষয়াজনে সদৰি কৰিছে।

Leave A Reply

Your email address will not be published.