ashomiyapatrika.com

মেট্ৰিক পৰিক্ষাৰ ফলাফল ঘোষণাঃ শীৰ্ষত উজ্বলিল যোৰহাটৰ অনুৰাগ দলৈ, মুঠ ৭৫.৭ শতাংশ ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ

0 35

গুৱাহাটীঃ ৰাজ্যবাসীয়ে অধীৰ আগ্ৰহেৰে বাট চাই থকা শিক্ষা জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পৰিক্ষা হিচাপে বিবেচিত মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ লগে লগে ৰাজ্যজুৰি আনন্দৰ বন্যা বয়। আজি ১০:৩০ বজাৰ লগে লগে দহটাকৈ ৱেবছাইটৰ জৰিয়তে ছেবাই ঘোষণা কৰে পৰীক্ষা ফলাফল। এইবাৰৰ ফলাফল অনুসৰি মুঠ ৭৫.৭ শতাংশ ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈছে পৰীক্ষাত। ইয়াৰ ভিতৰত ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ ৭৭.৩ শতাংশ আৰু ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ ৭৪.৪ শতাংশ। আনহাতে, তৃতীয় লিংগৰো ৮০ শতাংশ উত্তীৰ্ণৰ হোৱা বুলি ফলাফলত প্ৰকাশ৷ আজি চেবাই ঘোষনা কৰা অনুসৰি মেট্ৰিকৰ শীৰ্ষ পাঁচ কৃতী ছাত্ৰছাত্ৰী হৈছে অনুৰাগ দলৈ, প্ৰজ্ঞান একাডেমী ছিনিয়ৰ

ছেকেণ্ডাৰী স্কুল, যোৰহাট (৫৯৩ নম্বৰ), ঝৰ্ণা শইকীয়া, শংকৰদেৱ শিশু নিকেতন, বিশ্বনাথ চাৰিআলি (৫৯০ নম্বৰ), মানস প্ৰতীম শইকীয়া, আইলেণ্ড একাডেমী, কমলাবাৰী, মাজুলী (৫৮৮নম্বৰ), বেদান্ত চৌধুৰী, ষ্টেলা মেৰিজ স্কুল, সৰুপেটা, বৰপেটা (৫৮৮ নম্বৰ), দেৱশ্ৰী কাশ্যপ, ৰামনুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, নগাঁও (৫৮৮ নম্বৰ)৷ ফলাফল অনুসৰি, এইবাৰ ডিষ্টিংচন পোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ৬,৩৯২ গৰাকী, ষ্টাৰ নম্বৰ প্ৰাপ্ত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ২০,৫৫২ গৰাকী, প্ৰথম বিভাগত উত্তীৰ্ণ শিক্ষাৰ্থীৰ সংখ্যা ১,০৫, ৮৭৩ গৰাকী, দ্বিতীয় বিভাগত উত্তীৰ্ণ শিক্ষাৰ্থীৰ সংখ্যা ১,৫০,৭৬৪ গৰাকী আৰু তৃতীয় বিভাগত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ৬০, ৬৮০

গৰাকী। মুঠ লেটাৰ মাৰ্ক পোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হৈছে ১,৯৩,১৫৯ গৰাকী। সমাজ বিজ্ঞান বিষয়ত ৩৬,৯৭৩ গৰাকী শিক্ষাৰ্থীয়ে সৰ্বোচ্চ নম্বৰ লাভ কৰা বুলি ফলাফলত প্ৰকাশ পাইছে৷ ঘোষিত ফলাফলত ৯১.২ শতাংশৰে উৰ্ত্তীৰ্ণৰ শীৰ্ষত চিৰাং জিলা আৰু ৬০.৯শতাংশৰে সৰ্বনিম্ন স্হানত উদালগুৰি জিলা৷

Leave A Reply

Your email address will not be published.