জৱাহৰলাল নেহৰু মহাবিদ্যালয় বকোত উত্তৰ পূৰ্বাঞ্চল উদ্যমিতা পৰিষদৰ উদ্যোগত মানৱ সম্পদক উদ্যোগী কৰি গঢ়াৰ কৌশল শিক্ষণ প্ৰশিক্ষণৰ সামৰণি
বকোঃ ভাৰতীয় উদ্যমিতা প্ৰতিষ্ঠানৰ উত্তৰ পূৰ্বাঞ্চল পৰিষদৰ উদ্যমিতা উন্নয়ণ কেন্দ্ৰৰ উদ্যোগত কামৰূপ জিলাৰ বকোৰ ঐতিহ্যমণ্ডিত জৱাহৰলাল নেহৰু মহাবিদ্যালয়়ত অনুষ্ঠিত হয় উদ্যোগী শিক্ষণ প্ৰশিক্ষণৰ কৰ্মশালা। উল্লেখ্য যে জৱাহৰলাল নেহৰু মহাবিদ্যালয় বকোৰ হীৰক জয়ন্তী বৰ্ষ উযাপনৰ লগত সংগতি ৰাখি যোৱা ২২ এপ্ৰিলৰ পৰা ২৬ এপ্ৰিল তাৰিখলৈ পাঁছ দিনীয়া কাৰ্যসূচীৰে উত্তৰ পূৰ্বাঞ্চল পৰিষদৰ (North Eastern Council) দ্বাৰা অনুদানপ্ৰাপ্ত প্ৰকল্প আৰু নডেল এজেন্সী- ভাৰতীয় উদ্যমিতা প্ৰতিষ্ঠান, গুৱাহাটী (Indian Institute of Entrepreneurship, Guwahati)ৰ তত্বাৱধানত জৱাহৰলাল নেহৰু মহাবিদ্যালয়ৰ উদ্যমিতা
উন্নয়ন কেন্দ্ৰৰ (Entrepreneurship Development Center) উদ্যোগত Faculty Development Programme আয়োজন কৰা হৈছিল। এই অনুষ্ঠানটোত ভালেকেইজন প্ৰসিদ্ধ সমল ব্যক্তিৰ দ্বাৰা শিক্ষক সকলক উদ্যমিতা উন্নয়নৰ কৌশল আয়ত্বৰ জৰিয়তে ছাত্ৰ-ছাত্ৰী সকলৰ মনত কিদৰে উদ্যোগী মনোভাৱ প্ৰতিষ্ঠা কৰিব পাৰি সেয়া আলোকপাত কৰা হৈছিল। অনুষ্ঠানটিৰ প্ৰথম দিনাখন মহাবিদ্যালয়ৰ উদ্যমিতা উন্নয়ন কেন্দ্ৰটি উন্মোচন কৰে ভাৰতীয় উদ্যমিতা প্ৰতিষ্ঠান, গুৱাহাটীৰ জ্যেষ্ঠ পৰামৰ্শদাতা প্ৰণৱ কুমাৰ শৰ্মাই আৰু তেখেতে অনুষ্ঠানটিৰ প্ৰথমখন সন্মিলনৰ সমল ব্যক্তি হিচাপে উপস্থিত থাকি উদ্যমিতা উন্নয়নৰ ওপৰত অৱলোকন
কৰে। আৰম্ভণি অনুষ্ঠানত মহাবিদ্যালয়ৰ অধ্যক্ষ ড° তপন দত্তদেৱে আদৰণি ভাষণত উল্লেখ কৰি কয় যে চাকৰি মুখীৰ পৰিৱৰ্তে বৃত্তিমুখী শিক্ষাৰ জৰিয়তে কেন্দ্ৰটোৰ যোগেদি এই সমগ্ৰ অঞ্চলৰ ছাত্ৰ-ছাত্ৰী সকলক আগবঢ়াই লৈ যাব। ড° অলিম্পা ভূঞাই আঁত ধৰা আৰম্ভণি অনুষ্ঠানত উদ্যমিতা উন্নয়ন কেন্দ্ৰৰ মুৰব্বী তথা অনুষ্ঠানটিৰ আহ্বায়ক বাপুকণ শইকীয়াই কেন্দ্ৰৰ পৰিচয় আগবঢ়ায়। মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি শ্ৰীযুত লক্ষীকান্ত শৰ্মা, উপাধ্যক্ষ প্ৰবোধ চন্দ্ৰ দাস, আভ্যন্তৰীণ গুণগত মান নিশ্চিতকৰণ কোষৰ সমন্বয়ক ড° ধীৰাজ দাস লগতে মহাবিদ্যালয়খনৰ ভালেসংখ্যক শিক্ষক-শিক্ষয়িত্ৰী অনুষ্ঠানটিত উপস্থিত থাকে। এই
অনুষ্ঠানটোত কামৰূপ জিলাৰ সাতখন মহাবিদ্যালয় ক্ৰমান্বয়ে দক্ষিণ কামৰূপ মহাবিদ্যালয়, দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়, ৰামপুৰ আঞ্চলিক মহাবিদ্যালয়, ছয়গাঁও মহাবিদ্যালয়, সোনতলী আঞ্চলিক মহাবিদ্যালয়, ছমৰীয় আঞ্চলিক মহাবিদ্যালয় আৰু ফকৰুদ্দিন আলি আহমেদ মহাবিদ্যালয়ৰ পৰা দুজনকৈ শিক্ষকে অংশগ্ৰহণ কৰাৰ লগতে জৱাহৰলাল নেহৰু মহাবিদ্যালয়ৰ কিছু সংখ্যক শিক্ষক-শিক্ষয়িত্ৰীয়ে অংশগ্ৰহণ কৰে৷ শেষৰ দিনা মতামত শিতানত অংশগ্ৰহণকাৰীসকলে মহাবিদ্যালয়ৰ অধ্যক্ষক এনেকুৱা এক অনুষ্ঠান আয়োজন কৰাৰ বাবে ভূয়সী প্ৰশংসা কৰাৰ লগতে উদ্যোক্তা সকললৈ কৃতজ্ঞতা জ্ঞাপন কৰে আৰু সামৰণি
অনুষ্ঠানত সমল ব্যক্তি তথ মুখ্য অতিথিৰূপে উপস্থিত থকা কিড্ বেদা আৰু থাৰ্ড আই গ্ৰুপ অফ ইনষ্টিটিউটৰ সঞ্চালক শৰ্মিষ্ঠা নন্দী পালিৱালৰ দ্বাৰা অংশগ্ৰহণকাৰী সকলৰ মানপত্ৰ সমূহ বিতৰণ কৰা হয়।