ashomiyapatrika.com

চিৰাঙৰ হজযাত্ৰীক বিদায় সম্বৰ্ধনা

0 37

কাজলগাওঁঃ পবিত্ৰ মক্কালৈ হজ কৰিবলৈ ওলোৱা চলিত বৰ্ষৰ চিৰাং জিলাৰ হজযাত্ৰীসকলক আনুষ্ঠানিকভাৱে বিদায় সম্বৰ্ধনা জনোৱা হয়। অইন বছৰৰ দৰে এইবেলিও চিৰাং জিলা হজ কমিটিৰ উদ্যোগত বৰতালোৱা দাৰুল উলুম মাদ্ৰাছা প্ৰাংগনত আজি দিনৰ এঘাৰ বজাত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত জিলাখনৰ মুঠ ছয় গৰাকী হজযাত্ৰীক হাজী ৰুমাল আৰু ফুলাম গামোচাৰ লগতে হজযাত্ৰীৰ বাবে লাগতিয়াল সামগ্ৰীৰ উপহাৰৰ টোপোলাৰে বিদায় সম্বৰ্ধনা জনোৱা হয়। জিলা হজ কমিটিৰ সদস্য সচিব তথা জিলাখনৰ অতিৰিক্ত আয়ুক্ত ফিৰদৌচ আলম শ্বেখৰ সভাপতিত্বত অনুষ্ঠিত উক্ত সভাত কোৰান পাঠ আৰু বৰতালোৱা জামে মছজিদৰ ইমাম

মুফতি আব্দুল বাতিন খানে বিশ্ব শান্তিৰ বাবে কৰা মোনাজাতৰ পিছতে সভাৰ আদৰণি ভাষণ ৰাখে হজ কমিটিৰ যুটীয়া সম্পাদক আব্দুল হামিদ পৰামাণিকে। সভাত হজযাত্ৰীসকলক উদ্দ্যেশি কিছু পৰামৰ্শ আগবঢ়ায় আলহাজ আমজাদ খানে। শহিদ আলী আহমেদ, হালিমা খাতুন, ওচমান গণি, মহম্মদ ছিদ্দিক আলী, আব্দুৰ ৰহিম প্ৰামাণিক, আবু বক্কৰ ছিদ্দিক, কুদ্দুচ আলী আৰু নুৰ আমিনকে ধৰি কেইবাগৰাকীও হজযাত্ৰীৰ লগতে স্থানীয় হাজীসকলক ফুলাম গামোচাৰে আদৰণি জনোৱা অনুষ্ঠানটি পৰিচালনা কৰে হজ কমিটিৰ সদস্য আবু বক্কৰ ছিদ্দিক আৰু ফকৰুদ্দিন আহমেদে। সভাৰ অন্তত সদস্য ছাইবুল হকে শলাগৰ শৰাই আগবঢ়ায়।

Leave A Reply

Your email address will not be published.