বিজুলী কলিতা মেধিৰ সমৰ্থনত কেবিনেট মন্ত্ৰীক লগত লৈ পশ্চিম গুৱাহাটীত বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ
গুৱাহাটীঃ অসমত তৃতীয় পৰ্য্যায়ত অহা ৭ মে’ত অনুষ্ঠিত হবলগীয়া ৪ টা লোকসভা সমষ্টিৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান শেষ হবলৈ মাজতে চাৰিদিনমান বাকী থকা অৱস্থাত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা দুই প্ৰধান দল ক্ৰমে – শাসকীয় বিজেপি নেতৃত্বাধীন মিত্ৰজোট আৰু কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী ঐক্যমঞ্চৰ প্ৰার্থী সকলে নিৰ্বাচনী প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তোলা পৰিলক্ষিত হৈছে। বিশেষকৈ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে অতি সন্মানীয় বুলি পৰিচিত গুৱাহাটী লোকসভাৰ আসনখন যাতে পুনৰবাৰ বিজেপি নেতৃত্বাধীন মিত্ৰজোটৰ অধীনত থাকে তাৰ বাবে বিজেপি দলৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ হৈ দিন – ৰাতি একাকাৰ কৰিছে মূখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাকে ধৰি
মিত্ৰজোটৰ নেতা সকলে। আনকি দলৰ শীৰ্ষ নেতা তথা কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহেও ২৯ এপ্ৰিলত গুৱাহাটীলৈ আহি বিজুলী কলিতা মেধিৰ হৈ এক বিশাল ৰোড শ্ব’ত ভাগ লৈছিল। ইফালে পশ্চিম গুৱাহাটী সমষ্টিৰ নগৰাঞ্চলৰ ১৬ টা ৱাৰ্ডত পূৰ্বৰ ধাৰাবাহিকতা যাতে অক্ষুণ্ণ থাকে তাৰ বাবে বিগত দিনকেইটাত দিন – ৰাতি একাকাৰ কৰি নিৰ্বাচনী প্ৰচাৰ অভিযান চলাই আহিছে সমষ্টিটোৰ বিধায়ক তথা অগপ দলৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত কলিতাক নিৰ্বাচনী প্ৰচাৰ অভিযানত সহযোগ কৰিছে কেবিনেট মন্ত্ৰী ক্ৰমে – ডাঃ ৰণোজ পেগু, বিমল বৰা, যোগেন মহন, আদিয়ে। বিধায়ক তথা অগপ
দলৰ শীৰ্ষ নেতা ৰমেন্দ্ৰ নাৰায়ণ কলিতাই তিনিওজন মন্ত্ৰীক লগত লৈ ১৬ টা ৱাৰ্ডৰ বেছিভাগ ঠাইতে গৈ ৰাইজৰ মাজত সৰু সৰু পথ সভা অনুষ্ঠিত কৰি নৰেন্দ্ৰ মোদীক একেৰাহে তৃতীয়টো কাৰ্যকালৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰাৰ বৃহত্তৰ স্বাৰ্থত বিজুলী কলিতা মেধিক বিপুল ভোটৰ ব্যৱধানত জয়ী কৰাবলৈ আহ্বান জনাইছে। ইফালে নিৰ্বাচনী প্ৰচাৰ সভাত দিয়া ভাষণত বিধায়ক আৰু তিনিওজন মন্ত্ৰীয়ে জাতি-ধৰ্ম নিৰ্বিশেষে সকলোকে বিপুল হাৰত বিজেপি দলৰ প্ৰাৰ্থীক ভোটদান কৰিবলৈ আহ্বান জনায়। এই প্ৰচাৰ অভিযানৰ সময়ত উক্ত ৱাৰ্ড সমূহৰ অগপ – বিজেপি দলৰ পাৰিষদ সকলেও সহযোগিতা আগবঢ়াই। এই সন্দৰ্ভত মন্ত্ৰী সকলে কয়
আমি বিজুলী কলিতা মেধিৰ জিকাটো আমি প্ৰত্যাহ্বান হিচাপে লোৱা নাই। বৰঞ্চ আমি তেঁওক কিমান ভোটৰ ব্যৱধানত জয়ী কৰি দিল্লীলৈ পঠিয়াব পাৰো সেই কামতহে মনোনিবেশ কৰি আহিছো । উল্লেখ্য যে সমষ্টি পুনৰ গঠনৰ পাছত এইবেলি গুৱাহাটী লোকসভা সমষ্টিৰ নিৰ্বাচনত মুঠ ভোটাৰৰ সংখ্যা হৈছে প্ৰায় কুৰি লাখ।