প্ৰাক্তন মন্ত্ৰী থানেশ্বৰ বড়োৰ দেহাৱসানঃ ৰাজ্যজুৰি শোকৰ ছাঁ
থানেশ্বৰ বড়োৰ বিয়োগত শোকাহত অগপঃ ৭ দিনলৈ দলৰ সকলো স্তৰৰ কাৰ্যালয়ত অৰ্ধনমিত কৰি ৰখা হ’ব দলীয় পতাকা
ৰঙিয়াঃ অসম গণ পৰিষদ দলৰ প্ৰাক্তন সভাপতি তথা প্ৰতিষ্ঠাপক জ্যেষ্ঠ নেতা, ৰাজ্য চৰকাৰৰ ৰাজহ ও শিক্ষা বিভাগৰ প্ৰাক্তন কেবিনেট মন্ত্ৰী থানেশ্বৰ বড়োৰ আজি পুৱা গুৱাহাটী মেডিকেল কলেজ হাস্পতালত দেহৱসান ঘটে। এই খবৰ বিয়পি পৰাৰ লগে লগে আত্মীয়ৰ লগতে অগণন গুণমুগ্ধ লোকে ভিৰ কৰেহি চিকিৎসালয়ত৷ দীৰ্ঘদিন ধৰি বৃক্ক,যকৃৎ, মধুমেহ, আৰু হৃদৰোগত আক্ৰান্ত হৈ দেহৰ বিভিন্ন অংশত পানী জমা হোৱাত চিকিৎসাধীন হৈ আছিল বড়োয়ে। অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী গৰাকীৰ মৃত্যুৰ সময়ত বয়স আছিল ৮৫ বছৰ। ৰাজ্য চৰকাৰৰ প্ৰাক্তন ৰাজহ আৰু শিক্ষা বিভাগৰ মন্ত্ৰী হোৱাৰ সময়ত তিনিবাৰকৈ ৰঙিয়া সমষ্টিৰ বিধায়ক আছিল থানেশ্বৰ
বড়ো। অসম গণ পৰিষদ চৰকাৰৰ প্ৰথমটো কাৰ্যকালত তেওঁ ৰাজহ মন্ত্ৰী হোৱাৰ লগতে পৰৱৰ্তী সময়ত দুবাৰকৈ শিক্ষামন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত আজি পুৱা চিকিৎসালয়তে ইহসংসাৰৰ পৰা বিদায় মাগিলে প্ৰাক্তন মন্ত্ৰী বড়োৱে৷ প্ৰাক্তন মন্ত্ৰী থানেশ্বৰ বড়োৰ বিয়োগত ভিন্ন দল-সংগঠনৰ গভীৰ শোক প্ৰকাশ অসমৰ প্ৰাক্তন শিক্ষামন্ত্ৰী থানেশ্বৰ বড়োৰ বিয়োগত ৰাজ্যৰ ভিন্ন দল-সংগঠনে গভীৰ শোক প্ৰকাশ কৰে। মানৱতাবাদী শিক্ষাবিদ, প্ৰাক্তন মন্ত্ৰী থানেশ্বৰ বড়োৰ বিয়োগত ৰাজ্যিক বিজেপিৰ সভাপতি তথা ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতাই মৰ্মাহত হৈ ব্যক্ত কৰে যে তেখেতৰ মৃত্যুত অসমৰ ৰাজনৈতিক তথা সামজিক
ক্ষেত্ৰখনৰ বাবে বৃহৎ এক ক্ষতি। তেখেতে অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনত অতিকৈ অভিজ্ঞ তথা সহজ সৰল মনৰ জনসেৱক আছিল। এনেক্ষেত্ৰত আমি এগৰাকী সততাৰ ৰাজনীতিবিদক হেৰুৱালো বুলিও মন্তব্য কৰে বিধায়ক কলিতাই। আনহাতে প্ৰাক্তন মন্ত্ৰীগৰাকীৰ মৃত্যুত ৰঙিয়াৰ বিভিন্ন শিক্ষানুষ্ঠান, অনুষ্ঠান-প্ৰতিষ্ঠান, ৰাজ্য সভাৰ সাংসদ ভুৱনেশ্বৰ কলিতা,প্ৰাক্তন বিধায়ক অনন্ত ডেকা, ঘনশ্যাম কলিতা, ৰঙিয়া জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক মুকুতানন্দ ভট্টাচার্য্য প্ৰমূখ্যে অগণন গুণমুগ্ধই শোক প্ৰকাশ কৰি ভগৱান শ্ৰীচৰণত তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গ তথা শুভাকাংক্ষী, অনুৰাগী ব্যক্তিসকললৈ
গভীৰ সমবেদনা জ্ঞাপন কৰে। আনপিনে ৰঙিয়াৰ বিভিন্ন সংগঠনৰ লগতে ৰঙিয়া ব্যৱসায়িক সন্থাই প্ৰাক্তন মন্ত্ৰীগৰাকীৰ আত্মাৰ সদগতি কামনা কৰি আবেলি ২ বজাৰ পৰা ৬বজালৈ ৰঙিয়া টাউনৰ সকলো ধৰণৰ দোকান পোহাৰ বন্ধ ৰাখে।
থানেশ্বৰ বড়োৰ বিয়োগত শোকাহত অগপঃ ৭ দিনলৈ দলৰ সকলো স্তৰৰ কাৰ্যালয়ত অৰ্ধনমিত কৰি ৰখা হ’ব দলীয় পতাকা
গুৱাহাটীঃ জাতীয়তাবাদী চিন্তা-চেতনাৰে স্বদেশ-স্বজাতিৰ হকে সেৱা আগবঢ়াই অসমীয়া জাতিক উদ্বুদ্ধ কৰা অগপৰ প্ৰাক্তন সভাপতি থানেশ্বৰ বড়োৱে আজি পুৱা ৭ বাজি ৮ মিনিটত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৮৫ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে। অসমৰ বুকুত আঞ্চলিকতাবাদ তথা অগপক শক্তিশালী
কৰাৰ বাবে আজীৱন অহোপুৰুষাৰ্থ কৰা থানেশ্বৰ বড়োৰ বিয়োগত শোকাহত হৈ পৰিছে অসম গণ পৰিষদৰ প্ৰতিজন কৰ্মকৰ্তা। বড়োৰ দেহাৱসানত অসম গণ পৰিষদে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে এয়া জাতীয় জীৱনৰ বাবে এক অপূৰণীয় ক্ষতি বুলি অভিহিত কৰিছে। অসম চৰকাৰৰ প্ৰাক্তন শিক্ষা আৰু ৰাজহ বিভাগৰ মন্ত্ৰী হোৱাৰ উপৰি ৩ বাৰকৈ অসম বিধানসভাত ৰঙিয়া সমষ্টিক প্ৰতিনিধিত্ব কৰা থানেশ্বৰ বড়োৰ নশ্বৰ দেহত অগপৰ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তৰ লগতে দলৰ আন নেতা-কৰ্মীসকলে আজি পুৱা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত উপস্থিত হৈ শ্ৰদ্ধাঞ্জলি জনায়। ইয়াৰ পাছতে বড়োৰ নশ্বৰ দেহ
গুৱাহাটীৰ আমবাৰীস্থ অগপৰ মুখ্য কাৰ্যালয়লৈ অনা হয়। ইয়াতো দলৰ নেতা-কৰ্মীসকলৰ লগতে অগপৰ ভাতৃ-ভগ্নী সংগঠনৰ বিষয়ববীয়াসকলে শ্ৰদ্ধাঞ্জলি জনায়। ইয়াৰ পৰা তেখেতৰ নশ্বৰ দেহত শেষশ্ৰদ্ধা জনোৱাৰ বাবে দিশপুৰস্থিত অসম বিধানসভাৰ প্ৰাংগণ, ৰুক্মিণী গাৱঁৰ নিজা আৱাসগৃহ আৰু লখৰাস্থিত বড়ো সাহিত্য সভাৰ ভৱনলৈ লৈ যোৱা হয়। পৰৱৰ্তী সময়ত অগপৰ কমলপুৰ বিধান পৰিষদৰ লগতে আন দল-সংগঠনসমূহেও থানেশ্বৰ বড়োৰ নশ্বৰ দেহত পুস্পাঞ্জলি অৰ্পন কৰে। ইয়াৰ পাছতে তেখেতৰ নশ্বৰ দেহ তেওঁৰ জন্মস্থান গুৰমৌলৈ লৈ যোৱা হয়। তাৰপাছত তেখেতৰ নশ্বৰ দেহ জীৱনৰ শেষৰ সময়ছোৱা অতিবাহিত কৰা ৰঙিয়ালৈ লৈ যোৱা হয়।
ইয়াত তেওঁক অগণন গুণমুগ্ধই শেষ শ্ৰদ্ধা জনায়। ৰঙিয়াতেই থানেশ্বৰ বড়োৰ ৰাজ্যিক মৰ্যদাৰে শেষকৃত্য সম্পন্ন কৰা হয়। তেখেতৰ শেষকৃত্যত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, অগপৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, অসম চৰকাৰৰ মন্ত্ৰীদ্বয় ঊৰ্খাও গৌড়া ব্ৰহ্ম আৰু ডাঃ ৰণোজ পেগু, ইউপিপিএলৰ সভাপতি তথা বিটিআৰপ্ৰধান প্ৰমোদ বড়ো, অগপৰ জ্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰী, বিধায়ক জয়ন্ত বসুমতাৰী প্ৰমুখ্যে কামৰূপৰ জিলা আয়ুক্ত, আৰক্ষী অধীক্ষক, জিলা প্ৰশাসনৰ অন্যান্য বিষয়া, অগপ, বিজেপি, ইউপিপিএলৰ নেতা তথা কৰ্মকৰ্তা, বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধি, গুণমুগ্ধ আৰু স্থানীয়
ৰাইজ উপস্থিত থাকে। ইফালে, প্ৰয়াত নেতাগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই অসম গণ পৰিষদ দলে সাতদিনীয়া শোক পালনৰ কথা ঘোষণা কৰে। আজিৰে পৰা অহা ৭ দিনলৈ দলৰ সকলো স্তৰৰ কাৰ্যালয়ত দলীয় পতাকা অৰ্ধনমিত কৰি ৰখা হ’ব। বড়োৰ বিয়োগত অসম গণ পৰিষদ দলৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই গভীৰ শোক প্ৰকাশ কৰি দলে এগৰাকী অভিভাৱক হেৰুৱালে বুলি দুখ প্ৰকাশ কৰে। বৰাই লগতে কয় যে, তেখেত আছিল এগৰাকী নিষ্ঠাবান, সৰল আৰু জাতীয় দায়বদ্ধতাসম্পন্ন ব্যক্তি। অসমৰ জাতীয় জীৱনৰ লগতে আঞ্চলিক ৰাজনীতিত তেখেতৰ অৱদান চিৰস্মৰণীয় হৈ ৰ’ব বুলি উল্লেখ কৰি মন্ত্ৰী বৰাই শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন
কৰে। অগপৰ কাৰ্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তইয়ো জ্যেষ্ঠ আঞ্চলিকতাবাদী ৰাজনৈতিক নেতা গৰাকীৰ বিয়োগত শোক প্ৰকাশ কৰাৰ লগতে তেখেতৰ বিয়োগ এক অপূৰণীয় ক্ষতি বুলি উল্লেখ কৰি এগৰাকী আদৰ্শবান অসমৰ হকে চিন্তা কৰা প্ৰকৃত জননায়কক হেৰুৱাবলগা হ’ল বুলি মতপোষণ কৰে।