ৰাণী – আজাৰাত কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰ গোস্বামীৰ নিৰ্বাচনী প্ৰচাৰ
গুৱাহাটীঃ আমাৰ দেশৰ ঐক্য আৰু একতাক সংবিধানৰ এনাজৰিৰে মেৰিয়াই সুস্থ গণতন্ত ৰক্ষাৰ্থে গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত ৰানী আৰু অজাৰা বিভিন্ন অঞ্চলত নিৰ্বাচনী প্ৰচাৰ চলায়। ৰানীৰ মৈৰাপুৰ গাৰো বস্তি খেলপথাৰত ৰানী মণ্ডল, দক্ষিণ ভোলা গাঁও মণ্ডল, উত্তৰ ভোলা গাঁও মণ্ডল কংগ্ৰেছ কমিটিৰ উদ্যোগত আৰু আজাৰাৰ হাটখোৱাপাৰা ঈদগাহ মৈদানত আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটি আৰু গুৱাহাটী মহানগৰ জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত নিৰ্বাচনী সভাত উপস্থিত হৈ বিৰোধী মিত্ৰজোঁট তথা কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী মীৰা বৰঠাকুৰ গোস্বামীয়ে ৰাইজৰ সৈতে মত বিনিময় কৰে৷ উক্ত সভাত অসম বিধান সভাৰ বিৰোধী দলপতি
তথা নাজিৰা বিধান সভা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়া, প্ৰাক্তন মন্ত্ৰী পৱন সিং ঘাটোৱাৰ, বৰপেটা লোক সভা সমষ্টিৰ সাংসদ আব্দুল খালেক, ৰাইজৰ দলৰ সাধাৰণ সম্পাদক ৰাছেল হুচেইনৰ, অসম প্ৰদেশ কংগ্ৰেছৰ উপ সভাপতি তথা প্ৰাক্তন সাংসদ আৰ পি শৰ্মা, প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ ইমদাদ হুছেইন, সম্পাদক কৃদীপ বৰ্মন, ৰাণী ব্লক কংগ্ৰেছৰ সভাপতি সুবোধ মেধি সহিতে দলীয় নেতা কৰ্মী সকল উপস্থিত থাকে।