চানমাৰি পেঞ্চনাৰ ভৱনত বিশ্ব পক্ষী দিৱস উদযাপন
গুৱাহাটীঃ ৰাজ্যিক পক্ষী সুৰক্ষা পৰিষদ অসমৰ উদ্যোগত আজি গুৱাহাটীৰ চানমাৰি পেঞ্চনাৰ ভৱনত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় ২০সংখ্যক বিশ্ব পক্ষী দিৱস। ৰাজ্যিক পক্ষী সুৰক্ষা পৰিষদ অসম তথা ২০সংখ্যক বিশ্ব পক্ষী দিৱস উদযাপন সমিতিৰ সভাপতি প্ৰহ্লাদ শংকৰ ভাগৱতীৰ পতাকা উত্তোলনৰে আৰম্ভ হোৱা অনুষ্ঠানৰ কাৰ্যসূচী অনুসৰি স্মৃতি তৰ্পণ কৰে অৱসৰী অধীক্ষক অভিযন্তা ড° ত্ৰিলোচন বৰুৱাই আৰু বৃক্ষৰোপণ কৰে বিশিষ্ট অতিথি তথা শিক্ষাবিদ ড° দয়ানন্দ পাঠকে। অনুষ্ঠানৰ লগত সংগতি ৰাখি পক্ষী আৰু প্ৰকৃতি বিষয়ৰ ওপৰত আয়োজিত কবিতা আবৃত্তি শিতানত কেইবাগৰাকীও কবিয়ে কবিতা পাঠ কৰে।
একেটা অনুষ্ঠানতে ব্যক্তিগত খণ্ডৰ আগশাৰীৰ শৈক্ষিক প্ৰতিষ্ঠান চাউথ পইন্ট স্কুলৰ একাংশ ছাত্ৰ-ছাত্ৰীয়েও অংশগ্ৰহণ কৰি কবিতা পাঠ কৰে। অনুষ্ঠানৰ লগত সংগতি অৱসৰী অভিযন্তা অঞ্জলী চলিহাৰ ‘সাধু কথাৰ কুকি’ শীৰ্ষক গ্ৰন্থখনো আনুষ্ঠানিক ভাৱে উন্মোচন কৰে সভাপতি প্ৰহ্লাদ শংকৰ ভাগৱতীয়ে। ইপিনে বন্তি প্ৰজ্বলনৰে সভাৰ মূল কাৰ্যসূচী আগবঢ়া আজিৰ অনুষ্ঠানৰ লগত সংগতি ৰাখি দিনৰ ১:৩০ বজাৰ পৰা অনুষ্ঠিত মুকলি সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি ভাষণ প্ৰদান কৰি পক্ষী দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰে চাউথ পইন্ট স্কুলৰ অধ্যক্ষ কৃষ্ণাঞ্জন চন্দৰ লগতে বিশিষ্ট চিকিৎসক ডাঃ অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই। প্ৰায় শতাধিক কবি -সাহিত্যিক আৰু সচেতন ব্যক্তি উপস্থিত থকা আজিৰ অনুষ্ঠানৰ সামৰণি পৰে দিলীপ বৰুৱাৰ শলাগৰ শৰাইৰে।