ashomiyapatrika.com

১৯ এপ্ৰিলৰ পুৱাৰে পৰা ১ জুনৰ সন্ধিয়ালৈ এক্সিট প’ল প্ৰচাৰত নিষেধাজ্ঞা

0 37

গুৱাহাটীঃ স্বচ্ছ আৰু নিকা নিৰ্বাচন অনুষ্ঠিত কৰি দেশত গণতান্ত্ৰিক ব্যৱস্থা শক্তিশালী কৰাৰ উদ্দেশ্যে ভাৰতৰ নিৰ্বাচন আয়োগে এক্সিট প’লৰ প্ৰচাৰত কেতবোৰ নীতি-নিৰ্দেশনা জাৰি কৰিছে৷ ভাৰতৰ নিৰ্বাচন আয়োগৰ এক অধিসূচনা অনুসৰি নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত ছপা, বৈদ্যুতিন বা কোনো প্ৰচাৰ মাধ্যমতে নিৰ্বাচন অনুষ্ঠিত কৰা প্ৰথম দিনটোৰ ভোটগ্ৰহণ আৰম্ভ কৰাৰে পৰা ভোটগ্ৰহণ প্ৰক্ৰিয়া সমাপ্ত কৰাৰ আধা ঘণ্টা পিছলৈকে ‘এক্সিট প’ল’ প্ৰচাৰ কৰিব নোৱাৰিব। অৰ্থাৎ সমগ্ৰ দেশতে ১৯ এপ্ৰিলৰ পুৱা ৭ বজাৰ পৰা ১ জুনৰ সন্ধিয়া ৬:৩০ বজালৈকে কোনো প্ৰচাৰ মাধ্যমে ‘এক্সিট প’ল’ প্ৰচাৰ

কৰিব নোৱাৰিব। ইয়াৰ উপৰি আৰ পি এক্ট, ১৯৫১ চনৰ ১২৬(১)(বি) নং ধাৰা অনুসৰি ভোটগ্ৰহণ প্ৰক্ৰিয়া শেষ হোৱাৰ আগৰ ৪৮ ঘণ্টাত অপিনিয়ন প’ল বা নিৰ্বাচনী সমীক্ষাকে ধৰি কোনোধৰণৰ নিৰ্বাচন সংক্ৰান্তীয় বাতৰি বৈদ্যুতিন মাধ্যমত প্ৰকাশ কৰিব নোৱাৰিব। দেশৰ সকলো পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনৰ ক্ষেত্ৰতে এই নিষেধাজ্ঞা প্ৰযোজ্য হ’ব। ভাৰতীয় নিৰ্বাচন আয়োগৰ অধিসূচনা অনুসৰি কোনো ব্যক্তিয়ে এই নিষেধাজ্ঞা ভংগ কৰিলে জৰিমণা বা দুবছৰ পৰ্যন্ত কাৰাবাসসহ জৰিমণা বিহা হ’ব।

Leave A Reply

Your email address will not be published.