ashomiyapatrika.com

আপৰ লক্ষ্য ২০২৬ চনৰ বিধান সভা নিৰ্বাচন-ডাঃ ভবেন চৌধুৰী

0 31

চেঙাত আপৰ কাৰ্যালয় উদ্বোধনঃ বিজেপি চৰকাৰৰ ব্যৰ্থতাৰ বিৰুদ্ধে সৰৱ আপ

গুৱাহাটীঃ ৰাজ্যৰ ১৪ টাকৈ লোকসভা সমষ্টিত অনুষ্ঠিত নিৰ্বাচনৰ ভোট গণনাৰ পূৰ্বেই ২০২৬ চনত অনুষ্ঠিত হ’বলগীয়া বিধান সভা নিৰ্বাচনৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে আম আদমী পাৰ্টিয়ে। আজি বৰপেটা জিলাৰ চেঙা বিধান সভা সমষ্টিৰ অন্তৰ্গত বহৰিৰ সমীপৱৰ্তী হৰিপুৰত আম আদমী পাৰ্টিৰ কাৰ্যালয় মুকলি কৰে দলৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীয়ে। আপৰ চেঙা সমষ্টি কমিটিৰ কাৰ্যালয় মুকলি কৰি ডাঃ চৌধুৰীয়ে কয়, ‘২০২৬ চনৰ মে’ মাহৰ ভিতৰত অসমত বিধান সভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব। আমাৰ দলে এতিয়াৰ পৰাই দলৰ তৃণমূল পৰ্যায়ৰ সাংগঠনিক ভেটি সুদৃঢ় কৰাৰ বাবে কাম কৰি আছে। ৰাজ্যৰ প্ৰতিটো বিধান সভা সমষ্টিতে দলৰ

কাৰ্যালয় স্থাপনৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। বিভিন্ন স্থানত দলীয় যোগদান কাৰ্যসূচী অনুষ্ঠিত কৰি নতুন সভ্য ভৰ্ত্তি কৰা হৈছে। অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ তিনিবছৰীয়া কাৰ্যকালৰ বিফলতাৰ বিৰুদ্ধে ৰাজ্যবাসীক সজাগ কৰিবৰ বাবেও আমি এলানি কাৰ্যসূচী গ্ৰহণ কৰিছো। আমাৰ বিশ্বাস পৰৱৰ্তী বিধান সভা নিৰ্বাচনত বিজেপিৰ ব্যৰ্থতাৰ বিৰুদ্ধে আম আদমী পাৰ্টিক ৰাইজে আঁকোৱালি ল’ব।’ দলীয় কাৰ্যালয় মুকলি কৰাৰ পিছত অনুষ্ঠিত মুকলি সভাত এনেদৰে আপৰ ভবিষ্যত কাৰ্যপন্থা সন্দৰ্ভত মত ব্যক্ত কৰে ডাঃ ভবেন চৌধুৰীয়ে। সভাত অংশ গ্ৰহণ কৰি আপৰ ৰাজ্যিক সাংগঠনিক সম্পাদক ড° মামুন ইমদাদুল হক চৌধুৰীয়ে বিজেপি নেতৃত্বাধীন ৰাজ্য

চৰকাৰৰ তিনিবছৰীয়া কাৰ্যকালৰ ব্যৰ্থতাৰ বিৰুদ্ধে সৰৱ হয়। কাৰ্যসূচীত আপৰ মিডিয়া সম্পাদক আমিৰ হুছেইন, গুৱাহাটী পৌৰ নিগমৰ ৱাৰ্ড মেম্বাৰ মাছুমা বেগম, আপৰ বৰপেটা জিলা সমিতিৰ সভাপতি হাদিউল ৰহমান, ৰাজ্যিক সাংগঠনিক সম্পাদক মনছুৰ তালুকদাৰৰ লগতে জিলা সমিতিৰ বহুকেইগৰাকী নেতা উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.