গুৰুসকলে আমাৰ জনজীৱনক আধ্যাত্মিকতাৰ উপৰিও সমন্বয়, শিক্ষা আৰু সংস্কৃতিৰ জ্ঞান দি সমাজখনক একতাৰ ডোলেৰে বান্ধি থৈ গৈছেঃ সৰ্বানন্দ সোণোৱাল
বদলা পদ্ম আতাৰ আৱিৰ্ভাৱ মহোৎসৱ উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
ডিগবৈঃ ‘শ্ৰীশ্ৰী বদলা পদ্ম আতাই আমাৰ জনজীৱনক আধ্যাত্মিকতাৰ উপৰিও সমন্বয়, শিক্ষা আৰু সংস্কৃতিৰ জ্ঞান দি সমাজখনক একতাৰ ডোলেৰে বান্ধি থৈ গৈছে। আতাই কেইবাখনো সত্ৰ প্ৰতিষ্ঠা কৰি জাতীয় জীৱনক দি থৈ গৈছে ভক্তিৰসৰ অমিয়া সুধা। শ্রীশ্রী বদলা পদ্ম আতা সেৱা সমিতিয়ে বৰ্ণাঢ্য কাৰ্যসূচীৰে ডিগবৈত আয়োজন কৰা আতাৰ আৱিৰ্ভাৱ মহোৎসৱ উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰি নথৈ আনন্দিত হৈছোঁ। শ্ৰীশ্ৰী বদলা পদ্ম আতাৰ অম্লান আদৰ্শ আৰু অনন্য কৰ্মৰাজিৰে উদ্বুদ্ধ হৈ এখন সৰ্বাংগসুন্দৰ অসম গঢ়াৰ দিশত আমি সকলোৱে মিলি কাম কৰি যাব লাগিব।’ শ্রীশ্রী বদলা পদ্ম আতা সেৱা সমিতিয়ে ডিগবৈত আয়োজন কৰা বদলা পদ্ম আতাৰ
আৱিৰ্ভাৱ মহোৎসৱ উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এনেদৰে কয়। তেখেতে কয়, জীৱনৰ প্ৰতিটো শুভ কামত গুৰুসকলৰ আশিসে মোক অনুপ্ৰেৰণা যোগাই আহিছে। গুৰুসৱৰ আশিস শিৰত লৈ সমাজ, ৰাজ্য তথা দেশক সৰ্বাংগসুন্দৰ কৰাৰ বাবে আমি ন উদ্যমেৰে কাম কৰাৰ সংকল্প লৈছোঁ। বদলা পদ্ম আতাৰ আদৰ্শ অনুসৰণ কৰি আমি সকলোৱে মানৱীয় প্ৰমূল্যবোধ আৰু সাতামপুৰুষীয়া সমন্বয় সুদৃঢ় কৰাত মনোনিৱেশ কৰোঁ আহক। সমন্বয় আৰু ভক্তিচেতনাই সমাজ সুদৃঢ় কৰে। ভক্তি, সততা, নিষ্ঠাই জীৱনক সমৃদ্ধ কৰে। ভক্তিৰ আলোকেৰে উদ্ভাসিত হৈ আমি ন-উদ্যমেৰে ৰাষ্ট্ৰ নিৰ্মাণৰ যাত্ৰাত আগুৱাই যোৱাৰ
শক্তি লাভ কৰিব লাগিব। ভক্তিতেই আছে শক্তি- শান্তি- সম্প্ৰীতি। ভক্তিমাৰ্গে আমাক সুস্থ আৰু যোগাত্মক চিন্তাৰ অধিকাৰী হৈ আগুৱাই যাবলৈ উৎসাহিত কৰে। তেখেতে ভাষণ প্ৰসংগত কয়, সৰ্বগুণাকৰ শ্রীমন্ত শংকৰদেৱ গুৰুজনাৰ সুহৃদ মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ একান্ত প্রিয় শিষ্য শ্রীশ্রী বদলা পদ্ম আতাই শ্রীশ্রী বদলা পদ্ম আতা সত্র, শ্রীশ্রী কমলাবাৰী সত্ৰকে আদি কৰি অসমত ২৪ খন সত্ৰ প্ৰতিষ্ঠা কৰি জাতীয় জীৱনৰ আধ্যাত্মিক-সাংস্কৃতিক ভেটি সুদৃঢ় কৰি থৈ গৈছে। শ্রীশ্রী বদলা পদ্ম আতা সেৱা সমিতিয়ে প্রতিষ্ঠা কালৰে পৰাই বদলা পদ্ম আতা পুৰুষৰ অতুলনীয় কর্ম, আদৰ্শৰাজিৰ চৰ্চা আৰু প্ৰচাৰ-প্ৰসাৰৰ বাবে বিস্তৃত কাৰ্যসূচীৰ লগতে তেৰাৰ গুণৰাজি ধৰি ৰখাৰ
বাবে প্ৰতিবছৰে জাতি, ধর্ম, বর্ণ নির্বিশেষে ৰাইজৰ সহযোগত অসমভূমিৰ প্রান্তে প্রান্তে যি বর্ণাঢ্য কাৰ্যসূচীৰে আতাৰ আৱিৰ্ভাৱ মহোৎসৱ উদযাপন কৰি আহিছে, সেয়া অত্যন্ত শলাগনীয়। ভক্তিৰস বোৱাই ভাতৃত্ববোধৰ এনাজৰী সুদৃঢ় কৰি আৰু সমাজ জীৱনত আধ্যাত্মিকতাৰ বীজ সিঁচি বদলা পদ্ম আতাই যি মহৎ উদ্দেশ্য সিদ্ধি কৰিছিল, সেয়া সঁচাকৈয়ে প্ৰেৰণাদায়ক। মহাপুৰুষীয়া নৱ-বৈষ্ণৱ ধৰ্মৰ একনিষ্ঠ সেৱক শ্ৰীশ্ৰী বদলা পদ্ম আতাই উজনি অসমত শংকৰী ধৰ্ম-কলা-সংস্কৃতিৰ প্ৰচাৰৰ গুৰু দায়িত্ব বহন কৰিছিল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা আৰু মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ গুৰুজনাৰ আদৰ্শক সাৰোগত কৰি বদলা পদ্ম আতাই বিভিন্ন
জাতি-জনগোষ্ঠীক একত্ৰিত কৰি আধ্যাত্মিক- সাংস্কৃতিকভাৱে এখন শক্তিশালী সমাজ গঢ়ি থৈ গৈছে। গুৰুসকলে আমাক আধ্যাত্মিকতাৰ উপৰিও সমন্বয়, শিক্ষা আৰু সংস্কৃতিৰ জ্ঞান দি সমাজখনক একতাৰ ডোলেৰে বান্ধি থৈ গৈছে। সোণোৱালে লগতে কয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভক্তিচেতনা আৰু আধ্যাত্মিকতাক জীৱন যাত্ৰাৰ শক্তিশালী অংশ হিচাপে লৈ দেশক সবল কৰাত অগ্ৰণী ভূমিকা লৈ আহিছে। মহান মনীষী, গুৰুসকলে কিদৰে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ লগতে দেশৰ বুকুত আধ্যাত্মিক চেতনা জাগ্ৰত কৰি তুলিছিল আৰু প্ৰাচীন ভাৰতীয় জ্ঞান, সেৱা আৰু মানৱতাৰ পৰম্পৰাৰ প্ৰসাৰ কৰিছিল, সেই সন্দৰ্ভত
মোদীয়ে মনোগ্ৰাহী আলোকপাত কৰি আহিছে। ভক্তিমাৰ্গৰ পৰা বিচলিত নহৈ একান্তচিত্তে আমি সমাজৰ হকে, দহৰ হকে কাম কৰি যাব লাগিব আৰু মোদীৰ দূৰদৰ্শী দৃষ্টিভংগীক সাৰোগত কৰি ভাৰতবৰ্ষক ২০৪৭ চনৰ ভিতৰত আত্মনিৰ্ভৰ তথা আগশাৰীৰ উন্নত ৰাষ্ট্ৰ হিচাপে বিশ্বৰ বুকুত প্ৰতিষ্ঠা কৰিব লাগিব।