ashomiyapatrika.com

বকোৰ টুৰুকপাৰা প্ৰাথমিক বিদ্যালয়ত নিশা চোৰৰ তণ্ডৱঃ চাৰি খন ফেন লৈ উধাও

0 33

বকোঃ ৰাজ্যত আৰক্ষী প্ৰশাসনৰ নিশ্চিদ্ৰ তিঘিল ঘিলনি চলি থকাৰ সময়তে কামৰূপ জিলাৰ বকোত সঘনাই সংঘটিত হৈ আছে চোৰৰ তাণ্ডৱ। যোৱা নিশাও বকো শিক্ষাখণ্ডৰ অন্তৰ্গত টুৰুকপাৰা প্ৰাথমিক বিদ্যালয়ত ক’ণ ক’ণ ছাত্ৰ ছাত্ৰীৰ বাবে পাঠদানৰ সময়ত ব্যৱহাৰ হোৱা চিলিং ফেন চাৰি খন চোৰে চুৰ কৰে। ইফালে আজি প্ৰধান শিক্ষক ৰূপেন চন্দ্ৰ ৰাভাই ঘটনাৰ খৱৰ পাই ততাতৈয়াকৈ বিদ্যালয়ত উপস্থিত হৈ ঘটনা প্ৰত্যক্ষ কৰে। শিক্ষক গৰাকীয়ে জনোৱা মতে বিদ্যালয়ৰ মুল দুৱাৰৰ তলা ভাঙি ভিতৰত প্ৰবেশ কৰি শ্ৰেণীকোঠাৰ পৰা চাৰি খন চিলিং ফেন চুৰি হয়। লগে লগে ঘটনাটো ৰাজহুৱা হোৱাত চুৰি হোৱা সন্দৰ্ভত ওচৰ চুবুৰীয়া জ্ঞাত হয়। ইফালে ঘটনা সম্পৰ্কে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি দীপাংকৰ ৰাভা আৰু প্ৰধান শিক্ষক ৰূপেন চন্দ্ৰ ৰাভাই লিখিত ৰূপত বকো আৰক্ষী থানাত অৱগত কৰে। ইফালে বিদ্যালয়ৰ দৰে পবিত্ৰ শিক্ষা প্ৰতিষ্ঠানৰ ফেন চুৰি হোৱাত অঞ্চলটোত চেপা প্ৰতিক্ৰিয়া সৃষ্টি হৈছে।

Leave A Reply

Your email address will not be published.