বকোৰ বনাঞ্চলিক এলেকাত হাতী-মানুহৰ সংঘাট দুৰ কৰিবলৈ সজাগতা অনাৰ ঘোষণা
বকোঃ জনমুৰি আয় বঢ়াৰ বাবে জন বসতি বৃদ্ধি হোৱাত বনাঞ্চল সংকুচিত হৈ পৰিছে। সেয়ে বনাঞ্চলৰ জীৱ কুলৰ লগত প্ৰায়েই সংঘাট সৃষ্টি হয় মানুহৰ। জীৱ কুলৰ বনৰীয়া হাতী আৰু মানুহৰ প্ৰায়েই সৃষ্টি হয় সংঘাট। এই সংঘাটৰ পৰিণতিত দক্ষিণ কামৰূপ জিলাৰ ভিন্ন প্ৰান্তত কেৱা গৰাকীও মানুহ হতাহত হৈছে। এই ক্ষেত্ৰত পোনচাতেই অভিযোগ উত্থাপিত হয় বন বিভাগৰ বিৰুদ্ধে। ইফালে বন বিভাগৰ তৰফৰ পৰাও যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰে যদিও হাতী-মানুহৰ সংঘাট দুৰ কৰিব পৰা নাযায়। সেয়ে এতিয়াৰ পৰা বনাঞ্চলৰ দাঁতি-কাষৰীয়া লোক সকলোৰ জীৱন সম্পত্তি ৰক্ষা কৰিবলৈ এক আধুনিক প্ৰচেষ্টা হাতত লৈছে বন বিভাগে। উল্লেখ্য যে বকোস্থিত শিংৰা
বনাঞ্চলিক বিষয়া ভাৰ্গৱ হাজৰিকাৰ তৎপৰতাত বনাঞ্চলিক এলেকাৰ জনসাধাৰণক সজাগ কৰিবলৈ আৰু হাতী-মানুহৰ সংঘাত দূৰ কৰি শান্তিপূৰ্ণ সহাৱস্থানৰ কাৰণে সজাগতা বৃদ্ধি কৰিবলৈ মাইকেৰে ঘোষণা কৰে। শিংৰা বনাঞ্চলিক কাৰ্যালয়ৰ তৰফৰ পৰা বন বিষয়া গৰাকীৰ তৎপৰতাত বকোৰ হাহিম, গোহালকোণা, মৌমান, জোঙাখুলি আদিকে ধৰি ভিন্ন স্থানত Loudspeakerৰ (মাইকৰ )ৰে জৰিয়তে সজাগতা অভিযান চলোৱা হয়। মাইকেৰে ঘোষণা কৰি বনৰীয়া হাতী তথা বনৰীয়া প্ৰাণীৰ আক্ৰমনৰ পৰা ৰক্ষা পাব পৰা কৌশল আৰু সজাগ হৈ থকাৰ পৰামৰ্শ আগবঢ়ায়। বন বিষয়া ভাৰ্গৱ হাজৰিকাৰ এই পদক্ষেপক অঞ্চলস্থ
ৰাইজে শলাগ লৈছে। এনে সজাগতা মুলক কাৰ্য্যৰ জৰিয়তে হাতী-মানুহৰ সংঘাট দুৰ হোৱাৰ সম্ভাৱনা আছে। এনে সজাগতা সৃষ্টিয়ে হাবি বননিত মানুহৰ সুৰক্ষা নিশ্চিত হ’ব বুলি প্ৰসংশা কৰে সমাজ সচেতন ৰাইজে।