ashomiyapatrika.com

জুবিনক সংযত হবলৈ আহ্বান অসম সত্ৰ মহাসভাৰ

0 29

প্ৰসংগঃ সত্ৰাধিকাৰক তাচিল্য সূচক মন্তব্য

গুৱাহাটীঃ অসমৰ এজন বিশিষ্ট কণ্ঠ শিল্পী, হাৰ্ট থ্ৰব জুবিন গাৰ্গে সত্ৰপীঠ মাজুলীৰ এখন বিহুমঞ্চত ঐতিহাসিক গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰ জনক লক্ষ্য কৰি তাছিল্য সূচক মন্তব্য কৰাত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম সত্ৰ মহাসভাই। মহাসভাৰ সম্পাদক প্ৰধান কুসুম কুমাৰ মহন্তই জুবিনৰ এই অপৰিপক্ক ভাষ্যই অসমৰ সমূহ সত্ৰৰ সত্ৰাধিকাৰ সকলক ভীষণ অপমান কৰা হৈছে বুলি অনুভৱ কৰে। অনাদি কালৰ পৰাই ভাৰতীয় সনাতন সংস্কৃতিত গুৰুসকলক ঈশ্বৰৰ স্থান দিয়া হৈছে বুলি উল্লেখ কৰি ‘গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰু দেৱ মহেশ্বৰ’, শ্লোক ভাগিৰ তাৎপৰ্য আঙুলিয়াই দিয়ে। সম্পাদক প্ৰধান জনে এইবুলিও উল্লেখ কৰে যে অসম তথা অসমীয়াৰ প্ৰাণ

স্বৰূপ সত্ৰ সংস্কৃতিত সত্ৰাধিকাৰ সকলে কেতিয়াও শিষ্য প্ৰশিষ্য সকলক প্ৰভু ঈশ্বৰ বুলি সম্বোধন কৰিবলৈ নকয়। পৰম্পৰাগত গুৰু শিষ্যৰ সম্পৰ্ক ৰক্ষা কৰিবলৈহে শিষ্য বৰ্গই সত্ৰাধিকাৰ গুৰুসকলক প্ৰভু ঈশ্বৰ বুলি সম্বোধন কৰে। প্ৰসংগত তেওঁ উল্লেখ কৰে যে ভকত-বৈষ্ণৱ তথা সত্ৰীয়া সমাজে সত্ৰাধিকাৰ সকলক উজনিত প্ৰভু ঈশ্বৰ, মধ্য অসমত আতা বা আতা ঈশ্বৰ আৰু নামনি অসমত বাপ বা বাপ ঈশ্বৰ বুলি সম্বোধন কৰে। গতিকে অনাগত দিনত আমাৰ আদৰৰ শিল্পী গৰাকীয়ে সত্ৰাধিকাৰ সকলক তেনে মন্তব্যৰে বিভূষিত কৰাটো অনুচিত বুলি মন্তব্য কৰি জুবিন গাৰ্গক ভাষ্য প্ৰদানত সংযত হবলৈ আহ্বান জনায় অসম সত্ৰ মহাসভাই। একেদৰে সত্ৰাধিকাৰ সকলেও কিবা বচন বোলোতে সত্ৰীয়া সংস্কৃতিৰ পৰিশিলীত, বিনীত ভাৱ_ ভাষা প্ৰদৰ্শন কৰাটো অতিশয় গুৰুত্বপূৰ্ণ বিষয় হিচাপে অসম সত্ৰ মহাসভাই অনুভৱ কৰে।

Leave A Reply

Your email address will not be published.