ashomiyapatrika.com

বকোৰ বন্দাপাৰাত বড়ো জাতীয় চাৰি সংগঠনৰ অধিবেশনৰ শুভাৰম্ভঃ মুকলি সভাৰ অতিথি – নীলকান্ত গয়াৰী

0 40

বকোঃ কামৰূপ জিলাৰ বকোৰ বন্দাপাৰাত বড়ো জাতীয় চাৰি সংগঠনৰ অধিবেশনৰ বিস্তৃত কাৰ্য্যক্ৰমণিকা আজিৰ পৰা শুভাৰম্ভ হৈছে। উল্লেখ্য যে ওখাফৌৰ শাখা বড়ো জাতীয় পৰিষদৰ অভ্যৰ্থনাত ৪০ সংখ্যক বকো আঞ্চলিক বড়ো জাতীয় পৰিষদৰ অধিবেশন, ২৭ সংখ্যক বকো আঞ্চলিক বাথৌ মহাসভা, ৯৮ সংখ্যক লুকি-বেকেলী মৌজা বড়ো জাতীয় পৰিষদৰ, বাথৌ মন্দিৰ সমিতি, কৃষ্টি মন্দিৰ সংঘকে ধৰি অন্যান্য বড়ো জাতীয় সংগঠনৰ অধিবেশন আজিৰ পৰা শুভাৰম্ভ হৈছে। এই উপলক্ষে বকো আঞ্চলিক বড়ো জাতীয় পৰিষদৰ সভাপতি বিষ্ণু বসুমতাৰী, সাধাৰণ সম্পাদক নিৰণ খাখলাৰী, বাথৌ মহাসভাৰ সভাপতি বলোৰাম বড়ো আৰু সম্পাদক সুনীল

বসুমতাৰী লগতে অভ্যৰ্থনা সমিতিৰ সভাপতি প্ৰফুল্ল বড়ো আৰু সম্পাদক মুনিন্দ্ৰ দৈমাৰীয়ে জনোৱা মতে বড়ো জাতিৰ সামগ্ৰীক উন্নয়ন আৰু বিকাশৰ লক্ষ্যৰে কাম কৰি থকা জাতীয় সংগঠন কেইটাৰ অধিবেশনত জাতিটোৰ ভৱিষ্যত আৰু নতুন প্ৰজন্মৰ মাজত বৌদ্ধিক বিকাশৰ প্ৰদক্ষেপ গ্ৰহণ কৰা হ’ব বুলি জানিব দিয়ে উদ্যোক্তা মণ্ডলীয়ে। চাৰিওটা সংগঠনৰ অধিবেশনৰ ভিন্ন কাৰ্য্যসুচী অনুসৰি লুকি-বেকেলী প্ৰাথমিক বড়ো সাহিত্য সভাৰ সোণালী জয়ন্তী উদযাপনৰ লগত সংগতি ৰাখি আয়োজন কৰা মুকলি সভাৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকিব বড়ো সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ প্ৰধান সম্পাদক নীলকান্ত গয়াৰী। উল্লেখ্য যে দক্ষিণ

কামৰূপৰ চাৰিটাকৈ গুৰুত্বপূৰ্ণ জাতীয় সংগঠনৰ ‘বকো আঞ্চলিক বড়ো জাতীয় পৰিষদ, বকো আঞ্চলিক বাথৌ মহাসভা, লুকি-বেকেলী মৌজা বড়ো জাতীয় পৰিষদ, লুকি-বেকেলী প্ৰাথমিক বড়ো সাহিত্য সভা’ ৰ মুকলি সভাত কেন্দ্ৰীয় বড়ো সাহিত্য সভাৰ প্ৰধান সম্পাদক নীলকান্ত গয়াৰী মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে। জানিব পৰা মতে, জাতীয় সমস্যা বাদেই, নিজৰ সংগঠনৰ জিলা সমিতিয়ে ৰাজনৈতিক যি সিদ্ধান্ত লৈ ৰাইজৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিলে, এইক্ষেত্ৰত মূখ্য অতিথি কেন্দ্ৰীয় বড়ো সাহিত্য সভাৰ সম্পাদক নীলকান্ত গয়াৰীয়ে মুকলি সভাত যি বক্তব্য ৰাখে বা কি ব্যৱস্থা গ্ৰহণ কৰে তাৰ ওপৰত নিৰ্ভৰ কৰিছে

নৱগঠিত কামৰূপ জিলা বড়ো সাহিত্য সভাৰ ভৱিষ্যত। বড়ো সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিত কোনো সিদ্ধান্ত নোহোৱা সত্ত্বেও নৱগঠিত কামৰূপ জিলা বড়ো সাহিত্য সভাই সম্পন্ন হৈ যোৱা লোকসভা নিৰ্বাচনত বিজেপি প্ৰাৰ্থীৰ সমৰ্থনত প্ৰস্তাৱ গ্ৰহণ কৰি সংবাদ মেলত সদম্ভে ঘোষণা কৰা কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হৈছে। উল্লেখযোগ্য, বিগত লোকসভা নিৰ্বাচনত দক্ষিণ কামৰূপ বড়ো জাতীয় পৰিষদৰ নেতৃত্বত সাটোতাকৈ জাতীয় সংগঠনে আনুষ্ঠানিক ভাৱে প্ৰস্তাৱ গ্ৰহণ কৰি বিজেপি প্ৰাৰ্থীৰ সমৰ্থনত সংবাদমেল আয়োজন কৰিছিল। উক্ত সিদ্ধান্ত গ্ৰহণৰ বাবে কোনো জাতীয় অভিৱৰ্ত্তন বা সভা সমিতি অনুষ্ঠিত হোৱা নাছিল। সেয়ে ইতিমধ্যে ছয়গাঁৱ

আঞ্চলিক বড়ো জাতীয় পৰিষদে সংবাদমেল যোগে প্ৰতিবাদ কৰি জিলা সমিতি কমিতিক ধিক্কাৰ দিছিল। দক্ষিণ কামৰূপ বড়ো জাতীয় সংগঠনৰ এই অৰাজকতাক লৈ তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰি কেন্দ্ৰীয় বড়ো সাহিত্য সভাৰ প্ৰাক্তন কাৰ্যকৰী সদস্য স্বাধীন বড়োই কয় যে, দক্ষিণ কামৰূপৰ বড়ো জাতীয় সংগঠন সমূহক কেইগৰাকী মান ব্যক্তিয়ে একাধিক পদ নিজৰ হাতত ৰাখি ঘৰুৱা সম্পত্তি হিচাপে ব্যৱহাৰ কৰিছে। উদাহৰণ স্বৰূপে জিলা বড়ো জাতীয় পৰিষদৰ সভাপতি নগৰমল স্বৰ্গীয়াৰীয়ে আঞ্চলিক পৰিষদৰ উপ সভাপতি, আঞ্চলিক বড়ো জাতীয় পৰিষদৰ সভাপতি, জিলা বাথৌ সমিতিৰ সভাপতি। তদ্ৰুপ নিৰণ খাকলাৰী আঞ্চলিক বড়ো

জাতীয় পৰিষদ আৰু জিলা জাতীয় পৰিষদ উভয়ৰে প্ৰধান সম্পাদক। এনে কাৰ্য্যৰ বাবে সংগঠনত স্বৈৰাচাৰ বাঢ়িছে বুলি স্বাধীন বড়োই তীব্ৰ ক্ষোভ প্ৰকাশ কৰে। মুকলি সভাত মুখ্য অতিথি নীলকান্ত গয়াৰীৰ বক্তব্যৰ ওপৰত নিৰ্ভৰ কৰিব কেন্দ্ৰীয় বড়ো সাহিত্য সভাৰ প্ৰকৃত স্থিতি।

Leave A Reply

Your email address will not be published.