নিজম পৰিল বকো আৰু দিলিঙ্গাৰ সুৱৰী সমন্বয় ক্ষেত্ৰঃ ধৰ্মধ্বজ্বা উত্তোলন আৰু বাৰেবৰণীয়া কৃষ্টি সংস্কৃতি প্ৰদৰ্শন
বকোঃ নিজম পৰিল বকো আৰু দিলিঙ্গাৰ সুৱেৰী উৎসৱ। লোকে লোকাৰ্ণ পৰিবেশৰ পিছত নিজম পৰিল সুৱৰী সমন্বয় ক্ষেত্ৰ। বকোত শতবৰ্ষ গৰকী ১১২ সংখ্যক বৰ্ষত ভৰি দিয়া কামৰূপ জিলাৰ বকো আঞ্চলিক সুৱৰী উৎসৱৰ সামৰণি পৰিল। বকো আঞ্চলিক সুৱৰী উৎসৱ উদযাপন সমিতিৰ সভাপতি দেবেন্দ্ৰ ৰভা ; কাৰ্য্যকৰী সভাপতি মনোৰঞ্জন চৌধুৰী আৰু সম্পাদক ৰণিত ৰাভাই জনোৱা মতে ; ইতিহাস প্ৰসিদ্ধ বকো আঞ্চলিক সুৱৰী উৎসৱে বকো অঞ্চলৰ ধৰ্মীয় ; ক’লা সংস্কৃতি আৰু ক্ৰীড়াকে ধৰি অন্যান্য পৰম্পৰা ৰক্ষা কৰি আহিছে। এই বৰ্ষও সমগ্ৰ অঞ্চলৰ জনসাধাৰণৰ সহযোগত আয়োজন কৰা হৈছে সুৱৰী মহোৎসৱ। আজি পুৱা ধৰ্মধ্বজ্বা
উত্তোলনৰ পিছতে উপদেষ্টা নীলকান্ত দাসে স্মৃতি তৰ্পণ কৰি দিনযোৰা কাৰ্য্যক্ৰমণিকাৰ শুভাৰম্ভ কৰে। ইয়াৰ পিছতে গোঁসাই আদৰণি আৰু বৰণ ; সুৱৰী আৰম্ভ। দিনৰ ভাগত জ্যেষ্ঠ্যক সম্বোৰ্ধনা আৰু মুকলি সভা। সুৱৰীত বিহু ; কোচ ৰাজবংশী কৃষ্টি দলৰ নৃত্য ; অন্যান্য জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতি প্ৰদৰ্শন কৰা হয়। লক্ষ্যাধিক দৰ্শনাৰ্থী অংশগ্ৰহণ কৰা সুৱৰীত বিভিন্ন খেল ধেমালি ; ঘোঁৰা দৌৰ আৰু হাতীৰ খেল প্ৰদৰ্শন কৰা হয়। আনহাতে উখল-মাখল পৰিবেশেৰে সম্পন্ন হ’ল বকোৰ ১নং আৰু ২নং দিলিঙা আঞ্চলিক সুঁৱৰি উৎসৱৰ। দিলিঙ্গাৰ সুৱেৰীয়ে এইবেলি গৰকিলে ৰূপালী জয়ন্তী বৰ্ষ। উল্লেখ্য যে ; অসমীয়া লোক ক’লা সংস্কৃতিৰ গতি ধাৰা
আৰু ধৰ্মীয় ভাৱনা সাৱলীলভাৱে পৰিবেশন কৰা সামাজিক অনুষ্ঠান কামৰূপ জিলাৰ বকোৰ ১নং আৰু ২নং দিলিঙ্গা আঞ্চলিক সুৱৰী উৎসৱৰ সফল সামৰণি পৰে। ইফালে বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰে দিলিঙ্গাৰ সুৱৰীৰ শুভাৰম্ভ হয়। ১নং আৰু ২নং দিলিঙা আঞ্চলিক সুঁৱৰি উৎসৱ উদযাপন সমিতিৰ উদ্যোগত অনুষ্ঠিত কৰা সুঁৱৰিত দেখা গ’ল এক সমন্বয়ৰ যাত্ৰা। জানিব পৰা মতে ; প্ৰতি বছৰে ৬ ব’হাগ অৰ্থাৎ ৭ বিহুৰ দিনা দিলিঙা অঞ্চলৰ লগতে বিভিন্ন প্ৰান্তৰ পৰা শ শ লোকে ভিৰ কৰা পৰিলক্ষিত হয়। বিভিন্ন জাতি- জনগোষ্ঠীৰ সমন্বয় ক্ষেত্ৰত পৰিণত হ’ল দিলিঙাৰ সুঁৱৰি উৎসৱ। সুঁৱৰি উৎসৱ মঞ্চৰ পৰা উলিওৱা বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাই উদ্ভাসিত কৰে সকলোকে। দুয়ো স্থানৰ সুৱেৰীয়ে বৃহত্তৰ অঞ্চলটোত শান্তি সম্প্ৰতি আৰু সবন্বয় সৃষ্টি কৰে। সুৱৰীত লোক সংস্কৃতি আৰু ধৰ্মীয় ভাৱনা সৃষ্টি হয়।