চৰকাৰে ব্যস্ততাৰ বাবে মহাপুৰুষ মাধৱদেৱৰ কথা পাহৰি পেলাইছে! ভূপেন বৰা
পুনৰ মাধৱদেৱ বঁটা প্ৰদানৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক আহ্বান ভূপেন বৰাৰ
নিউজ ডেক্সঃ ২০০৫ চনত তদানীন্তন তৰুণ গগৈ চৰকাৰে মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱ বঁটা প্ৰৱৰ্তন কৰিছিল। কিন্তু বিজেপি চৰকাৰখনে উক্ত বঁটাৰ ধাৰাবাহিকতা ৰক্ষা কৰা নাই। হয়তো কিবা বিশেষ ব্যস্ততাৰ বাবে বৰ্তমানৰ বিজেপি চৰকাৰখনে মহাপুৰুষ মাধৱদেৱৰ কথা পাহৰি পেলাইছে। শুকুৰবাৰে মহাপুৰুষ মাধৱদেৱৰ আৱিৰ্ভাৱ তিথি উপলক্ষে বিহপুৰীয়াত উপস্থিত হৈ এইদৰে কয় অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাই। প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে মহাপুৰুষ মাধৱদেৱৰ আৱিৰ্ভাৱ তিথিৰ দিনটোতে উক্ত বঁটা নিয়মীয়াকৈ প্ৰদান কৰিবলৈ চৰকাৰক আহ্বান জনায়। তেওঁ আৰু কয় যে অসমৰ বৌদ্ধিক, সাংস্কৃতিক, আধ্যাত্মিক, ধৰ্মীয় আৰু
ভাষীয় ক্ষেত্ৰত ঐক্য, সমন্বয়ৰ সৰ্বোচ্চ অৱদান আগবঢ়োৱা মহাপুৰুষ মাধৱদেৱৰ ভূমিকা মহাপুৰুষ শংকৰদেৱৰ দৰেই মহিমামণ্ডিত আৰু গৌৰৱোজ্জ্বল। বৰাই কয়, ‘শ্ৰীশ্ৰী মাধৱদেৱৰ পূণ্য জন্মস্থানত গুৰুজনাৰ স্মৃতি বিজড়িত পুৰাতাত্ত্বিক তাৎপৰ্যপূৰ্ণ সম্বলখিনি সংৰক্ষিত কৰাৰ উপযুক্ত ব্যৱস্থা গ্ৰহণেৰে ঠাইখিনিক পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু কৰাৰ প্ৰয়াসেৰে আৰু তেৰাৰ ঘোষা, সাহিত্য, গীত-মাত, নৃত্য আৰু জীৱন পৰিচয় ৰাষ্ট্ৰীয় ভিত্তিত প্ৰচাৰৰ উদেশ্য লৈ শ্ৰীশ্ৰী মাধৱদেৱ বঁটা আৰু শ্ৰীশ্ৰী মাধৱদেৱ কলাক্ষেত্ৰ প্ৰতিষ্ঠা কৰাৰ নেতৃত্ব ল’বলৈ পায় গৌৰৱ অনুভৱ কৰিছো।’ মাধৱদেৱ কলাক্ষেত্ৰৰ কাম কিছু লেহেমীয়া হ’লেও যথেষ্ট আগবাঢ়িছে আৰু এয়া এক ডাঙৰ সপোন বুলিও তেওঁ মন্তব্য কৰে।