ashomiyapatrika.com

বকোলৈ সুনাম কঢ়িয়ালে প্ৰজ্ঞানজিৎ মহন্তইঃ ডিষ্টিংছন সহ ৯৭:৫০ শতাংশ নম্বৰেৰে উজলিল প্ৰজ্ঞানজিৎ

0 64

বকোঃ সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত কামৰূপ জিলাৰ বকো ডনবস্ক হাইস্কুলৰ পৰা মুঠ ৯৭:৫০% নম্বৰ লৈ উৰ্ত্তীণ হৈছে বকোৰ প্ৰজ্ঞানজিৎ মহন্তই। ৰাজ্যৰ শিক্ষা বিভাগে যোৱা ২০ এপ্ৰিলত ২০২৩/২৪ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰে। এই ফলাফলত বকো ডনবস্ক হায়াৰ ছেকেণ্ডাৰী স্কুলৰ ছাত্ৰ প্ৰজ্ঞানজিৎ মহন্তই সৰ্বোচ্চ নম্বৰ লাভ কৰি ছয়টা বিষয়তে লেটাৰ নম্বৰ লাভ কৰি ডিষ্টিংছন পাই। কৃৰ্তি ছাত্ৰ প্ৰজ্ঞানজিৎ মহন্ত বকোৰ বিশিষ্ট ব্যবসায়িক তথা মানৱ দৰদী কৰ্মী মদন মহন্ত আৰু শিক্ষয়িত্ৰী মনশ্ৰী মহন্তৰ একমাত্ৰ পুত্ৰ। উল্লেখ্য যে এই বেলি চৰকাৰৰ শিক্ষা বিভাগে মাত্ৰ তিনিটা শীৰ্ষ স্থানক সৰ্বোচ্চ স্থান প্ৰকাশ কৰিছে। ইয়াৰ তৃতীয় স্থান

প্ৰাপকৰ মুঠ নম্বৰ ৫৮৮।শতাংৰ হাৰ ৯৮%। ইফালে বকোৰ প্ৰজ্ঞানজিৎ মহন্তৰ মুঠ নম্বৰ ৫৮৫ আৰু শতাংশৰ হাৰ ৯৭’৫০%৷ যদি চৰকাৰে শীৰ্ষৰ ১০ টা স্থান প্ৰকাশ কৰিলেহেতেন তেন্তে প্ৰজ্ঞানজিৎ মহন্তৰ নামো অসমৰ প্ৰেক্ষাপটত মেধা তথা কৃতিত্বৰ সন্মানেৰে উজলি উঠিলহেতেন। উল্লেখযোগ্য যে বত্তৰ্মানলৈ ৯৭:৫০% নম্বৰলৈ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা বকো অঞ্চলৰ লগতে বকো ডনবস্ক হায়াৰ ছেকেণ্ডাৰী স্কুলৰ প্ৰথম গৰাকী ছাত্ৰ প্ৰজ্ঞানজিৎ মহন্ত। প্ৰজ্ঞানজিৎ ওৰফে বাবালৈ বকোৰ সমাজ সংগঠন তথা শুভাকাংশীয়ে হিয়া ভৰা আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে।

জানিব পৰা মতে প্ৰজ্ঞানজিতে লাভ কৰা নম্বৰৰ তালিকা হ’ল ইংৰাজী ৯৭, অসমীয়া ৯৪,সমাজ বিজ্ঞান ৯৯, বিজ্ঞান ১০০, গণিত ৯৫ উচ্চ গণিত ১০০। প্ৰজ্ঞনজিৎৰ এই খৱৰে বকোলৈ সুনাম কঢ়িয়াই আনিছে। সকলোৱে ছাত্ৰ গৰাকীৰ ভৱিষ্যত উজ্বল কামনা কৰিছে।

Leave A Reply

Your email address will not be published.