সোণাপুৰ চৰকাৰী বৃদ্ধাবাসত মাতৃ দিৱস উদযাপন
গুৱাহাটীঃ অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ উদ্যোগত আৰু মনালিছা ছ’চাইটিৰ সহযোগত সোণাপুৰ চৰকাৰী বৃদ্ধাবাসত বিভিন্ন কাৰ্যসূচীৰে মাতৃ দিৱস উদযাপন কৰা হয়। উক্ত অনুষ্ঠানত সামাজিক ন্যায় আৰু সবলীকৰন বিভাগৰ সঞ্চালক শ্ৰীযুত ভাস্কৰজ্যোতি মান্তা দেৱে বৃদ্ধাবাসৰ মাতৃ সকলক ফুলাম গামোছাৰে সম্বৰ্ধনা জ্ঞাপন কৰে আৰু মাতৃ দিৱসৰ লগত সংগতি ৰাখি কেইবাজোপাও গছপুলি ৰোপন কৰে।
উক্ত অনুষ্ঠানত ৰাজহ চক্ৰ বিষয়া প্ৰিয়ংকা গগৈ, বিশিষ্ট সমাজকৰ্মী পূৰ্ণিমা তেৰণপি, সামাজিক ন্যায় আৰু সৱলীকৰন বিভাগৰ জ্যেষ্ঠ বিষয়া প্ৰবীণ ঠাকুৰীয়া, চামিমা আহমেদ, সুচিব্ৰতা বুজৰবৰুৱা আৰু সোণাপুৰ চৰকাৰী বৃদ্ধাবাসৰ সদস্য সম্পাদক উৎপল কুমাৰ হৰ্ষবৰ্ধন উপস্থিত থাকে। মাতৃ দিৱসৰ লগত সংগতি ৰাখি বৃদ্ধাবাসৰ মাতৃ সকলে কেক কাটি মাতৃ দিৱস উদযাপন কৰে।