ashomiyapatrika.com

মণিপুৰত কুকি উগ্ৰপন্থীৰ আক্ৰমণত শ্বহীদ হোৱা অসমৰ চি আৰ পি এফৰ বিষয়া নাছিৰুদ্দিন সৰকাৰক বিমানবন্দৰত শ্ৰদ্ধাঞ্জলি

0 38

গুৱাহাটীঃ চুবুৰীয়া ৰাজ্য মণিপুৰত নিৰ্বাচনী দায়িত্ব পালনৰ মাজতে কুকি উগ্ৰপন্থীৰ গুলীত কালি নিহত হোৱা চি আৰ পি এফৰ উপ পৰিদৰ্শক তথা বৰপেটা জিলাৰ ভেল্লা বনবৰীয়া নিবাসী নাছিৰউদ্দিন সৰকাৰৰ মৃতদেহ আজি বিয়লি এখন বিশেষ বিমানৰে বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰলৈ অনা হয়। প্ৰায় ২:৪৫ বজাত বিমানবন্দৰ আহি পোৱাৰ পাছত অসম চৰকাৰৰ আয়ুক্ত – সচিব মণিভানন, অসম আৰক্ষীৰ মহা পৰিদৰ্শক অখিলেশ কুমাৰ সিং, চি আৰ পি এফৰ উত্তৰ পূব মণ্ডলৰ মহা পৰিদৰ্শক দানেশ ৰাণা আৰু বিমল কুমাৰ বিষ্ট, ১৭৫ বেটেলিয়ানৰ কমাডেণ্ট ৰাজীৱ কুমাৰ ঝাকে ধৰি বাহিনীটোৰ কেইবাগৰাকীও উচ্চপদস্থ

বিষয়াই উপ পৰিদৰ্শক নাছিৰুদ্দিন সৰকাৰৰ নশ্বৰ দেহত শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। তাৰ পাছত এখন পুষ্পসজ্জিত বাহনৰে নিৰাপত্তাৰ মাজত তেওঁৰ নশ্বৰ দেহ বৰপেটা জিলাৰ নিজ গৃহলৈ নিয়া হয়। উল্লেখ্য যে ১৯৯১ চনত চি আৰ পি এফত কনিষ্টবল হিচাপে নিযুক্তি লাভ কৰা সৰকাৰে নিজৰ যোগ্যতা, দক্ষতাৰ বলত উপ পৰিদৰ্শক পদলৈ পদোন্নতি লাভ কৰিছিল। তেঁও চি আৰ পি এফৰ গুৱাহাটীস্থিত ১২৮ বেটেলিয়ানত কৰ্মৰত আছিল আৰু নিৰ্বাচনী দায়িত্ব পালনৰ বাবে মণিপুৰৰ মৈৰাং নামৰ ঠাইত উগ্ৰপন্থীৰ আক্ৰমণৰ বলি হয়। সেই আক্ৰমণ প্ৰতিহত কৰাৰ বাবে সৰকাৰে সতীৰ্থ সকলৰ সৈতে গুলীৰে প্ৰত্যুত্তৰ দিছিল যদিওঁ তেঁও শ্বহীদ হবলগীয়া হয়।

Leave A Reply

Your email address will not be published.