বিজেপি প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিলত উপস্থিত থাকিব মুখ্যমন্ত্ৰীসহ মিত্ৰজোটৰ তিনিওটা দলৰ সভাপতি
গুৱাহাটীঃ ৰাজ্যিকৰ পৰা জিলালৈ, বুথৰ পৰা মণ্ডললৈ প্ৰতিজন ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাই সমাগত লোকসভা নিৰ্বাচনত প্ৰাৰ্থী সকলৰ বিজয় সু নিশ্চিত কৰাবলৈ দিন-ৰাতি একাকাৰ কৰি দলীয় কাৰ্যক্ৰম অব্যাহত ৰাখিছে। ইতিমধ্যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মায়ো দলীয় কাৰ্যকৰ্তা সকলৰ লগতে মিত্ৰজোটৰ লগত কেইবাখনো বৈঠকত অংশগ্ৰহণ কৰি সকলোৰে মনোবল অধিক বৃদ্ধি কৰি তুলিছে। দলৰ মুখ্য কাৰ্যালয়ৰ পৰা প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত এই কথা সদৰী কৰি মুখ্যমন্ত্ৰী ৰাজনৈতিক সচিব তথা নিৰ্বাচন প্ৰবন্ধন সমিতিৰ আহ্বায়ক পবিত্ৰ মাৰ্ঘেৰিটাই কয় যে, আগন্তুক দুটা দিনত ভাৰতীয় জনতা পাৰ্টিৰ পাঁচ জনকৈ প্ৰাৰ্থীয়ে নিজ নিজ
সদৰত নিৰ্বাচনী মনোনয়ন পত্ৰ দাখিল কৰিব। অহা ২৬ মাৰ্চত ডিব্ৰুগড় সমষ্টিৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল আৰু লখিমপুৰ সমষ্টিৰ প্ৰাৰ্থী প্ৰদান বৰুৱা আৰু ২৭ মাৰ্চত যোৰহাট সমষ্টিৰ প্ৰাৰ্থী তপন কুমাৰ গগৈ, কাজিৰঙা সমষ্টিৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাচা, তেজপুৰ সমষ্টিৰ প্ৰাৰ্থী ৰঞ্জিত দত্তই জিলা আয়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈ নিৰ্বাচনী মনোনয়ন পত্ৰ দাখিল কৰিব। এই কাৰ্যক্ৰমত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ লগতে অসম গণ পৰিষদৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, ইউ পি পি এলৰ সভাপতি প্ৰমোদ বড়ো, স্থানীয় বিধায়কসকলৰ লগতে দলীয় কাৰ্যকৰ্তা
সকল উপস্থিত থাকিব। আনহাতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি নিশা ৰাজ্যিক বিজেপিৰ প্ৰাক্তন সভাপতি তথা লোকসভা নিৰ্বাচনৰ তেজপুৰ সমষ্টিৰ প্ৰাৰ্থী ৰঞ্জিত দত্তৰ সৈতে বিশেষ বৈঠকত অংশগ্ৰহণ কৰাৰ লগতে নৈশ আহাৰো গ্ৰহণ কৰিব।