অটল বিহাৰী বাজপেয়ী ভৱনত যোগদান কাৰ্যসূচী
গুৱাহাটীঃ ভাৰতীয় জনতা পাৰ্টিৰ নীতি-আদৰ্শৰ লগতে ডাবোল ইঞ্জিন চৰকাৰৰ উন্নয়নমূলক কৰ্মৰাজিৰ প্ৰতি আকৃষ্ট হৈ আজি গুৱাহাটী পৌৰ নিগমৰ ১ নং ৱাৰ্ডৰ পাৰিষদ হুকুম চান আলী বক্সি, প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ মৃদুল মালাকৰ, যুৱ শক্তি, অসম জাতীয় পৰিষদৰ প্ৰাক্তন সম্পাদক মনোজ কলিতা, গুৱাহাটী মহানগৰ মহিলা কংগ্ৰেছ সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদিকা ৰেজিনা বেগম, তৃণমূল কংগ্ৰেছৰ প্ৰাক্তন ৰাজ্যিক সম্পাদক জাহিবুৰ ৰহমান, প্ৰাক্তন কংগ্ৰেছ নেতা লোহিত চন্দ্ৰ দাসৰ লগতে প্ৰায় ডেৰ শতাধিক নেতা-কৰ্মীয়ে ভাৰতীয় জনতা পাৰ্টিত আনুষ্ঠানিকভাৱে যোগদান কৰে। দলৰ বশিষ্ঠস্থিত মুখ্য কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত অনুষ্ঠিত হৈ
যোৱা যোগদান কাৰ্য্যক্ৰমত ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতা, অসম চৰকাৰৰ মন্ত্ৰীদ্বয় জয়ন্ত মল্ল বৰুৱা, চন্দ্ৰমোহন পাটোৱাৰী, ৰাজ্যিক বিজেপিৰ সাংগঠনিক সাধাৰণ সম্পাদক জি আৰ ৰবীন্দ্ৰ ৰাজু, মেয়ৰ মৃগেন শৰণীয়া, ৰাজ্যিক উপ সভানেত্ৰী বিজুলী কলিতা মেধিৰ লগতে দলীয় কৰ্মীসকল উপস্থিত আছিল। নৱাগত সকলক দলৰ মজিয়ালৈ আদৰণি জনাই ভবেশ কলিতাই কয় যে,আজি যোগদানে আমাৰ দলক আৰু অধিক শক্তিশালী কৰিব। অনাগত দিনত যোগদানকাৰী সকলে দলীয় নীতি-আদৰ্শ মানি চলি সমাজ নিৰ্মাণৰ স্বাৰ্থত নিষ্ঠা সহকাৰে কাম কৰি যাব বুলি আশা ৰাখিলোঁ।