বকোত শিশু শিক্ষা সমিতি অসমৰ গুৱাহাটী বিভাগৰ ক্ৰীড়া সমাৰোহ – ২০২৪ ৰ খেল সমাৰোহ শুভাৰম্ভ
বকোঃ বিদ্যা ভাৰতী অখিল ভাৰতীয় শিক্ষা সংস্থানৰ শিশু শিক্ষা সমিতি অসমৰ গুৱাহাটী বিভাগৰ ২০২৪ বৰ্ষৰ ক্ৰীড়া সমাৰোহ যোৱা ৰবিবাৰৰ পৰা বকোত অনুষ্ঠিত হৈছে। শংকৰদেৱ শিশু বিদ্যা নিকেতন বকোৰ সহযোগত বকো হাইস্কুল খেলপথাৰত শিশু শিক্ষা সমিতি অসমৰ ৰীতি-নীতিৰে শুভাৰম্ভ হৈছে ক্ৰীড়া সমাৰোহ অনুস্থান। শিশু শিক্ষা সমিতিৰ গুৱাহাটী বিভাগৰ খেল প্ৰমুখ গণেশ চন্দ্ৰ ৰয়ৰ তৎপৰতাত আৰু বকো নিকেতনৰ প্ৰধান আচাৰ্য্য ডিম্বেশ্বৰ দাসৰ সহযোগত ক্ৰীড়া সমাৰোহৰ উদ্ধোধনী অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্য্যবাহী সদস্য সুমিত ৰাভাই।সমাৰোহৰ পতাকা উত্তোলন কৰে বকো নিকেতন
পৰিচালনা সমিতিৰ সভাপতি প্ৰসন্ন কুমাৰ গোস্বামী আৰু শিশু শিক্ষা সমিতিৰ কিশোৰ কুমাৰ বৈশ্যই। সমাৰোহৰ খেল উদ্ধোধন কৰে কোচ ৰাজবংশী নেতা তথা কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্য্যকৰী সভাপতি অনুপম দাসে। ইয়াৰ পিছতেই অলিম্পিক শিখা প্ৰজ্বলন কৰি ক্ৰীড়া সমাৰোহৰ খেল আনুস্থানিক ভাৱে শুভাৰম্ভ কৰে বিশিষ্ট সমাজ সেৱিকা গুৱাহাটীৰ জুৱলী পোদ্দাৰ বৈশ্যই। সমাৰোহত গুৱাহাটী বিভাগৰ বহু ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। জানিব পৰা মতে শিশু শিক্ষা সমিতিৰ ক্ৰীড়া সমাৰোহ ২৮, ২৯ আৰু ৩০ এপ্ৰিলত তিনি দিনীয়াকৈ আয়োজন কৰা হৈছে।