কামৰূপ মহানগৰত নিৰ্বাচনী প্ৰস্তুতি চূড়ান্ত পৰ্যায়তঃ জিলা নিৰ্বাচন বিষয়াৰ বিশেষ পৰ্যালোচনা সভা
গুৱাহাটীঃ অহা ৭ মে’ত অনুষ্ঠিত হ’বলগীয়া ৰাজ্যখনৰ অন্তিম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত আজি মহানগৰীৰ মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত নিৰ্বাচনী প্ৰস্তুতি সম্পৰ্কীয় এখন বিশেষ পৰ্যালোচনা সভা অনুষ্ঠিত হয়। কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়া তথা জিলা আয়ুক্ত সুমিত সাত্তাৱনৰ পৌৰহিত্যত অনুষ্ঠিত উক্ত সভাত সাধাৰণ পৰ্যবেক্ষক কেশৱ সিংঘানিয়া, মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰা, অতিৰিক্ত আয়ুক্ত তথা মিডিয়া চাৰ্টিফিকেছন মণিট’ৰিং কোষৰ ন’ডেল বিষয়া কংকন শৰ্মাকে ধৰি কেইবাগৰাকী সংশ্লিষ্ট বিষয়াই অংশগ্ৰহণ কৰে। সভাত উপস্থিত জ’নেল বিষয়া, আৰক্ষী আৰু অসামৰিক উভয়ৰে চেক্টৰ বিষয়াসকলক ভোটগ্ৰহণ
প্ৰক্ৰিয়াত নিজৰ দায়িত্ব নিষ্ঠা আৰু সততাৰে পালন কৰিবলৈ জিলা আয়ুক্তই আহ্বান জনায়৷ তেওঁ লগতে কয় স্বচ্ছ, নিকা, নিখুঁত নিৰ্বাচনৰ স্বাৰ্থত আমি প্ৰত্যেকেই ত্যাগৰ মনোভাৱেৰে ধৈৰ্য সহকাৰে নিৰ্বাচন আয়োগৰ সকলো নীতি-নিয়ম মানি নিজৰ কৰ্তব্য পালন কৰিব লাগিব। তদুপৰি নিৰ্বাচনৰ সময়ছোৱাত নিজৰ সংশ্লিষ্ট এলেকাৰ আইন শৃংখলা পৰিস্থিতিৰ প্ৰতি চোকা দৃষ্টি ৰাখিবলৈ মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই চেক্টৰ আৰক্ষী বিষয়াসকলক আহ্বান জনায়৷ উল্লেখযোগ্য যে কামৰূপ মহানগৰ জিলাৰ বাবে মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত ই ভি এম, নিৰ্বাচনী সামগ্ৰী আদিৰ বিতৰণৰ ব্যবস্হা কৰা হৈছে। সেইদৰে ভোটগ্ৰহণৰ অন্তত ই ভি এম গ্ৰহণ আৰু ষ্ট্ৰং ৰুমৰ ব্যৱস্থা কৰা হৈছে মণিৰাম দেৱান ট্ৰেড চেণ্টাৰতে৷