মূল্য বৃদ্ধিৰ ৰোধৰ দাবীত আমিনগাও আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত আছুৰ উত্তাল প্ৰতিবাদ
গুৱাহাটীঃ সমগ্ৰ ভাৰতবৰ্ষত লোক সভা নিৰ্বাচন চলি থকা সময়তে সমগ্ৰ ৰাজ্যতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে জুৰুলা কৰি তুলিছে জনসাধাৰণক। মূল্য বৃদ্ধিৰ ৰোধৰ বিৰুদ্ধে আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত ৰাজ্যৰ সকলো জিলা ছাত্ৰ সন্থা সমূহে প্ৰতিবাদ কৰিছে। সমগ্ৰ ৰাজ্যৰ সমান্তৰালকৈ আমিনগাঁও আয়ুক্ত কাৰ্যালয়ৰ সন্মুখতো সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাই নৱজ্যোতি দাস আৰু তৌফিকুৰ ৰহমানৰ নেতৃত্বত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ ৰোধৰ দাবীত ‘বিক্ষোভ’ কাৰ্যসূচী ৰুপায়ন কৰিছে। প্ৰতিবাদকাৰী সকলে – মূল্য বৃদ্ধি ৰোধ কৰক, যোগান মন্ত্ৰী পদত্যাগ কৰক, অসম চৰকাৰ হায় হায়, সদৌ অসম ছাত্ৰ সন্থা জিন্দাবাদ আদি শ্লোগানেৰে
আমিনগাঁওৰ আকাশ-বতাহ উত্তাল কৰি তোলে। তিনি শতাধিকৰো অধিক প্ৰতিবাদকাৰী উপস্হিত থকা কাৰ্যসূচীটোত সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক পংকজ কলিতা উপস্হিত থাকি মূল্য বৃদ্ধি ৰোধৰ ক্ষেত্ৰত চৰকাৰ সম্পূৰ্ণৰূপে বিফল হৈছে বুলি মন্তব্য প্ৰদান কৰি অসমত লোক সভা নিৰ্বাচনৰ পিছত ,মূল্য বৃদ্ধিয়ে চৰকাৰৰ বিফলতাৰ ইতিহাস ৰচনা কৰিছে বুলি ক্ষোভ প্ৰকাশ কৰে। কাৰ্যসূচীটোত সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যালয় সম্পাদক ভৱজ্যোতি ডেকা উপস্হিত থাকি অসম চৰকাৰৰ যোগান মন্ত্ৰী জনক পুতুলা মন্ত্ৰী আখ্যা দিয়ে। অতিশীঘ্ৰেই মূল্য বৃদ্ধি ৰোধ কৰিব নোৱাৰিলে যোগান মন্ত্ৰীৰ পদত্যাগৰ দাবী উত্থাপন কৰে ছাত্ৰ নেতাজনে।