ashomiyapatrika.com

গুৱাহাটীৰ পাহাৰে পাহাৰে কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ নিৰ্বাচনী প্ৰচাৰ

0 32

২০২৬ চনত আমি অসমৰ পৰা বিজেপিক চাফা কৰি ব্ৰহ্মপুত্ৰত উটুৱাই দিম

গুৱাহাটীঃ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযানে সম্প্ৰতি আকৰ্ষণীয় ৰূপ লৈছে। বিশেষ কৈ সন্মানীয় গুৱাহাটী লোকসভা সমষ্টিৰ নিৰ্বাচনৰ বাবে শাসক বিৰোধী দলে নিজ প্ৰাৰ্থীৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ অভিযান তীব্রতৰ কৰি তোলে। বিৰোধী এক্য মঞ্চ ৰ মনোনীত প্ৰাৰ্থী কংগ্ৰেছৰ মীৰা বৰঠাকুৰৰ সমৰ্থনত ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে আজি নুনমাটি, মঠঘৰীয়া, নাৰেংগীত অঞ্চলত প্ৰচাৰ চলাই। নাৰেংগীৰ ভূপেন্দ্ৰ নগৰৰ পাহাৰত কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰে বিধায়ক অখিল গগৈক লগত লৈ নিৰ্বাচনী প্ৰচাৰ অভিযানত ভাগ লোৱাৰ লগতে অঞ্চলটোৰ ৰাইজৰ সৈতে মত বিনিময় কৰে। তাৰে

মাজতে নিৰ্বাচনী প্ৰচাৰ সভাত অংশ ভাগ লৈ বিধায়ক অখিল গগৈয়ে কয় যে, ইতিমধ্যে আমি উজনি অসমত বিজেপিক চাফা কৰি থৈ আহিছোঁ। যোৰহাটত বিৰোধী ঐক্যমঞ্চৰ গৌৰৱ গগৈ, ডিব্ৰুগড়ত লুৰিনজ্যোতি গগৈ, নগাঁৱত প্ৰদ্যুত বৰদলৈক আমি ইতিমধ্যে জিকাইছোঁ।উজনি অসমত একপ্ৰকাৰ চাফা হৈছে গেৰুৱা বাহিনী।বদৰুদ্দিনকো পানী খুৱাই দিলো ধুবুৰীত। আমি ৰাইজক প্ৰতিশ্ৰুতি দিছোঁ, ২০২৬ চনত আমি অসমৰ পৰা বিজেপিক চাফা কৰি ব্ৰহ্মপুত্ৰত উটুৱাই দিম। এখন জনগণৰ পক্ষত থকা চৰকাৰ গঠন কৰিম নিৰোধী ঐক্যমঞ্চই।নৰেন্দ্ৰ মোডী আৰু হিমন্ত বিশ্ব শৰ্মাক পানী গুণ্ডা আখ্যা দি বিধায়ক অখিল গগৈয়ে কয়, বিজেপি

চৰকাৰৰ গুণ্ডা গিৰীয়ে অসমৰ মানুহক আমুৱাইছে।বিজেপিৰ শাসন কালত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে অসমৰ মানুহক কেঁকোৰা চেপা দিছে। ৪২০ টকাৰ গেছ ছিলিণ্ডাৰৰ দাম ১১৫২ টকা হল। ৩টকাৰ নিমখ গৈ ৩০টকা হল। দুটকাৰ মুৰ্গীৰ কণীৰ দাম ১০ টকা হল। এক লিটাৰ মিঠাতেলৰ দাম পূৰ্বে আছিল ৭০ টকা কিন্তু বিজেপি চৰকাৰৰ দিনত ২২০ টকা হল। খিলঞ্জীয়া লোকক মাটিৰ পট্টা দিব নোৱাৰা মুখ্যমন্ত্রীয়ে পত্নীৰ নামত কৰিছে শ শ বিঘা মাটি। গতিকে বিজেপিৰ এনে অশাসনৰ বিৰুদ্ধে ৰাইজক ভোট দিবলৈ আহ্বান জনায় বিধায়ক গৰাকীয়ে। মই প্ৰতিশ্ৰুতি দিছো, ২৬ ত আমি চৰকাৰ গঠন কৰিলে অহা ১ বছৰৰ ভিতৰত গুৱাহাটীৰ সকলো

পাহাৰতে হওক নতুবা চৰকাৰী ভূমিত বসবাস কৰা সকলো খিলঞ্জীয়া অসমীয়াক পট্টা দিয়া হব। আৰু মাত্ৰ ৫ হাজাৰ ট’কেন দি চৰকাৰী মাটিত থকা গুৱাহাটীবাসীক মাটিৰ পট্টাৰ দিয়াৰ ব্যৱস্থা কৰা হব। যাতে গুৱাহাটীত খিলঞ্জীয়া ৰ ভৱিষ্যত সুৰক্ষিত হৈ থাকে। মীৰা বৰঠাকুৰ ক সাহসী কণ্ঠৰ প্ৰতীক আখ্যা দি বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী গৰাকীক বিজয়ী কৰি আনিবলৈ গুৱাহাটীবাসীক আহ্বান জনায় অখিল গগৈয়ে।

Leave A Reply

Your email address will not be published.