কংগ্ৰেছৰ হাত তথাকথিত জাতীয়তাবাদী নেতাৰ বাবে আশীৰ্বাদঃ সৰ্বানন্দ সোণোৱাল
জৱাহৰলাল নেহৰুৰ পৰা ড° মনমোহন সিঙলৈকে কোনো এজন প্ৰধানমন্ত্ৰীয়ে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ কথা চিন্তা কৰা নাছিল
তিনিচুকীয়াঃ কেন্দ্ৰীয় মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপি নেতৃত্বাধীন এনডিএ-ৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালে আজি নৱগঠিত মাকুম বিধানসভা সমষ্টিৰ বিভিন্ন ঠাইত আয়োজিত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। মাকুম বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰুৱাহোলা পূবেৰুণ সংঘ খেলপথাৰ, ১ নং হাতীহাল বিষ্ণুপুৰ খেলপথাৰ, কৰ্দৈগুৰি, ৩ নং হলৌটুপ খেলপথাৰ, হাতীজান, ৰাজগড়আলি চাহ বাগিচা খেলপথাৰ, মাকুম আদি ঠাইত সোণোৱালক ব্যাপক উৎসাহৰ মাজেৰে আদৰণি জনায় বিজেপি-অগপৰ কাৰ্যকৰ্তাসকলে আৰু স্থানীয় ৰাইজে। আজি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মাকুম প্ৰেছ ক্লাবৰ সাংবাদিকসকলৰ সৈতে অন্তৰংগ আলাপ আৰু
মাকুম নগৰৰ চানমাৰিৰপৰা চীনাপট্টি (মাকুম থানা) পথলৈ পদযাত্রাত অংশগ্ৰহণ কৰে। কংগ্ৰেছক তেওঁলোকৰ অপশাসনৰ বাবে সমালোচনা কৰি সৰ্বানন্দ সোণোৱালে লগতে কয় বাৰে বাৰে কংগ্ৰেছ চৰকাৰ শাসনত থকাৰ পাছতো ব্যাপক দুৰ্নীতিৰ ফলত ৰাইজৰ ওচৰলৈ কল্যাণমূলক লাভালাভ যোৱা নাছিল। কংগ্ৰেছে জনসাধাৰণৰ জীৱনৰ মানৰ সৈতে আপোচ কৰিছিল। কংগ্ৰেছৰ শাসনকালত চলি থকা ব্যাপক দুৰ্নীতি আঁতৰ কৰাৰ বাবে মোদীয়ে জন ধন যোজনাৰ অধীনত চাহ বাগিচা অঞ্চলৰ লোকসকলৰ বাবে বেংক একাউণ্টৰ ব্যৱস্থা কৰিছিল, যাতে সকলো আঁচনিৰ ধন মধ্যভোগীয়ে পাব নোৱাৰাকৈ হিতাধিকাৰীয়ে লাভ কৰে। মোদী
চৰকাৰৰ এই ১০ বছৰত ২৫ কোটিতকৈও অধিক ভাৰতীয়ক দৰিদ্ৰতাৰ কৱলৰ পৰা উদ্ধাৰ কৰাটো আমাৰ সকলোৰে বাবে গৌৰৱৰ বিষয়। কংগ্ৰেছৰ শাসনকালত এয়া কল্পনাৰো অগোচৰ আছিল, যিয়ে কোনোধৰণৰ পৰিৱৰ্তনকামী পদক্ষেপ অবিহনে কেৱল গৰীবী হাটাও শ্ল’গানহে দি আছিল। অসমীয়াৰ স্বাভিমান ‘ফুলাম গামোছা’ক সমগ্ৰ বিশ্বত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে জনপ্ৰিয় কৰিলে। কংগ্ৰেছ শাসনৰ সময়ত এইবোৰ আমাৰ বাবে ভাবিব নোৱাৰা কথা আছিল।’ অসমত কংগ্ৰেছ সমৰ্থিত মিত্ৰজোটক সমালোচনা কৰি সোণোৱালে কয় ন্যস্ত স্বাৰ্থ সিদ্ধিৰ বাবে ৰাজনীতিৰ পথাৰত নমা কোনো ৰাজনৈতিক নেতাৰ শ্ৰুতলিপি মই
নলওঁ। কংগ্ৰেছৰ হাত তথাকথিত জাতীয়তাবাদী নেতাৰ বাবে আশীৰ্বাদ। অসমৰ ৰাইজৰ বাবে ই অভিশাপ হৈ পৰিব। বিজেপি চৰকাৰৰ সুশাসনৰ কথা উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত ভাৰতত বিগত ১০ বছৰত উন্নয়নৰ অভূতপূৰ্ব নৱজাগৰণৰ সূচনা হৈছে, যাৰদ্বাৰা দেশৰ সকলো প্ৰান্তৰ গাঁওসমূহো যথেষ্ট উপকৃত হৈছে। মোদী চৰকাৰে ৰূপায়ণ কৰা বিভিন্ন কল্যাণমূলক আঁচনিৰ জৰিয়তে নগৰীয়া অঞ্চলৰ সমানেই গাঁও অঞ্চলৰ জনগণে প্ৰগতিৰ এক নতুন যুগৰ সাক্ষী হৈছে। মোদীৰ অক্লান্ত প্ৰচেষ্টা আৰু দক্ষ নেতৃত্বৰ বাবে ভাৰতৰ জনসাধাৰণে উন্নয়নৰ সুফল দুৱাৰডলিলৈ লাভ কৰিছে।
কংগ্ৰেছ চৰকাৰৰ ষাঠি বছৰীয়া অন্ধকাৰ যুগৰ বিপৰীতে এতিয়া দেশত উজ্জ্বল যুগৰ সূচনা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত আমাৰ দেশখনে চলিত এই অমৃতকাল অৰ্থাৎ ২০৪৭ চনৰ ভিতৰত আত্মনিৰ্ভৰ ভাৰতৰ দৃষ্টিভংগী বাস্তৱায়িত কৰাৰ দিশত আত্মবিশ্বাসেৰে আগবাঢ়িছে। বিগত ১০ বছৰত মোদীজীয়ে কৰা নিৰন্তৰ প্ৰচেষ্টাৰ ফলত দৰিদ্ৰ শ্ৰেণী, মহিলাসকলৰ লগতে কৃষকসকল আৰু যুৱচামৰ বিশেষ কল্যাণ সাধন হৈছে। আমি জনসাধাৰণৰ কল্যাণৰ এই যাত্ৰা শক্তিশালী ৰূপত আগুৱাই নিবলৈ দৃঢ় প্ৰতিশ্ৰুতিবদ্ধ। প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ অধীনত প্ৰায় ৮০ কোটি লোকে বিনামূলীয়া খাদ্য লাভ
কৰে। দুৰ্নীতি আঁতৰ কৰিবলৈ, ‘এক ৰাষ্ট্ৰ, এক ৰেচন কাৰ্ড’ কাৰ্যকৰী কৰা হৈছে। গ্ৰামাঞ্চলত দৰিদ্ৰতা ৩২.৫৯%ৰ পৰা ১৯.২৮%লৈ দ্ৰুতগতিত হ্ৰাস কৰা হৈছে। এই সকলো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ চৰকাৰে ৰূপায়ণ কৰা দূৰদৰ্শী নীতিৰ ফচল, যি ‘সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস, সবকা প্ৰয়াস’ৰ দৃষ্টিভংগীৰ দ্বাৰা পৰিচালিত। প্ৰধানমন্ত্ৰী আৱাস যোজনা, পিএম কিষাণ, প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা, জন ধন যোজনা, স্কিল ইণ্ডিয়া, মেক ইন ইণ্ডিয়া, ষ্টাৰ্ট-আপ্ ইণ্ডিয়া, ডিজিটেল ইণ্ডিয়া, উজ্জ্বলা যোজনা, আয়ুষ্মান ভাৰত, স্বচ্ছ ভাৰত অভিযান, জল জীৱন, স্বচ্ছ ভাৰত অভিযান আদি অনেক কল্যাণকামী আঁচনিৰ জৰিয়তে চৰকাৰে বিগত ১০ বছৰত ভাৰতৰ উন্নয়নৰ ৰূপৰেখা সলনি কৰি
এক নৱজাগৰণৰ সৃষ্টি কৰিছে। বিজেপি চৰকাৰে অসমৰ ২২,০০০ খন গাঁও আৰু ৮০০ খন চাহ বাগিচাত পথ নিৰ্মাণ কৰিছিল৷ আজিৰ সভাত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে উপস্থিত থাকে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, শদিয়া সমষ্টিৰ বিধায়ক বলীন চেতিয়া, পুলক গোহাঁই, মুলেণ্ড মৰাণ, অৰুণ জ্যোতি মৰাণ, কৃষ্ণকান্ত বৰা প্ৰমুখ্যে দলীয় সতীৰ্থ আৰু বিষয়ববীয়াসকল।