ashomiyapatrika.com

বকোৰ শিংৰা-পালাহপাৰা যুৱক সংঘৰ উদ্যোগত ৯ দিনীয়া বিহু নৃত্য প্ৰশিক্ষণ কৰ্মশালাৰ সামৰণি অনুষ্ঠান

0 28

বকোঃ বাপতি সাহোন ৰঙালীক আদৰণি জনাবলৈ আৰু নতুন প্ৰজন্মৰ মাজত বিহুৰ মাদকতা প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে বকোৰ শিংৰাতো প্ৰতি বছৰে আয়োজন কৰি আহিছে বিহু নৃত্য প্ৰশিক্ষণ কৰ্মশালা। উল্লেখ্য যে কামৰূপ জিলাৰ বকোৰ শিংৰা-পালাহপাৰা যুৱক সংঘৰ উদ্যোগত এই বৰ্ষও আয়োজন কৰা হৈছে বিহু নৃত্য কৰা ঢোল বাদন প্ৰশিক্ষণ কৰ্মশালাৰ। শিংৰা-পালাহপাৰা যুৱক সংঘৰ সভাপতি খৰ্গেশ্বৰ ৰাভা আৰু সাধাৰণ সম্পাদক কৈলাশ ঠাকুৰীয়াই জনোৱা মতে সংঘৰ উদ্যোগত বিগত বছৰবোৰৰ এই বৰ্ষও আয়োজন কৰা হৈছে বিহু প্ৰশিক্ষণ কৰ্মশালা। আজি এই বিহু প্ৰশিক্ষণ কৰ্মশালাৰ সামৰণি অনুষ্ঠান। সংঘৰ সাংস্কৃতিক বিভাগৰ সভাপতি বিপুল

তালুকদাৰে আত ধৰা সামৰণি অনুস্থানত বিহু নৃত্য আৰু ঢোল বাদন প্ৰশিক্ষক সকলোক বিদায়ী সম্বৰ্ধনা জনোৱা হয়। বিহু নৃত্য আৰু ঢোল বাদন প্ৰশিক্ষণ কৰ্মশালা সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি আয়োজন কৰে এখন ওলগণি সভা। শিংৰা-পালাহপাৰা যুৱক সংঘৰ সভাপতি খৰ্গেশ্বৰ ৰাভাৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা সভাত প্ৰশিক্ষক সকলোক সন্মান প্ৰদান কৰে। সামৰণি অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অসমৰ স্বনামধন্য বিহুৰ প্ৰশিক্ষক বাপুজী কোঁৱৰ। বিহুৰ প্ৰশিক্ষক জীংকু বড়ো, প্লাৱন শইকীয়া, নাচনীৰ প্ৰশিক্ষক চন্দনা দাস, লিজা বৈশ্য, ববিতা ডেকাকে ধৰি কেৱাজনো প্ৰশিক্ষকে প্ৰশিক্ষণ দিয়ে। সামৰণি অনুষ্ঠানত

শিংৰা-পালাহপাৰা উন্নয়ন সমিতিৰ সভাপতি সিদ্ধেশ্বৰ ৰাভা, বিশিষ্ট শিল্পী তথা বিহু ঢোলৰ প্ৰশিক্ষক মনোৰঞ্জন ৰাভা, সংঘৰ প্ৰাক্তন সভাপতি জীৱেশ্বৰ পাঠক, সংঘৰ কৰ্মী শংকৰ ৰয়, পুলক দাসকে ধৰি বহু পুৰুষ-মহিলা আৰু অভিভাৱক উপস্থিত থাকে। সামৰণি অনুষ্ঠানত প্ৰশিক্ষাৰ্থী সকলে বিহু নৃত্য কৰা ঢোল বাদন পৰিবেশন কৰে।

Leave A Reply

Your email address will not be published.