ashomiyapatrika.com

আৰ্থিক দৈন্যতাক পৰাজিত কৰি উচ্চতৰ মাধ্যমিক পৰীক্ষাত উজলিল ৰাজমিস্ত্ৰীৰ কন্যা উম্মে ইয়াচমিন

0 74

মেধাৱী ছাত্ৰী গৰাকীক শৈক্ষিক দিশত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আহ্বান

ৰঙিয়াঃ দৃঢ় সংকল্প, কঠোৰ অধ্যাৱসায় স্থিৰ লক্ষ্য লৈ আগুৱাই গলে কোনো বাঁধাই জীৱনত হেঙাৰ হৈ থিয় দিব নোৱাৰে। এই কথা পুণৰবাৰ প্ৰতিপন্ন কৰিলে ৰঙিয়া মহকুমাৰ সমীপৱৰ্তী তামুলপুৰ জিলাৰ অন্তৰ্গত ধেপাৰ গাঁওৰ এগৰাকী দুখীয়া মেধাৱী ছাত্ৰী উম্মে ইয়াচমিনে। অত্যন্ত গৰীব ৰাজমিস্ত্ৰী পিতৃ ফিৰোজ আলী আৰু গৃহিনী মাতৃ ৰুমী বেগমৰ কন্যা উম্মে ইয়াচমিনে সদ্যঘোষিত উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাৰ বিজ্ঞান শাখাত ৮৯% শতাংশ নম্বৰ লাভ কৰি সুখ্যাতিৰে উৰ্ত্তীণ হৈছে। ৰঙিয়াৰ ইউক্লিড ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ লগতে নিকটাত্মীয়ৰ অৰ্থ সাহায্যৰে অধ্যয়ন কৰা উম্মে ইয়াচমিনে ইউক্লিড ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হৈছিল।

তেওঁ ইংৰাজীত ৮৪, অসমীয়াত ৯১, ৰসায়ন বিজ্ঞানত ৯৪, পদাৰ্থ বিজ্ঞানত ৯২, উদ্ভিদ-জীৱ বিজ্ঞানত ৮৪ নম্বৰ সহ মুঠ ৪৪৫ নম্বৰ লাভ কৰে। তেওঁ পাঁচটা বিষয়ত লেটাৰ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈ নিজ ঘৰখন, বিদ্যালয়লৈ গৌৰৱ কঢ়িয়াই অনাৰ উপৰিও অঞ্চলটিলৈকে গৌৰৱ কঢ়িয়াই আনিছে। উল্লেখ্য অসম উচ্চ মাধ্যমিক বিদ্যালয় শেক্ষান্ত পৰীক্ষা ২০২২ বৰ্ষৰ ফলাফলতো উম্মে ইয়াচমিনে ৯১ শতাংশ নম্বৰ লৈ পাচটা বিষয়ত লেটাৰ নম্বৰসহ ডিষ্টিংচন লৈ উত্তীৰ্ণ হৈছিল। এনেক্ষেত্ৰত উম্মে ইয়াচমিনৰ ফলাফলে অঞ্চলজুৰি আনন্দৰ বন্যা বোৱাইছে। ভৱিষ্যতে এগৰাকী ডক্টৰ হোৱাৰ সপোন দেখা ইয়াচমিনে সদ্যহতে কোনো এটা কোচিং চেন্টাৰত

নামভৰ্তি কৰাৰ আশা প্ৰকাশ কৰিছে। কোনো সদাশয় ব্যক্তিয়ে মেধাৱী ছাত্ৰী গৰাকীক শৈক্ষিক দিশত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আগুৱাই আহিলে ৬০০৩০৭১৮৫৩ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হৈছে।

Leave A Reply

Your email address will not be published.