ashomiyapatrika.com

নিজম পৰিল ৰাজাবাৰীৰ মুকলি ব’হাগী বিদায় সন্মিলনৰ সমন্বয়ভূমিঃ কৃষ্টি সংস্কৃতিয়ে মহিয়ান কৰিলে অঞ্চলবাসীক

0 142

বকোঃ কামৰূপ জিলাৰ বকোৰ ৰাজাবাৰী ইয়ং ব্লু ক্লাৱৰ সৌজন্যত উনৈশ সংখ্যক বাৰ্ষিক মুকলি ব’হাগী বিদায় সন্মিলনত খেল ধেমালিৰ লগতে নৃত্য গীতৰ সমাহাৰে অঞ্চলবাসীক মহিয়ান কৰিলে। উল্লেখ্য যে ‘পাহাৰো আমাৰে – ভৈয়ামো আমাৰে’ বৰলুইত মিলনৰ সাকোঁ।অতিকৈ চেনেহৰ ব’হাগৰ বিহুটি নাপাতি কেনেকৈ থাকোঁ ‘- এই ব’হাগ আমাৰ ব’হাগ বাণীৰে বকোৰ ৰাজাবাৰীত আয়োজন কৰা হৈছে মুকলি ব’হাগী বিদায় সন্মিলন। যোৱাক ২৮ ব’হাগ আৰু ২৯ ব’হাগৰ দিনা দুই দিনীয়াকৈ আয়োজন কৰা হৈছিল মুকলি ব’হাগী বিদায় সন্মিলন। এই ব’হাগী বিদায় সন্মিলনত বিভিন্ন আকৰ্ষণীয় খেল ধেমালি প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে। ইফালে ৰাজাবাৰী ইয়ং

ব্লু ক্লাৱৰ সভাপতি গৌতম বড়ো আৰু সম্পাদক ৰাণা প্ৰতাপ বড়ো লগতে মুকলি ব’হাগী বিদায় সন্মিলন আয়োজক সমিতিৰ সভাপতি তপন বড়ো আৰু সম্পাদক উৎপল বড়োই জনোৱা মতে দুই দিনীয়াকৈ আয়োজন কৰা বিহুৰ বিস্তৃত কাৰ্য্যসুচীৰ লগত সংগতি ৰাখি খেল ধেমালি আৰু বাৰেবৰণীয়া সাংস্কৃতিক অনুষ্ঠানৰ সমাহাৰ ঘটোৱা হয়। ইফালে গাওঁ খনৰ সৰবৰহী কৰ্মী ৰজিত বড়োই সঞ্চালনা কৰা অনুস্থানত ভিন্ন কাৰ্য্যক্ৰমণিকা ৰূপায়ণ কৰে ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্য্যবাহী সদস্য নগৰমল স্বৰ্গীয়াৰী, সুমিত ৰাভা, সাধাৰণ সদস্য কমলেশ্বৰ দলৈ, অসম গণ পৰিষদৰ বকো-ছয়গাঁও বিধানসভা সমষ্টি সমিতিৰ সভাপতি গোলাপ মেধি, সদৌ

অসম কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ কাৰ্য্যকৰী সভাপতি তথা যুৱ সমাজ কৰ্মী অনুপম দাস, বিশিষ্ট সমাজ কৰ্মী গিৰীন্দ্ৰ কুমাৰ চৌধুৰী, অৱসৰপ্ৰাপ্ত শিক্ষক দেৱেন বড়ো, যুৱ ব্যৱসায়ী ভবেন দাস, ৰাজবাৰী গাওঁ উন্নয়ন সমিতিৰ সভাপতি কাতিৰাম বড়ো, তৰুণ বড়ো, নৰেন বড়োকে বহু শুভাকাংশীয়ে। আনহাতে আজি নিজম পৰিল ৰাজাবাৰীৰ মুকলি বিহুৰ সমন্বয় স্থলী। শিল্পী আৰু খেলুৱৈ সৃষ্টি কৰিবলৈ আয়োজন কৰা ব’হাগী বিদায় সন্মিলনে অঞ্চলটোত ঐক্য সংস্কৃতিৰ সৃষ্টি কৰে।

Leave A Reply

Your email address will not be published.