ashomiyapatrika.com

বকোৰ ১নং আৰু ২নং দিলিঙ্গা আঞ্চলিক সুৱৰী উৎসৱৰ ৰূপালী জয়ন্তী বৰ্ষৰ বিশাল প্ৰস্তুতি

0 42

বকোঃ অসমীয়া লোক ক’লা সংস্কৃতিৰ গতি ধাৰা আৰু ধৰ্মীয় ভাৱনা সাৱলীলভাৱে পৰিবেশন কৰা সামাজিক অনুষ্ঠান কামৰূপ জিলাৰ বকোৰ ১নং আৰু ২নং দিলিঙ্গা আঞ্চলিক সুৱৰী উৎসৱ উদযাপন সমিতিৰ এই বেলি ৰূপালী জয়ন্তী বৰ্ষ।দিলিঙ্গা আঞ্চলিক সুৱৰী উৎসৱ উদযাপন সমিতিৰ সভাপতি মাধৱ দাস ; সাধাৰণ সম্পাদক মুণিন্দ্ৰ আৰু সহকাৰী সম্পাদক পবিত্ৰ কুমাৰ দাসে জনোৱা মতে বকোৰ দিলিঙ্গা আঞ্চলিক সুৱৰী উৎসৱ উদযাপন সমিতিৰ উপদেষ্টা ; কাৰ্য্যনিৰ্বাহক আৰু শুভাকাংশীৰ সহযোগত আয়োজন কৰা হয় সুৱৰী উৎসৱৰ বৰ্ণাঢ্য অনুষ্ঠান। ইফালে প্ৰতি বছৰে ৬ ব’হাগ অৰ্থাৎ সাত বিহুৰ দিনা উদযাপন কৰা হয় ১ নং আৰু

২ নং দিলিঙ্গাৰ সুৱৰী উৎসৱ। এই বেলি দিলিঙ্গা আঞ্চলিক সুৱৰী উৎসৱ উদযাপন সমিতিৰ উদ্যোগত ২৫ সংখ্যক বৰ্ষৰ ৰূপালী জয়ন্তী উৎসৱ আয়োজনৰ প্ৰস্তুতি চলিছে। দিলিঙ্গাৰ সুৱৰী উৎসৱ আয়োজন স্থলীত তীব্ৰ গতিত চলিছে যাৱতীয় জা-যোগাৰ।১ নং আৰু ২ নং দিলিঙ্গা আঞ্চলিক সুৱৰী উৎসৱ পৰিচালনা তথা অভ্যৰ্থনা সমিতিৰ সভাপতি জগত ৰাভা আৰু সম্পাদক নাৰায়ণ মেধিয়ে জনোৱা মতে ; ইতিমধ্যে সুৱৰী উৎসৱৰ বাবে কেৱাখনো গোঁসাই থান ; ধৰ্মীয় ৰাইজ ; বহু বিশিষ্ট ব্যক্তিত্বৰ লোক আৰু আই মাতৃ বাপ বান্ধৱ আদিক নিমন্ত্ৰণ জনোৱা হৈছে। ইফালে সুৱৰী আয়োজন স্থলীত মঞ্চ ; ৰভা আৰু গোসাঁইৰ স্থান তথা বিভিন্ন খেল ধেমালিৰ বাবে মণ্ডপ স্থান ঠিক কৰা হৈছে। ইফালে ৰূপালী জয়ন্তী বৰ্ষ উদযাপনৰ লগত সংগতি ৰাখি আলোচনা চক্ৰ আৰু স্মৰণিকা প্ৰকাশৰ দিহা কৰা হৈছে বুলি জানিব দিয়ে আয়োজক সমিতিয়ে।

Leave A Reply

Your email address will not be published.